পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পৰম সুন্দৰ  শ্যাম কলেৱৰ
ৰূপে কোটি কাম প্ৰায়।
যেন কোটি  শশী আছন্ত প্ৰকাশি
মধুৰ মূৰ্ত্তি সদায়।।
কীৰিটি মুকুট  চূড়ামণি যত
শিৰত কৰে প্ৰকাশ।
কপালে অলকা  ৰত্নৰ তিলকা
মুখে পদ্ম চাৰুহাস
কমল নয়ন  সুচান্দ বয়ান
অধৰ অলকা কান্তি।
ভ্ৰৱ কাম চাপ  মধুৰ আলাপ
দশন মুকুতা পান্তি।।
কৰ্ণে জলমল  মকৰ কুণ্ডল
জলে দুই ৰবি প্ৰায়।
গলে বনমালা  ৰত্নৰ মেখলা
ত্ৰিভঙ্গ ভঙ্গিম বায়।।

 ডাঙৰীয়া! এনেকুৱা ৰূপ দেখিলোঁ! মোৰ প্ৰভুৱে যেন মিচিকি মিচিকি হাঁহি মোলৈ এফেৰা সকৰুণ ভাৱে চায়েই নোহোৱা হ'ল। মোৰ চকুৰে প্ৰেম অশ্ৰু ধাৰাসাৰে বলে। মই সাৰ পাই কান্দিব ধৰিলোঁ। বৰ কাপোৰৰ তলৰ পৰা মূৰ উলিয়াই উঠি বহি কৰাপাটৰ বাহিৰৰ ফালে যে চাওঁ মোৰ পৰা ঠিক দুটাঁৰৰ আঁতৰত প্ৰকাণ্ড এটা ঢেঁকীয়াপতীয়া বাঘ মোৰ ফাললৈ চাই পিছভৰিখন পাৰি আগভৰি দুখনৰ ওপৰত বহি আছে। চকু দুটা টল্‌ টল্‌কৈ জ্বলিছে। জোনৰ পোহৰত গোটেইটো বাঘ তেনেই দেখিলোঁ। ডাঙৰীয়া! মোৰ ভাব হ'ল যে প্ৰভু কৃষ্ণ! সমাজিকত তুমি মোক তোমাৰ মদনমোহন মূৰ্ত্তি দেখুৱালা। এতিয়া সাৰ পালত দিঠকত বাঘ হৈ মোক খাবলৈ আহিছা! তোমাৰ যি ইচ্ছা সেয়ে হক। এই দেহ তোমাৰেই। তোমাতেই অৰ্পণ কৰিছোঁ, তুমি এতিয়া বাঘ হৈ লব পাৰা।" এইদৰে ভাবি ডাঙৰীয়া মই কৃষ্ণৰ সেই মদন মোহন মূৰ্ত্তিটোকে চিন্তিব ধৰিলোঁ। আৰু তাৰ লগে লগে বাঘটোকো এটা নমস্কাৰ কৰিলোঁ। বাঘটোৱে দেখোন মই নমস্কাৰ কৰা মাত্ৰকে দীঘলকৈ হামি এটা মাৰি মূৰটো দোঁৱাই মাটিত লগালে। তাৰ পিছত লাহেকৈ উঠি