পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেইবাৰ দুৰ্গাপূজাৰ সময়ত হেন বুঢ়াগোহাঁয়ে নিজ হাতে এটা কিংখাপৰ চোলা তৈয়াৰ কৰি ৰজাক পিন্ধিবলৈ দিছিল। ৰজাই সেই চোলা পিন্ধি ষষ্ঠীৰ দিনা দেৱী-সেৱা কৰিবলৈ যোৱাৰ কথা আছিল। বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই তিনিওজনে ৰজাক দৰ্শন পাবৰ অভিলাষে চণ্ডী-মণ্ডপত ৰৈ আছিল। সময় পৰত হেনো ৰজাই সেই চোলা পিন্ধাই সৎৰামক চণ্ডী-মণ্ডপলৈ পঠাই দিলে। ডাঙৰীয়া তিনিওজনে সৎৰামকে ৰজা বুলি আঠু লৈ দেখিলে যে ৰজা নহয় সৎৰামহে। তিনিওজনা ডাঙৰীয়া গোট হৈ, ৰজাৰ চ'ৰাঘৰলৈ আহি মেল পাতি ৰজাক সৎৰামৰে সৈতে সেই মেললৈ আহিবলৈ আদেশ কৰি পঠালে।

 ৰজাৰ চ'ৰাত তিনিওজনা ডাঙৰীয়াৰ মেল সেই সময়ত বৰ ডাঙৰ কথা আছিল। সেই মেলত আনকি ৰজাকো ভাঙিব পৰা ক্ষমতা আছিল। ৰজাই শুনি ভয়তে নিজেও নোলাল, সৎৰামকো নপঠালে। ডাঙৰীয়া তিনিজনে হেনো সেই মেলত সৎৰামৰ প্ৰাণদণ্ড বিহি সৎৰামক ধৰি আনিবলৈ আদেশ দিলে। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ তিনিজন পুতেকে গৈ সৎৰামক ৰজাৰ ওচৰৰ পৰা টানি আনিলে। ৰজাই ডাঙৰীয়া তিনিজনক সৎৰামক প্ৰাণে নেমাৰিবলৈ বৰকৈ কাকূতি-মিনতি জনাই পঠালে। ৰজাৰ অনুৰোধ এৰাব নোৱাৰি হেনো ডাঙৰীয়াসকলে সৎৰামৰ প্ৰাণদণ্ডৰ ব্যৱস্থা গুচাই, তাক মূৰ খুৰাই ঘোল ঢলাই পৰ্ব্বতৰ ফাললৈ খেদি পঠালে।

 প্ৰৱাদ আছিল গুৱাহাটীৰ বৰফুকনৰ হেনো পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াৰ সৈতে পেটে পেটে বৰ অৰিভাব আছিল। সৎৰামক নিৰ্ব্বাসন কৰোঁতে বুঢ়াগোহাঁই ডাঙৰীয়াই জানিলে যে গুৱাহাটীয়া বৰফুকনো সৎৰামৰ লগ। মুঠতে কবলৈ গ'লে গুৱাহাটীৰ বৰফুকন, সৎৰাম, ৰজা এই তিনিজনা এফলীয়া আৰু বুঢ়াগোহাঁই ডাঙৰীয়া আৰু ৰাজমাও উভয়ে আনফলীয়া। বুঢ়াগোহাঁয়ে চণ্ডী-মণ্ডপৰ সেই অপমানতে বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই এই দুজনকে তেওঁৰ অভীষ্ট সিদ্ধিৰ নিমিত্তে লগলগাই লবলৈ বৰ সুবিধা পালে। সৎৰামক নিৰ্ব্বাসন কৰি বুঢ়াগোহাঁয়ে তেওঁৰ বিপক্ষৰ সকলো শত্ৰুকে নিপাত কৰিবলৈ ইচ্ছা কৰিলে সেই ইচ্ছা অনুসৰি তেওঁ গুৱাহাটীৰ বৰফুকনক ধৰাই আনিবলৈ তলে তলে কাৰবাৰ কৰিলে। তেওঁৰ বোৱাৰী পিজৌ গাভৰুৱে বুজ পাই তলে তলে বাপেক বৰফুকনলৈ খবৰ পঠালে।