পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আঙঠিৰ হীৰা চেলেকি মৰিল। কেৱে কয় তেওঁ বিষ খাই মৰিল। কেৱে কয় তেওঁৰ আগৰে পৰা শৰীৰ অসুস্থ আছিল, তাতে যেতিয়াই আমাৰ পৰাজয় আৰু পুত্ৰ চন্দ্ৰ গোহাঁইৰ মৃত্যুৰ বাতৰি শুনিলে তেতিয়াই মনৰ দুখতে তেওঁৰ ইচ্ছামৃত্যু হ'ল।


একাদশ অধ্যায়

 ডাঙৰীয়া! মই আগেয়ে কৈছোঁ সেই সময়ত মই একৈশ বছৰীয়া। যদিও আমি বুঢ়াগোহাঁইৰ ফৈদৰ আছিলোঁ; তথাপি নগৰৰপৰা আঁতৰত থকাৰ বাবে ঈশ্বৰৰ ইচ্ছাত আমাৰ গাঁৱৰ হৈ মুঠেই এজন যুঁজত মৰাত বাজে আন বিশেষ ক্ষত নোহোৱাত আমি ভাবিছিলোঁ আপদ আঁতৰি গ'ল, ৰক্ষা পৰিলোঁ। কিন্তু ডাঙৰীয়া সিটি নহ'ল। মানক বৰাই-বুজাই হেনো আইদেউক বৰ্ম্মা ৰজালৈ দি খেদোৱাৰ পিছত, দেশত বদন বৰফুকনেই এইবাৰ এদনীয়া অধিপতি হ'ল। ক্ষমতা বঢ়াৰ লগে লগে তেৱোঁ হেনো মহা অত্যাচাৰী হৈ উঠিল। মান আনি দেশ নষ্ট কৰাৰ বাবে বিষয়াসকল বিশেষকৈ ৰাজমাও দেউতা তেওঁৰ ওপৰত বৰ অসন্তুষ্ট হৈছিল। তাতে যেতিয়াই বৰফুকনে বুঢ়াগোহাঁইৰ ফৈদৰ মানুহবিলাকক বিশেষকৈ অত্যাচাৰ কৰিব ধৰিলে তেতিয়াই বুঢ়াগোহাঁইৰ মৃত্যুৰ পোটক তুলিবলৈ ৰাজমাও দেউতাই তলে তলে চক্ৰান্ত কৰি ৰূপ সিং নামেৰে হিন্দুস্থানী চিপাহী এটাৰ হতুৱাই নিৰস্ত্ৰ হৈ শৌচ কৰিবলৈ যাওঁতে বাটতে ধৰি বদনচন্দ্ৰক বধ কৰোৱালে। বদনক বধ কৰাৰ লগে লগে বৰফুকনৰ ফৈদ হীনপ্ৰভ হলেও ৰজা তলে তলে বৰফুকনৰ ফলীয়া আছিল। সেইদেখি ৰাজমাও দেউতাই বুঢ়াগোহাঁইৰ পুতেক ৰুচিনাথ বুঢ়াগোহাঁই ডাঙৰীয়াক নগৰলৈ মাতি পঠোৱাতো তেওঁ নাহি চিলামাৰিত ভাগি থকা ৰাজেশ্বৰ সিংহৰ বংশৰ পুৰন্দৰসিংহ কোঁৱৰক ৰজা পাতিবৰ মনেৰে তেওঁক ৰংপুৰলৈ লৈ আহিলগৈ। এই বাতৰি পাই চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে ভয়তে লুকু ডেকাফুকনক নগৰ গতাই দি পলাই গ'ল। যথাসময়ত ডেকাফুকনক লগত ৰুচিনাথ বুঢ়াগোহাঁইৰ এখান চুৰচুৰীয়া ৰণ হ'ল। এই ৰণত ডেকাফুকন মৰিল। পিছে ৰুচিনাথ ডাঙৰীয়াই সকলোৰে সন্মতিক্ৰমে ১৭৩৮ শকত পুৰন্দৰ সিংহ কোঁৱৰক যুৱৰাজ পাতি