পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুখত বাধা নিদিওঁ। সেই দেখিহে নিৰ্ম্মল, তোক মই আগেয়ে সেইদৰে উত্তৰ দি আছিলোঁ। কিন্তু তয়ো যে মোক ইমান ভাল পাৱ এইটো মই জনা নাছিলোঁ। যি কি নহওক তোৰ আগত মই মোৰ হৃদয়ৰ গুপুত ধন উলিয়াই দিলোঁ। যদিও উলিয়ালোঁ তাত মোৰ হানি নাই। তই সুখী হ। দেউতাৰে যি কৰিবলৈ কয় তাকে পালন কৰি পুত্ৰৰ কৰ্ত্তব্য কৰ। মোলৈ তই পাহৰি পেলা। পিতৃ-মাতৃ আমাৰ পৰম গুৰু। সেইসকলৰ বাক্যে-বচনে আমাৰ চলা উচিত নহয় জানো?" মই—"ৰূপহী! ৰূপহী! মই এই জনমত আন কাকো বিয়া নকৰাওঁ। তোকেহে বিয়া কৰাম। মোৰ দেউতাই মোৰ কথা নুশুনে। আন ঠাইত যেতিয়াই জোৰণ দিলে তেতিয়াই মোৰ আৰু একো উপায় নোহোৱা হ'ল। মই এটা উপায় স্থিৰ কৰিছোঁ, সেইটো এই—তোk মই আজি ভাওনাৰ পৰা পলুৱাই নিব খোজোঁ। আমি দুয়ো পলাই সন্দিকৈ গাঁৱলৈ যাওঁ ব'ল। তাত মোৰ মাহী এগৰাকী আছে। তেওঁ মোৰ আইৰ নিজা ভনীয়েক। তেওঁৰ আশ্ৰy লমগৈ। আমি পলাই গৈ তাত বিয়াখন পাতিব পাৰিলেই শেষত মাহীৰ বুজনিত দেউতাই মোলৈ খং এৰিব। সিঘৰকো দেউতাই বুজনি দিব পাৰিব যে তেওঁ নিৰুপায়, মই পঘা-খোৱা দগধাই তেওঁৰ সকলো কথা মাটি কৰিলোঁ। শেহত আমাৰ দুয়োঘৰ মিলা-প্ৰীতিৰে সুখেৰে থাকিম। ক, ৰূপহী! আজি তই মোৰ লগত পলাই যাবিনে?" ৰূপহী—"প্ৰিয় নিৰ্ম্মল! আই-বোপাইক এৰি পলাই যোৱাটো বেয়া কথা। কিন্তু তই যিদৰে কৈছ, সেইদৰে হ'লে মোৰ ওজৰ-আপত্তি একো নাই।" এই কথা-বতৰাৰ পিছত আমিও ভাওনা চাবলৈ গলোঁ আৰু ভাওনা ভাঙো ভাঙো হোৱাৰ অলপ আগখিনিত পুৱতি নিশা হওঁতেই দুয়ো জাঁজীমুখৰ সন্দিকৈ গাঁৱলৈ পলাই গৈ মাহীৰ ঘৰ পালোঁ।


ষষ্ঠ অধ্যায়

 মাহীৰ ইহ সংসাৰত কেৱে নাছিল। তেওঁ পতি-পুত্ৰবিহীনা। এসময়ত তেওঁৰ বৈ যোৱা গৃ্হস্থী আছিল, কিন্তু নিয়তিৰ চকৰিত পৰি তেওঁ আজি পতি-পুত্ৰ বিহীনা। মানৰ প্ৰথম আক্ৰমণত তেওঁৰ গিৰিয়েক বুঢ়াগোঁহাইৰ ফৈদে সৈতে লগ লাগি মানৰ লগত ৰণ দি সেই ৰণতে মৰিছিইল। মান উলটি যোৱাৰ দুবছৰৰ পাছত পতি-পুত্ৰ, তেওঁৰ একেটি তিনিবছৰীয়া ল'ৰাও