পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোমাৰ দেখোন বেমাৰ-আজাৰ হোৱা নাছিল।" আতৈয়ে ক'লে—"প্ৰভু! আদেশ হৈছে। সৌৱা মই ৰথ এখন দেখিছোঁ। এফেৰা পাদোদক দিয়ক।" এই কথাত মই মন্দিৰৰ পৰা অনাই ৺যাদৱৰায়ৰ চৰণামৃত দিলোঁ। তাকে খাই মোৰ পাদোদক শিৰত লৈ আতৈয়ে ক্ষীণ কণ্ঠেৰে গালে—

পৰম সুন্দৰ    শ্যাম কলেৱৰ
  ৰূপে কোটী কাম প্ৰায়।
যেন কোটি শশী    আচন্ত প্ৰকাশি
  মধুৰ মূৰ্ত্তি সদায়।।
কিৰীটি মুকুট    চূড়ামণি যত
  শিৰত কৰে প্ৰকাশ।
কপালে অলকা    ৰত্নৰ তিলকা
  মুখে পদ্মচাৰু হাস।।
কমল নয়ন    সুন্দৰ বয়ন
  অধৰ অৰুণ কান্তি।
ভ্ৰূৱ কামচাপ    মধুৰ আলাপ
  কুণ্ড কৰি দন্ত পান্তি।।

 এই শুৱলা গীতটো গায়েই আকৌ গালে—"বৈকুণ্ঠৰে ৰথ নামি আহা ঐ নামি আহা" এই বুলি কৈয়েই আতৈয়ে তৎক্ষণাৎ বহি বহিয়েই প্ৰাণবায়ু তেজিলে। যেনেকৈ বহি আছিল তেনেকৈয়ে ৰ'ল; কেৱল মাথোন মূৰটো সোঁফালে হালি পৰিল। ডাঙৰীয়া! মই আজিলৈকে এনেকুৱা সিদ্ধ ভকত মুক্ত পুৰুষ দেখা নাই।" এইবুলি ঈশ্বৰ পুৰুষ আৰু আন আন ভকতসকলে চকু চলচলীয়া কৰিলে। তাৰ পিছতে ঈশ্বৰ পুৰুষে আমাক ক'লে—"আমি ভকত লগোৱাই অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ শৱটো পঠালো, কিন্তু কি আচৰিত! বাটতে সেইদিনা সিফালে বোকাখাটৰ পৰা বুঢ়া-বুঢ়ী অনিৰাম-ৰূপহীও সত্ৰলৈ আহোঁতে শৱটো লগ পাই সবিশেষ তেতিয়াহে ভকতসকলৰ পৰা জানিলে যে সেই শৱটো নিৰ্ম্মল ভকতৰ— ৰূপহীৰ প্ৰথম পক্ষৰ গিৰিয়েকৰ। ৰূপহী আৰু অনিৰামে ভকতসকলে কোৱা বৃত্তান্তৰ পৰা বেছকৈ বুজিলে যে তেওঁবিলাকক সুখী ৰাখিবলৈ বীৰশ্ৰেষ্ঠ নিৰ্ম্মল আতৈয়ে এনেকুৱা ঘোৰ স্বাৰ্থকো ত্যাগ কৰিছিল। জীয়াই থাকিও তেওঁলোকক ধৰা নিদিলে— পৰিচয় নিদিলে। ৰূপহীয়ে বুজিলে তেওঁৰ প্ৰথম পক্ষৰ স্বামী কি প্ৰেমিক! কি উদাস! কি মহান। ৰূপহী-অনিৰাম উভয়ে কান্দিলে। চকুৰ লো টুকি