পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম অধ্যায়

 চ'ত মাহ। পূৰ্ণিমাৰ নিশা। মোৰ বয়স একুৰি, ৰূপহীৰ পোন্ধৰ। আজি আমি গধূলিতে খাই-বৈ ওলাইছোঁ। আজি আমাৰ নামঘৰত কংসবধ ভাওনা। সেই ভাওনা চাবলৈ আমি ডেকা-গাভৰু আটাইবিলাক উত্ৰাৱল। আমাৰ ঘৰৰ আৰু ৰূপহীৰ ঘৰৰো আটাইবিলাক ওলাইছে। দেউতা বৰমেধি। তেওঁৰ গাতে ভাওনাৰ গোটেইটো ভাৰ। মোক সেই ভাওনাত ৰাইজে এটা ভাও লবলৈ ধৰিছিল; কিন্তু "মই আগে-পাছে ভাওনাত উঠা নাই, গা ভাল নহয়" ইত্যাদি নানা আপত্তি দেখুৱাই ৰক্ষা পৰিছিলোঁ। মোৰ মনত যিখন ভাওনা ভাওনা খেলিছিল ডাঙৰীয়া! সেইখনৰ উৎপাততে তত নাছিল, আকৌ আন এটা ভাওনো কেনেকৈ লওঁ? বোপাই সবাতোকৈ আগেয়ে নামঘৰলৈ গ'ল। কিয়নো তেখেতে সকলো বস্তুৰে যোগাৰ কৰিব লাগে। সকলো কথাৰে দিহা-মেলা লগাব লাগে। বোপাইৰ লগতে মোৰ সৰু ভাই দুটাও গ'ল। ঘৰত ময়ে আৰু আয়ে। ৰূপহীৰ ঘৰৰো অকল ৰূপহীত বাজে ৰূপহীৰ মাক-বাপেক সকলোটি গৈছিল; অকল ৰূপহীয়েই "মোৰ গা অসুখ, অলপ পিছত যাম" বুলি কৈ তাইৰ সৰু ভায়েকটোক ৰাখি পিছ পৰি ৰৈছিল। পিছ পৰি ৰোৱাৰ উদ্দেশ্য মই দিনতে ছেগ বুজি কৈ থোৱা মতে তাই মোক অকলৈ লগ ধৰাটোৱেই। বোপাই ঘৰত নাই। ৰূপহীৰ মাক-বাপেকো গৈছে। সুন্দৰ জোনাক ৰাতি। মোৰ সুযোগ মিলিল। মই সিহঁতৰ ঘৰলৈ গৈ ৰূপহীক মাত লগালোঁ। তাই ওলাই আহি মোক পিৰালিত বহিবলৈ দি সুধিলে—"নিৰ্ম্মল! কি কথানো কব খুজিছিলি কচোন!" মই—"ৰূপহী! তই শুনা নাইনে বোপায়ে মোলৈ ছোৱালী খুজিছে।"

 ৰূপহী—"শুনিছোঁ। ভাল হৈছে, তোৰ বিয়া হ'ব; আমি কাৰবাৰ কৰিম। নাম গাম। জলপান খাম। ন-ছোৱালী দেখিম।" মই—"ৰূপহী! মোৰ আনেৰে সৈতে বিয়া হলে ভাল পাৱনে?" ৰূপহী—"পামতো, কেলেইনো নাপাম?" মই--"ৰূপহী! তই সঁচাকৈয়ে কৈছনে?" ৰূপহী—"সঁচাকৈয়ে নকৈনো আৰু মিছাকৈ কৈছোঁনে? তোৰ ঘৰ-গৃহস্থালি হ'ব, তই সুখী হবি। তোক সুখী হোৱা দেখিলে মই বৰ সুখ পাম।" মই—"ৰূপহী! তেন্তে তই মোক ভাল নেপাৱ হবলা?" ৰূপহী—"তোক ভাল পাওঁ বুলিয়েতো তোৰ সুখত সুখী হ'ম। সৰুৰে পৰা তোৰে সৈতে উমলিছোঁ,