পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু উদাসিনীয়া ভাবত তত নেপালে, শেহত সেই সৰুতে শৰণ লওঁতেই গুৰু ঈশ্বৰৰ পৰা আভাস পোৱা সেই কৃষ্ণৰ ৰূপ চিন্তি, "সইতে কৃষ্ণদেৱ গোপিনীক নেৰিবা, অক্ৰুৰে লৈয়া গল ৰথতে তুলি, গোপিনী কান্দে মোৰ হা কৃষ্ণ বুলি" এনেকুৱা ল'ৰাকালতে শিকা নাম-পদ গাই নিজৰ মনক প্ৰবোধ দিছিলোঁ। বাহিৰে লগ সমনীয়াৰ লগত ঠাট্টা ইয়াৰ্‌কি, এলেগে বন-বাৰী, খৈতি-বাতি কৰি কাল কটাইছিলোঁ। বিশেষকৈ বাঢ়ৈৰ কাম মই ভালকৈ শিকিছিলোঁ। ডাঙৰীয়া! প্ৰায় বাৰ বছৰ কাম মানৰ দেশতে মোৰ এইদৰে গ'ল। মোক বিয়া-বাউৰ নকৰোৱা দেখি লগৰীয়াবিলাকে অনেক সময়তে ৰূপহীৰ গোলাম, ৰূপহীত পগলা এনেকুৱা পেংলাই নামো দিছিল। কেৱে মোক "কেৱলীয়া আতৈ" বুলিও সম্বোধন কৰিছিল। মানহঁতৰ দুই-চাৰিজন বৌদ্ধ পুৰোহিতে মোক বিয়া-বাৰু নকৰোৱা দেখি সিহঁতৰ লগৰে ফিঙ্গুৱা হবলৈকো কৈছিল। মোৰ কিন্তু ডাঙৰীয়া! একোকে ভাল নালাগিছিল। মোৰ মন-প্ৰাণ সমস্ত জননী জন্মভূমি আৰু বাতৃ, ৰূপহী ইত্যাদিৰ চিন্তাত ডুবি আছিল।


চতুৰ্দ্দশ অধ্যায়

১৭৫০ শকত আমাৰ দেশ কোম্পানীয়ে লোৱাৰ পিছত বৰ্ম্মাৰ ৰজাই হেনো ইংৰাজ কোম্পানীৰ সৈতে কৰা সন্ধিত আমাৰ দেশৰ পৰা ধৰি নিয়া বন্দীবিলাকক বিশেষকৈ যিসকলে ইচ্ছা কৰে সেইসকলক আকৌ অসমত ওলোটাই থবলৈ বাধ্য হৈছিল। সেই সন্ধি অনুসৰি মান ৰাই আমাৰ গাঁৱলৈ ত্ৰিশজন ত্ৰিশজন ৰণুৱা পঠাই হুকুম শুনালে যে যাৰ ইচ্ছা হয়, সেইবিলাক বন্দী সেই মানহঁতৰ লগতে অসমলৈ উলটিব পাৰে। আমাৰ যিবিলাক অসমীয়া মানুহে তাতে ঘৰ-গিৰিস্থালি কৰিছিল সেইবিলাকো অসমলৈ উলটিব পাৰে। আমাৰ ডিমাপুৰৰ পৰা আঠ দিনমান হাবিৰ মাজে মাজে খোজ কাঢ়ি কাঢ়ি নাজিৰা পালোঁ। নাজিৰাৰ পৰা ৰংপুৰলৈ আহিলোঁ। বাৰ বছৰৰ মূৰত মাতৃভূমিলৈ আহি, আমাৰ মনত কিমান যে আশা, কিমান আনন্দ হৈছিল তাক কব নোৱাৰোঁ। দুই তিনিদিন হাত ভৰি ভাঙি মই আমাৰ গাঁৱলৈ আহিলোঁ। কিন্তু গাঁৱলৈ আহি যি দেখিলোঁ তাত মোৰ হৃদয় বিদীৰ্ণ হ'ল। আমি এৰি থৈ যোৱা ভৰপূৰ লাহন গাঁও অৰণ্যত পৰিণত। গাঁওখনত এটিও মানুহ নাই। ভঙা ঘৰ, ভঙা দুৱাৰ দুই চাৰিটা পৰি আছে। আগেয়ে যি ডোখৰ আমাৰ গাঁৱলীয়া হাবি আছিল তাত নকৈ গাঁও বহিছে। নৈৰাশ নিৰানন্দ মনেৰে সেই গাঁৱলৈ গলোঁ আৰু তাত মানুহ এঘৰত বহি সুধিলোঁ আগৰ লাহন গাঁওখননো কি হ'ল? মোৰ সেই প্ৰশ্নত সেই ঘৰৰ ঘাই মানুহজনে