পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱক "মহাৰাজ পাতিম" বুলি মাতি পঠালে। কিন্তু চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে ৰুচিনাথক বিশ্বাস নকৰিলে। তেওঁ নহাত পুৰন্দৰসিংহই ১৭৩৯ শকত ৰজা হ'ল।

 ৰুচিনাথ বুঢ়াগোহাঁয়ে যদিও চন্দ্ৰকান্তসিংহক একো নকৰিলে তথাপি তেওঁৰ ভাতৃ মৰঙিখোৱা গোহাঁয়ে পূৰ্ব্বৰ শত্ৰুতা মনত ৰাখি ছল-চক্ৰান্ত কৰি আগলৈ ৰজা হ'ব নোৱাৰাকৈ চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ কাণ এখনত ঘুণ লগালে। এই ব্যৱহাৰত চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে মৰ্ম্মান্তিক বেজাৰ পাই এই অপমানৰ প্ৰতিশোধ লবৰ মনেৰে আকৌ গোপনে বৰফুকনৰ ফৈদৰ মানুহ কেইজনমানক আকৌ মান আনিবলৈ পঠালে। মান ৰজাই বদন বৰফুকনক অন্যায়কৈ মৰোৱা বাতৰি পাই এইবাৰ ত্ৰিশ হেজাৰ মান সেনা লগত দি আলুমিঙ্গি নামে সেনাপতি এজনক ১৭৪১ শকত অসম আক্ৰমণ কৰিবলৈ পঠালে। সিবাৰ অলপীয়া মান সেনাৰ লগতে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ শিক্ষিত সেনায়ো নোৱাৰিলে, এইবাৰ ত্ৰিশ হেজাৰ মানৰ লগত যুঁজিবলৈ কি সাধ্য! তাতে দেশখন দুফলীয়া হৈ ছাৰ-খাৰ হৈ ৰৈছে! তথাপি মৰণত শৰণ দি ৰুচিনাথ গোহাঁই দেৱে আমাৰ এজাক ৰণুৱা গোটালে। ডাঙৰীয়া! এইখন যুঁজলৈ এই নিঃকিনো গৈছিলো। মানেৰে তয়া-ময়া ৰণ লাগিল। আমাৰ পোন্ধৰ হেজাৰ ৰণুৱা হৈছিল। তথাপি জননী জন্মভূমিৰ নিমিত্তে আমি সকলোটি অসমীয়াই প্ৰাণৰ মায়া বিসৰ্জ্জন দি মানেৰে সৈতে তিনি দিন তয়া-ময়া ৰণ কৰিছিলো। এই নিঃকিনে এই দুখন হাতেৰেই তৰোৱালেৰে তিনিটা মান ৰণুৱা বধ কৰিছিলোঁ। কিন্তু ক'লে কি হব! আমাৰ ভাগ্যত ঈশ্বৰে সুখ লিখা নাছিল। আমাৰ প্ৰায়বিলাক অসমীয়া ৰণুৱাই মানৰ হাতত জীৱন সামৰিলে। কিবা ভাগ্যৰ গুণত এই নিঃকিন আৰু তিনিশ ৰণুৱাৰ মৰণ নহ'ল। মানহঁতে আমাক জীয়াই জীয়াই ধৰি বন্দী কৰিলে; আৰু যুঁজৰ অন্তত সন্ধি হ'লত মানহঁতে আমাক সিহঁতৰ বয়-বস্তু কঢ়িওৱা ভাৰী কৰি আমাক সিহঁতৰ মান দেশলৈ লৈ গ'ল।

 দেখক ডাঙৰীয়া! আমাৰ বিষয়াসকলৰ পৰস্পৰ হিংসাহিংসি, ৰজা-ভঙা, ৰজা-পতা ইত্যাদি খেলি-মেলিয়েই আমাৰ অসম দেশখন খালে। ঘাইকৈ দুৰ্ব্বল ৰজা চন্দ্ৰকান্ত আৰু বৰফুকন বদনচন্দ্ৰ যেনেকৈ এফালে দোষী, আন পক্ষেও ডাঙৰীয়া! নকৈ নোৱাৰোঁ যে পূৰ্ণানন্দ বুঢ়াগোঁহাই আৰু ৰাজমাও এই দুজনাও দোষী। এই দুদলৰ অন্যায়, অবিধি পৰস্পৰ হিংসাহিংসি ভাবেই অসম দেশখন খালে। মোৰ জননী জন্মভূমিৰ মান-মৰাণৰ হাতত দুখ-দুৰ্গতিৰ সীমা নোহোৱা হৈছিল।