পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


প্ৰথম অধ্যায়

 ১৮১০ শক। দক্ষিণপাট সত্ৰৰ নিৰ্ম্মল আতৈ এজন উদাসীন ভকত। বয়স এশ কি তাতোকৈ দুই চাৰি বছৰ বেছি হ'লেও কম নহয়। যদিও ইমান বৃদ্ধ তথাপি আতৈৰ চলন-ফুৰণ-শক্তি এতিয়াও অটুট। দোক্‌মোকালিতে উঠি আতৈয়ে ব্ৰহ্মপুত্ৰত গা ধুই আহি হাতত এডাল লাখুটি লৈ সত্ৰৰ নামঘৰ আৰু মণিকূট প্ৰদক্ষিণ কৰিবলৈ ধৰিছে। লাখুটিত ভৰ দি লাহে লাহে খোজ কঢ়াৰ লগে লগে আতৈয়ে প্ৰফুল্ল মনেৰে, শুৱলা মাতেৰে আৰু মিঠা সুৰেৰে গায়—

পতিত পাৱন জানি নাৰায়ণ
  তোমাতে লৈলোঁ শৰণ।
পতিত তাৰিয়ো চৰণে ৰাখিয়ো
  মোকেহে পতিত পাৱন।।
মিছা মায়া মোহে পৰিয়া যাদৱ
  মই পাপী তললৈ গৈলোঁ।
মনুষ্য জনম ধৰিয়া যাদৱ
  তোমাৰে নাম নলৈলোঁ।।
এই জনমৰ সৰ্ব অপৰাধ
  মৰষিবা দয়াময়।।
চৰণে ধৰিয়া কাকূতি কৰিছোঁ
  কৰা কৃপা কৃপাময়।।

সাতবাৰ ৺যাদৱৰায়ৰ স্থান প্ৰদক্ষিণ কৰি আতৈয়ে নামঘৰৰ সমুখত অষ্টাঙ্গে প্ৰণিপাত কৰি বহালৈ আহিল আৰু তাত তুলসীৰ মালা এধাৰি উলিয়াই জপিবলৈ ধৰিলে। তেওঁ ওচৰতে এজন ভাল মানুহ বহি আন দুজন ভকতৰে সৈতে কথা-বতৰা পাতিছে আৰু মাজে মাজে আতৈৰ ফালে