পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যি কামতে ঈশ্বৰ পুৰুষে লগাইছিল তাকে কৰিছিলোঁ। আকালত সত্ৰৰ উৎপন্ন ধান-চাউল, টকা কৰিও ঠায়ে ঠায়ে মানুহক ঈশ্বৰ পুৰুষৰ আজ্ঞামতে দি সহায় কৰিছিলোঁ। ডাঙৰীয়া! এইবিলাকৰ উপৰিনো মই আৰু কি কৰিব পাৰিলোহেঁতেন? মোৰ শক্তিয়েই বা কিমান— বিদ্যাই বা কিমান?"

 নিৰ্ম্মল আতৈৰ এই কথাত ডাঙৰীয়াজনে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি নিৰ্ম্মল আতৈত ক্ষমা আৰু বিদায় মাগি পিছদিনা ৺যাদৱৰায়, ঈশ্বৰ পুৰুষ আৰু সমূহ বৈষ্ণৱক সেৱা-সৎকাৰ কৰি ডাঙৰীয়াজন সত্ৰৰ পৰা নিজ ঘৰলৈ উলটিল।


সামৰণি

 তিনি বছৰৰ মূৰত ডাঙৰীয়াজন আকৌ সত্ৰলৈ এবাৰ গৈছিল। তাত গৈ এইবাৰ নিৰ্ম্মল ভকতক নাপাই ভকতৰ কথা সোধোতে ঈশ্বৰ পুৰুষে আৰু ভকতসকলে ক'লে যে "আজি প্ৰায় বছৰেক হ'ল নিৰ্ম্মল আতৈ বৈকুণ্ঠী হৈছে।" ডাঙৰীয়াজনে এই কথা শুনি প্ৰভু শুভদেৱ ঈশ্বৰ পুৰুষক জনালে—"প্ৰভু জগন্নাথ! নিৰ্ম্মল আতৈৰ বৈকুণ্ঠপ্ৰয়াণৰ বিৱৰণটো দাসে জানিব খোজে।" প্ৰভু জগন্নাথে চকু চলচলীয়া কৰি ক'লে—"কি ক'ম মোৰ নিৰ্ম্মল আতৈৰ মহিমা। তেওঁ চলিবৰে পৰা আমাৰ সত্ৰৰ যেন ধৰণী এটাহে গ'ল। তেওঁৰ বয়স এশৰ ওপৰ হ'লেও সদায় সেই নিয়মত গা-ধোৱা, নিয়মমতে প্ৰসঙ্গ কৰা সকলো কামকে কৰিছিল। আন কি বৈকুণ্ঠী হ'বৰ দিনাও পুৱাৰে পৰা মই ভোজন কৰি উঠালৈকে সমস্ত কাম কৰিছিল। পিছত সেইদিনা মই আৰু সমূহ বৈষ্ণৱে ভোজনাদি কৰি জিৰাইছিলোঁ; এনেতে নিৰ্ম্মল আতৈৰ বহাৰ পৰা মোলৈ খবৰ আহিল যে নিৰ্ম্মল আতৈয়ে মোক দেখা কৰিব খোজে। মই ক'লো—"নিৰ্ম্মল আতৈ মোৰ ইয়ালৈকে আহক বাৰু।" ভকতজনে ক'লে—"নহয় প্ৰভু! আতৈয়ে থিয় হ'ব নোৱাৰে বুলি কৈছে। তেওঁ আজি প্ৰসঙ্গ কৰি আহিবৰে পৰা তেওঁৰ বহাৰ আগৰ চোতালত থকা তুলসীৰ গুৰিতে বহি আছে। শ্ৰীচৰণক তাতে দেখা পাব খুজিছে।" এই কথাত মই ল'ৰালৰিকৈ গৈ সুধিলো—"আতৈ! কেলেই মোক মাতিলা?" নিৰ্ম্মলে ক'লে—"প্ৰভু জগন্নাথ! দাসক এফেৰা পাদোদক দিয়ক, দাসৰ যাবৰ হ'ল।" মই ক'লো—"কি! তোমাৰ যাবৰ হ'লনে? ক'তা,