পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কি বেছি। দিব পৰাৰ পৰা জিতেন্দ্ৰিয় ব্ৰহ্মপৰায়ণ বামুণে এশ ছকুৰিও এটা পৰাচিতত লব পাৰে। নোৱাৰাৰ পৰা ফুল এটি, তামোল এখন লৈও কৰি। কাজে কাজে এই অনুষ্ঠানক একেবাৰে বামুণৰ স্বাৰ্থসিদ্ধিৰ ফাঁকতিকে বা বুলিম কেনেকৈ?" ডাঙৰীয়াজনে আকৌ সুধিলে "বাৰু আতৈ! আপুনি যে হিন্দুৰ আধ্যাত্মিকতা কৈ চিঞৰিছে অকল হিন্দুৰেহে সেই আধ্যাত্মিকতা আছে আন ধৰ্ম্মৰ নাইনে? আপুনি কেতিয়াও কব নোৱাৰে যে বৌদ্ধ ধৰ্ম্মত, মুচলমান ধৰ্ম্মত, খৃষ্টীয়ান ধৰ্ম্মত আধ্যাত্মিকতা নাই। বৌদ্ধৰ ভিতৰতো, মুচলমানৰ ভিতৰতো মহা মহা যোগী, সাধু, পীৰ, সাধুসকল আছে। হিন্দুৰো যিসকল পৰম সাধু, পৰমহংস পৰম বৈৰাগী সেই সকলো দেখোন কথাই কথাই পৰাচিত নহয়। ইয়াৰ উপৰি হিন্দুৰ আচল মহাত্মা সকলে দেখোন জাতকুল, বৰ্ণাশ্ৰম সমস্ত এৰে। কৰ্ম্মৰ চৰম লক্ষ্য ব্ৰহ্মপ্ৰাপ্তি। এনেস্থলতনো সামান্য পৰাচিতে কিটো উপকাৰ কৰে।" আতৈয়ে ক'লে—"ডাঙৰীয়া! মহাসিদ্ধ বা মহাযোগী হব পাৰিলে তেনেকুৱাজনলৈ পৰাচিতৰ বিধি, বৰ্ণাশ্ৰম বিধি নাই যে সেইটো সঁচা। কিন্তু আমাৰ নিচিনালৈ পৰাচিত হোৱা উচিত। আন ধৰ্ম্মত যে আধ্যত্মিকতা নাই এই কথা কব নোৱাৰোঁ। নিজ চকুৰেই মানৰ দেশত পৰম আধ্যাত্মিক ফুঙ্গিও দেখিছোঁ। কিন্তু তথাপি এইটো নকৈ নোৱাৰোঁ যে আমাৰ সাধাৰণ হিন্দুৰ আধ্যাত্মিকতা যেনেহলেও আমাৰ এটা সুকীয়া বস্তু। আমাৰ নিজস্ব। আমি ইয়াৰ মাজেদিহে ক্ৰমশঃ ওপৰলৈ উঠিব লাগিব। মাছৰ জন্মস্থান আৰু জীয়াই থকা স্থান পানীহে। হৰিণাৰ হাবিহে। মাছও হাবিত নিজীয়ে, হৰিণাও পানীত থাকিব নোৱাৰে। অৱশ্যে মানুহ সকলো জীৱৰে শ্ৰেষ্ঠ, সেইদেখি প্ৰায় সকলো অৱস্থাতে থাকিব পাৰে। কিন্তু হিন্দুৱে হিন্দুৰ আধ্যাত্মিকতা বিচাৰিবলৈ হলে, সহজে সুগমে পাবলৈ হলে, প্ৰৱৰ্ত্তিত অনুষ্ঠানৰ মাজেদিহে যাব লাগিব। আন মাৰ্গেৰে গ'লে হয়তো ঢেৰ খুন্দা কাটল খাব লাগিব। আমাৰ পক্ষে যিটো বাট বেছি বাধা বিঘিনি নাই সেইটো বাটেদিহে যোৱাটো প্ৰশস্ত।

 দ্বিতীয়তঃ যদি ধৰি লোৱা যায় যে পৰাচিতে কোনো আধ্যাত্মিকতা দিব নোৱাৰে, তথাপি যেতিয়াই বিদেশৰ পৰা উলটি আহি পৰাচিত নহলে আমি মৰমৰ আই, বোপাই, ভাই, দেশৰ বন্ধু-বান্ধৱৰ লগ সঙ্গ নেপাওঁ তেতিয়া এই সৎসামান্য খৰচৰ অনুষ্ঠান ফেৰা আচৰণ কৰাতেই বা হানি কি? যদি ধৰা যায়, কোৱা যায় যে "মই কোন পাপ কৰা নাই, অন্যায়