পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফাললৈ খোজ ললোঁ। সুখৰ বিষয় যে মোক ৰূপহী আৰু অনিৰামে নিচিনিলে। নিচিনিবৰে কথা। যেতিয়া মই সিহঁতক এৰি যাওঁ তেতিয়া মই পঁচিশ বছৰীয়া ডেকা। এতিয়া মই প্ৰায় চল্লিশ বছৰীয়া আদহীয়া। তেতিয়া মোৰ মুঠেই গোফ ঠুটিয়াইছিল, এতিয়া মোৰ মুখ ডাঢ়ি-গোফে ভৰা। ইয়াৰ উপৰিও সিহঁতে সপোনতো ভবা নাছিল যে মই জীয়াই আছো আৰু মানৰ দেশৰ পৰা উলটি আহিছোঁ। যি কি নহওক ডাঙৰীয়া! ৺যাদৱৰায়ে মোক এইটো বৰ ডাঙৰ পৰীক্ষাত উদ্ধাৰ কৰিলে।


অষ্টাদশ অধ্যায়

 কেলেইনো কান্দিলো, কেলেইনো নিশা টোপনি নাহিল, সেইবিলাক, ডাঙৰীবা! আপুনি বুজিবই পাৰিছে। ডেৰগাঁৱৰ ফাললৈ কেলেই আহিলোঁ কওঁ শুনক। আজি পন্ধৰ বছৰৰ মূৰত মোৰ প্ৰথম যৌৱনৰ প্ৰণয়িনী, বিবাহিতা তিৰোতা ৰূপহীক, মোৰ পুৰণি কথাবোৰ, সোপায়ে মনত পৰিল। কেনেকৈ সৰুতে উমলিছিলোঁ, কেনেকৈ ৰূপহীৰ সৈতে খেলৰ ধেমালিতে বিয়া পাতিছিলোঁ, পিচত কেনেকৈ তাইক ভাল পাই পলুৱাই নিছিলোঁ, মাহীয়ে কিদৰে আমাক মৰম কৰিছিল, কিদৰেনো মাহীৰ সহায়ত তাইক পিতৃ দেৱতাৰ ইচ্ছাৰ বিৰুদ্ধেও বিয়া কৰাইছিলোঁ, মানেৰে সৈতেই বা দেশৰ নিমিত্তে কি দৰে যুঁজি মানৰ হাতত বন্দী হৈছিলোঁ, মানৰ দেশতনো কিদৰে কাল কটাইছিলোঁ, কেনেকুৱা আশা বুকুত বান্ধি মানৰ দেশৰ পৰা উলটিলোঁ, এই সকলোবিলাক মনত পৰিল। ওৰে নিশা ঢাৰি-পাটিত আকৌ সেই মহাপুৰুষ গুৰুৰ ৰচিত "ক্ষুদ্ৰ সুখে বহু আশা কৰি" এই লেছাৰীটোৰ গুৰু-গীতবিলাক গালোঁ। মই ৰূপহীৰ বিষয়ে ভাবি ইয়াকে পালোঁ যে ৰূপহী সুখেৰে আছে। হিন্দুৰ নিয়ম মতে বাৰ বছৰ মোলৈ বাট চাই থাকি মই মৰিলোঁ বুলি সকলোৱে বুজোৱাত আৰু অনিৰামৰ অকৃত্ৰিম প্ৰেমত আব্দধ হৈ তাই তাক বিয়া সোমাই সুখেৰে ঘৰ গৃহস্থী কৰিছে। সুন্দৰ সন্তান তুলিছে। এনেস্থলত চিনাকি দি সমাজত এখন হুলস্থূল লগাই তাইক আৰু অনিৰামক চিৰকাললৈ অসুখী কৰাটো মই অন্যায় আৰু পাপ বুলি ভাবি ল'লো। মোৰতো ইহ সংসাৰত কোনো নাই। আই, ভাই, বোপাই, মাহী সকলোৱে