পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাবিৰ ফাললৈ এখোজ দুখোজ কৰি গুচি গ'ল। ঠিক সেই সময়তে ধল ফাট দিলে। কাউৰীয়ে "কা" কৰিলে। এনেতে দেখোন সত্ৰৰ ফালৰ পৰা খৰম পিন্ধি আগত এজন, পিছত এজন শুদা ভৰিৰে কান্ধত গামোছা এখন আৰু চুৰীয়া এখন লোৱা আন এজন আহি মোৰ ওচৰত উপস্থিত হ'ল।


একবিংশ অধ্যায়

 আগত অহাজনে মোৰ ওচৰ চাপিয়ে মাত লগালে—"নিৰ্ম্মল!" মই সুধিলোঁ—"আপুনি কোন?" এনেতে পিছৰজনে মাত লগালে "ই কটা ক'ৰ অ'! ই একো নেজানে? হেৰ কটা!" ঈশ্বৰ পুৰুষে মোক "নিৰ্ম্মল উঠ উঠ" বুলি আদেশ কৰিলে, মই উঠিলোঁ। ঈশ্বৰ পুৰুষে ক'লে—"নিৰ্ম্মল! তোৰ আঁতিগুৰি পূৰ্ব্ব বৃতআন্ত মই সমস্ত জানিছোঁ। তই মোৰ জনাৰ্দ্দন মেধিৰ ঘৰৰ ল'ৰা। মানৰ যুঁজত বন্দী হৈ মানৰ দেশত আছিলিগৈ। এতিয়া তোৰ ইহ সংসাৰত কোনো নাই। তোক কি লাগে?" মই ক'লোঁ—"প্ৰভু জগন্নাথ! পতিত পাৱন! ই পতিতক প্ৰভুৰ চৰণছত্ৰৰ ছায়া লাগে।" ঈশ্বৰ পুৰুষে মিচিকিয়া হাঁহি মাৰি ক'লে,—"নিৰ্ম্মল! মোৰ জনাৰ্দ্দন মেধিৰ বংশ নোহোৱা হ'ল। তহঁতৰ ঘৰ মোৰ সাত পুৰুষীয়া সেৱক। মই তোক খৰচ ভগন কৰি উদ্ধাৰ পৰাচিত কৰোঁ। আৰু তোক টকা শিকা যি লাগে সমস্তকে দিওঁ, তই আকৌ বিয়া কৰাই এঠাইত গৃহস্থী কৰি, ইচ্ছা হ'লে এই মাজুলীতে গৃহস্থী কৰি বংশ ৰক্ষা কৰিব পাৰ। তোৰ ইচ্ছা কি ক।" মই ক'লোঁ—"প্ৰভু জগন্নাথ! মই সংসাৰ বিৰাগী। মোৰ আৰু বিয়া কৰাই সংসাৰ কৰিবৰ ইচ্ছা নাই। দুখানি চৰণে চৰণছত্ৰৰ চায়া দি সত্ৰতে মোক ৰাখক। পুৱা-গধূলি দুখানি চৰণ সেৱা কৰি নাম গুণ গাই ইহ জন্ম কটাম।" ঈশ্বৰ পুৰুষে ক'লে—"নিৰ্ম্মল! তেনেহলেতো তহঁতৰ ঘৰৰ মানুহৰ বংশই লোপ হব।" মই ক'লোঁ—"প্ৰভু জগন্নাথ! কত বংশ এই পৃথিৱীতে উপজিছে আৰু লোপ হৈছে তাৰনো কিবা সীমা সংখ্যা আছেনে? মোৰ নিচিনা এঘৰৰ বংশ লোপ হলেই প্ৰভু জগন্নাথৰ শিষ্য সেৱক কমিব সিটো নহয়। মোৰ একান্ত বাঞ্চা যে জীৱনৰ বাকীডোখৰ কৃষ্ণত অৰ্পণ কৰি কটাওঁ।" ঈশ্বৰ পুৰুষে ক'লে—"বাছা! তই নেজান উদাসীন ধৰ্ম্ম দেখাত যদিও কোমল তথাপি আচলতে কিমান কঠোৰ। মই হ'লে পৰাপক্ষত কাকো উদাসীন হ'বলৈ নকওঁ। ঈশ্বৰৰ এই বিনন্দীয়া সৃষ্টিত সকলো প্ৰাণীয়েই সংসাৰ ধৰ্ম্ম আচৰণ