সমললৈ যাওক

নিমি-নৱসিদ্ধ সংবাদ

ৱিকিউৎসৰ পৰা
[  ]

শ্ৰীশঙ্কৰ মহাভাগৱত

নিমি-নৱসিদ্ধ সংবাদ


[মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত]

সম্পাদক—
শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা সাহিত্যৰত্ন

মূল্য—৸৹ অনা

[  ]
শ্ৰীশঙ্কৰ মহাভাগৱত

নৱসিদ্ধ সংবাদ

শ্ৰীকৃষ্ণায় নমঃ

বন্দনা

পদ

জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ।
যাৰ আজ্ঞা পালে প্ৰজাপতি হৰি হৰ।
কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন্ত যাৰ মায়া।
জয় সনাতন নিত্য নিৰঞ্জন কায়া॥১॥
নমো মধুৰিপু ৰাম মোৰ মহাগুৰু।
প্ৰভু ভগৱন্ত ভকতৰ কল্পতৰু।
অতি পাতকীও তৰে যাহাৰ স্মৰণে।
কৰোঁ কোটি নমস্কাৰ কৃষ্ণৰ চৰণে॥২
প্ৰভু পদ পঙ্কজক ধৰি হৃদয়ত।
যেন মতে বুজো টীকা ভাষ্যৰ সন্মত॥


* শ্ৰীমদ্ভাগৱত একাদশ স্কন্ধৰ ২য়, ৩য়, ৪ৰ্থ আৰু ৫ম অধ্যায় শ্ৰীশঙ্কৰদেৱে “নৱসিদ্ধ সংবাদ” নাম দি সুকীয়াকৈ ৰাখিছে; আমিও বেলেগে ছপা কৰিলোঁ কিন্তু

“মহাভাগৱতৰ ভিতৰত ৰাখিলোঁ।— সম্পাদক। [  ]

কৃষ্ণৰ আদেশে আমি হ্ৰস্ব-দীৰ্ঘ ছন্দে।
বিৰচিবো নৱসিদ্ধ কথাক প্ৰৱন্ধে॥৩
বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহা ভাগৱত।
পাইলা পৰীক্ষিতে শুকমুনিৰ মুখত॥
সাত দিন শুনি সুখে তৰিলা নৃপতি।
ঘোৰ কলি যুগে আত পৰে নাই গতি॥৪
শুক নিগদতি শুনিয়োক পৰীক্ষিত।
বসুদেৱ নাৰদ সংবাদ বিপৰীত॥
নিমি নৱসিদ্ধে যেন ভৈল উপাখ্যান।
কহোঁ সৱিশেষ কথা হুয়া সাৱধান॥৫
বাৰে বাৰে নাৰদক পঠান্ত মাধৱে।
নেড়ন্ত দ্বাৰকা ঋষি কৃষ্ণুক গৌৰৱে॥
জীৱন্তে মুকুত তেহোঁ জানিবা সাক্ষাত।
তথাপি উৎসুক অতি কৃষ্ণৰ সেৱাত॥৬
মুকুতি সুখতো কৰি ভকতিসে বড়।
তথাপি নভজে লোক কিনো কৰ্ম্মজড়॥
বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ।
কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ॥৭
কৃষ্ণ পদ পঙ্কজক ভজে ব্ৰহ্মা হৰে।
নৰতনু পায়া ত্যজে কমন পামৰে॥
একো স্থানে মনুষ্যে মৃত্যুৰ নেড়াই হাত।
তথাপি নভজি মৰে কৰি আত্মঘাত॥৮

[  ]

কৃষ্ণ সেৱাতেসে মাত্ৰ গুছে মৃত্যু ভয়।
জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়॥

বসুদেৱ-নাৰদ সংবাদ

দিনেক নাৰদ গৈলা বসুদেৱ ঘৰে।
দেখি বসুদেৱে তাঙ্ক পূজিলা সাদৰে॥ ৯
কৰিয়া প্ৰণাম পাছে আসনে বৈসাই।
বুলিলা বিনয়ে বাক্য নাৰদক চাই॥
পিতৃ-মাতৃ আসিলে পুত্ৰৰ যেন সুখ।
সন্ত আগমনত দুখীৰ গুছে দুখ॥ ১০
সেহিমতে ভগৱন্ত তযু আগমনে;
সমস্তৰে কুশল হোৱয় তাৱক্ষণে॥
দেৱতাতো কৰি শ্ৰেষ্ঠ হোন্ত সাধুজন।
সাধু হন্তে সৰ্ব্বসুখ হোৱে অনুক্ষণ॥ ১১
মিলে সুখ দুখ দুই দেৱক পূজনে।
কেৱলে সুখক মাত্ৰ সাধে সাধুজনে॥
পূজা অনুৰূপেসে দেৱতা দেই ফল।
সাধু সব স্বভাৱতে দুখিত বৎসল॥ ১২
তোমাৰ সদৃশ যাৰ শ্ৰীকৃষ্ণত মন।
তাসম্বাৰ এহি মত হোৱে আচৰণ॥
ভৈলোহো কৃতাৰ্থ যদি ঋষি মহাশয়৷
তথাপিতো পুছোঁ ভাগৱত ধৰ্ম্ম চয়॥ ১৩

[  ]

পৰম শ্ৰদ্ধায়ে যাক শুনিল মাত্ৰকে।
দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্ব্বলোকে॥
দেৱৰ মায়ায়ে মোহ ভৈল মোৰ মন।
পুত্ৰকামে কৃষ্ণক কৰিলোঁ আৰাধন॥ ১৪
যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়।
তাক নবঞ্চিলো পূৰ্ব্বে পুত্ৰক আশায়॥
যেনমতে তৰো আৱে সংসাৰৰ ক্লেশ।
মহামুনি দিয়ো মোক সেহি উপদেশ॥ ১৫
তুষিলা কৃষ্ণক তুমি যিমত ভকতি।
আমাক দিয়োক সেহি উপায় সম্প্ৰতি॥
যেবে বসুদেৱে হেন পুছিলা হৰিষি।
হৰি স্মৰি পাইলা প্ৰীতি পাছে দেৱঋষি॥ ১৬
পুলকিত তনু মনে মিলিল আহ্লাদ।
পাছে বসুদেৱক কৰিলা সাধুবাদ॥
নাৰদ বদতি বসুদেৱ মহাশয়।
ধন্য ধন্য বুদ্ধি সাৰ কৰিলা নিশ্চয়॥ ১৭
পুছিলা পৰম ভাগৱত ধৰ্ম্ম যত।
যাহাক স্মৰণে হোৱে পৱিত্ৰ জগত॥
শুনে বা ভণে বা স্মৰে নতুবা আদৰে।
আনেবা গাৱন্তে যিবা অভিনন্দা কৰে॥ ১৮
দেৱ বিশ্বদ্ৰোহীকো পৱিত্ৰ কৰে অতি।
হেন ধৰ্ম্ম শুনিবে তোমাৰ ভৈল মতি॥

[  ]

শ্ৰৱণ কীৰ্ত্তনে যাৰ সিজে পুণ্যগণ।
সুমৰাইলা মোক আজি হেন নাৰায়ণ॥ ১৯
কিনো উপকাৰ কৰিলাহা মহাশয়।
জানিলো ভৈলেক মোৰ মহা ভাগ্যোদয়॥
যিটো কথা মোহোত পুছিলা মহামতি।
আৰ ইতিহাস এক শুনিয়ো সম্প্ৰতি॥ ২০
নৱসিদ্ধ সমে নিমি ৰাজাৰ সংবাদ।
শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ॥
শুনা সেহি কথা তুমি স্থিৰ কৰি মন।
ভাগৱত ধৰ্ম্মৰ আছয় নিৰূপণ॥ ২১
স্বায়ম্ভুৱ সুত প্ৰিয়ব্ৰত মহাশয়।
আছিল অগ্নিধ্ৰ নামে তাহান তনয়॥
অগ্নিধ্ৰৰ পুত্ৰ ভৈলা নাভি নৰপতি।
নাভিৰ তনয় ভৈলা ঋষভ সুমতি॥ ২২
বাসুদেৱ অংশে আসি ভৈলা অৱতাৰ।
কৰিলা লোকত মোক্ষ ধৰ্ম্মৰ প্ৰচাৰ॥
তান্ত হন্তে উপজিল পুত্ৰ এক শত।
শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত॥ ২৩
যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ।
দেখয় বিষয় সুখ বিষ্ঠাৰ সদৃশ॥
তৰুণ কালতে মাধৱক মনে ধৰি।
এক মনে তপোবনে আৰাধিলা হৰি॥ ২৪

[  ]

তিনিজন্মে পাইলা তেহোঁ ভগৱন্ত গতি।
আৰু নৱ জন ভৈল নৱ বৰ্ষপতি॥
একাধিক আশী জন ভৈল দ্বিজপ্ৰায়।
থাকিল লোকত কৰ্ম্মকাণ্ড প্ৰবৰ্ত্তায়॥ ২৫
ভৈলা মহাসিদ্ধ তত্ত্বজ্ঞানী নৱজন।
ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ॥
সবে দিগম্বৰ আত্ম-বিদ্যা বিশাৰদ।
তাসম্বাৰ নাম শুনা হুয়া নিশবদ॥ ২৬
কবি হবি আন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ।
অপৰ পিপ্ পলায়ণ আবিৰ্হোত্ৰ শুদ্ধ॥
দ্ৰুমিল চমস কৰভাজন নৱম।
এহি নৱ সিদ্ধ হৰিভকত পৰম॥ ২৭
ইটো স্থূল সূক্ষ্ম ৰূপ বিশ্ব চৰাচৰ।
সবে নাৰায়ণময় দেখে নিৰন্তৰ॥
কিন্তু আপোনাত হন্তে নোহে ব্যতিৰেক।
দেখিয়া ভ্ৰমন্ত সবে জগত যতেক॥ ২৮
সুৰ সিদ্ধ সাধ্য যক্ষ গন্ধৰ্ব্ব কিন্নৰ।
নৰ নাগ শঙ্কৰ চাৰণ বিদ্যাধৰ॥
সৰ্ব্বদা ভ্ৰমিয়া ফুৰে তাসম্বাৰ পুৰে।
গমন কৰন্ত নিত্য গোলোক নগৰে॥ ২৯
কাহাতো কিঞ্চিত মনে নাহি আশকতি।
আকাশে সঞ্চৰে সবে অবাধিত গতি॥

[  ]

ঋষিগণ সমে নিমি ৰাজা মহাশয়।
কৰে মহা যজ্ঞ আতি আনন্দ হৃদয়॥ ৩০
ভৈলা নৱসিদ্ধ সেহি সভাত প্ৰবেশ।
সূৰ্য্য সম জ্বলে সবে দিগম্বৰ বেশ॥
মহা ভাগৱত সবে অকস্মাতে আইলা।
দেখিয়া সভাৰ লোক বিস্ময়ক পাইলা॥ ৩১
কৰযোৰ কৰি অতি সচকিত মতি।
গুৰু পুৰোহিত সমে উঠিলা নৃপতি॥
মূৰ্ত্তি ধৰি অগনি কুণ্ডৰ ভৈলা বাজ।
সিদ্ধ সমস্তক সাদৰিলা সামৰাজ॥ ৩২
আচাৰ্য্য ঋিত্বিজ সবো যজ্ঞ কাৰ্য্য এৰি।
কৰিলা শুশ্ৰূষা সিদ্ধ সমস্তকে বেঢ়ি।
সাধু সঙ্গে সবাৰো নিৰ্ম্মল ভৈলা মতি৷
সঘনে উপজে কৃষ্ণ চৰণত ৰতি॥ ৩৩
বিনা অলঙ্কাৰে কৰে শৰীৰ দীপিতি৷
তাসম্বাক দেখিয়া নিমিব মহাপ্ৰতি॥
কৰিলা আসনে বৈসাই চৰণত পূজা।
প্ৰণামি বিনান্ত কৃতাঞ্জলি কৰি ৰাজা॥ ৩৪
পৰম ভকত তাসম্বাক জানি মনে।
আসনে বৈসায়া ৰঙ্গে পূজিলা চৰণে॥
শৰীৰৰ কান্তিয়ে প্ৰকাশে সভাখন।
সাক্ষাতে নেখিয় যেন ব্ৰহ্মাৰ নন্দন॥ ৩৫

[ ১০ ]

তাসম্বাক দেখি ৰাজা প্ৰীতিক লভিলা।
অৱনতে নিজ অভিমতক পুছিলা॥
জানিলো তোমোৰা পাৰিষদ গোবিন্দৰ।
পৱিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ॥ ৩৬
ভৈলোহোঁ কৃতাৰ্থ পদ ৰেণু পায়া আমি।
জানিলো আজিসে তুষ্ট ভৈলা কৃষ্ণস্বামী॥
যদি নৰ তনু ইটো ক্ষণিক অথিৰ।
যদ্যপি দুৰ্ল্লভ মানো মনুষ্য শৰীৰ॥ ৩৭
তাহাতো দুৰ্ল্লভ মানো ভকতৰ সঙ্গ।
লভিলো দুৰ্ল্লভ লাভ কিনো ভৈল ৰঙ্গ॥
সবাৰো পাৱত পড়ি পুছো প্ৰণিপাতে।
কোন আত্যন্তিক সুখ কহিয়ো আমাতে॥ ৩৮
অসাৰ সংসাৰ আত কিছু নাহি সিদ্ধি।
ভকতৰ সঙ্গ অৰ্দ্ধক্ষণে নৱনিধি॥
কোনবা ৰহস্য ধৰ্ম্ম কহিয়োক তাক।
যাত তুষ্ট হৈয়া কৃষ্ণে দেন্ত আপোনাক॥ ৩৯
তাক জানিবাক যদি যোগ্য হওঁ আমি।
তেবে কহিয়োক বোলো সবাকো প্ৰণামি॥
কোন ভাগৱত ধৰ্ম্ম ভক্ত বুলি কাক।
কোন মায়া কোনবা উপায়ে তৰে তাক॥ ৪০
কাক বুলি ব্ৰহ্ম কৰ্ম্মযোগ কাৰ নাম।
অৱতৰি কেশৱে কৰন্ত কোন কাম॥

[ ১১ ]

কোন যুগ ধৰ্ম্ম অভক্তৰ কোন গতি।
এহি নৱগোটা প্ৰশ্ন পুছিলা নৃপতি॥ ৪১
নৱসিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে।
আত্যন্তিক সুখ কবি কহিলা প্ৰথমে॥
নাৰদ বদতি শুনা বসুদেৱ সন্ত।
এহি মতে নিমি যেবে প্ৰশ্ন কৰিলন্ত॥ ৪২
শুনি সিদ্ধ সবে মহা প্ৰীতিক লভিলা।
ঋত্বিজ সদস্য নৃপতিক প্ৰশংসিলা॥
প্ৰথমতে কবিসিদ্ধে দিলন্ত উত্তৰ।
শুনা মহাৰাজ কহোঁ কথা সাৰতৰ॥ ৪৩
যিটো সব লোক অতি মোহে অন্ধপ্ৰায়।
পুত্ৰ দাৰা দেহতেসে আকুল সদায়॥
সিসবৰ একো কালে নুগুছয় ভয়।
যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰয়॥ ৪৪
কৃষ্ণ পদ সেৱাতেসে হৰে সবে দুখ।
তাহাকে বোলয় ৰাজা আত্যন্তিক সুখ
কহোঁ আৰো ভাগৱত ধৰ্ম্মৰ লক্ষণ।
বিমৰিষি পূৰ্ব্বত আপুনি নাৰায়ণ॥ ৪৫
ঋষি মুখে আন ধৰ্ম্ম কৰায়া বেকত।
কহিলা আপোন মুখে নিজ ধৰ্ম্ম যত॥
যাক জানি মহা সুখে মূঢ় জনো তৰে।
অজাতি পাতকী যাক জানিলে নিস্তৰে॥ ৪৬

[ ১২ ]

পৰম ভকতে যাক নিতে কৰে ৰতি।
সেহি ভাগৱত ধৰ্ম্ম জানিবা নৃপতি॥
কৰে যিটো ভাগৱত ধৰ্ম্মক আশ্ৰয়।
কদাচিতো তাৰ আৰ নাহি পাপ ভয়॥ ৪৭
কৰ্ম্ম নকৰিয়ো যে সমস্তে পুণ্য ফল।
আপুনি উপজে দেখা ভকতিৰ বল॥
আন ধৰ্ম্মে মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ বহু হয়।
ভাগৱত ধৰ্ম্মে নাহি সিসৱ সংশয়। ৪৮
শুনিয়োক ভাগৱত ধৰ্ম্ম আছে যত।
কৰিবো বেকত আজি তোমাৰ আগত॥
শুনা সভাসদ পদ কৰিয়া প্ৰৱন্ধ।
নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ॥ ৪৯
ঘোৰ কলি যুগে ইসে তৰণ উপায়।
নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনায়॥
কৈত পৰে নৰতনু তাৰ নাহি স্থিতি।
অদ্যাপি নুপুজে যম যাতনাৰ ভীতি। ৫০
যায় আজি কালি কৰি আয়ু নিৰন্তৰে।
কৃষ্ণৰ চৰণে লৈয়ো শৰণ সত্বৰে॥
আছন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে।
নজানে পামৰ সবে বিষয় বিকলে॥ ৫১
পৰম সুহৃদ নিজ আত্মা মহা হৰি।
অধোগতি যায় লোক তাঙ্ক অনাদৰি॥

[ ১৩ ]

হেন জানি হুয়ো নৰ কৃষ্ণত সম্মুখ।
পাসৰা কিমতে যম যাতনাৰ দুখ॥ ৫২
কলিৰ পাতকে আছে চতুৰ্ভিতি বেঢ়ি।
ডাকি ৰাম ৰাম বোলা যাওক সবে এৰি॥

মহৰ্ষি কবিৰ মহাভাগৱত ধৰ্ম্ম কথন

দুলড়ি

কবি নিগদতি, শুনিয়ো নৃপতি,
 কহোঁ বেদান্তৰ তত্ত্ব।
স্বভাৱে যিকৰে, দান হোম মহা
 তপ জপ তীৰ্থ ব্ৰত॥
কায় বাক্য মনে, যতেক আচৰে
 লৌকিক বৈদিক কৰ্ম্ম।
হুয়া একমত, ঈশ্বৰ কৃষ্ণত,
 অৰ্পিব সিসৱ ধৰ্ম্ম॥ ৫৩
নিত্য নৈমিত্তিক, যত জাতিধৰ্ম্ম
 আশ্ৰমৰ যত কৰ্ম্ম।
কৃষ্ণত অৰ্পিলে, জানা সিয়ো হোৱে
 মহাভাগৱত ধৰ্ম্ম

[ ১৪ ]

গৰ্ব্ব অহঙ্কাৰ ত্যজি যিটো জনে
 অচিৰে যদি ভকতি।
তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত
 বৈকুণ্ঠ যত সম্পত্তি॥ ৫৪
যদি বোলা ৰাজা,  অজ্ঞানীৰ ভয়
 জ্ঞানেসে কৰে অন্তৰ।
কি কৰে ভকতি, হেন শঙ্কামতি
 ত্যজিয়া শুনা উত্তৰ॥
ঈশ্বৰ বিমুখ, হোৱে যিটো নৰ,
 ধৰে বিষ্ণুমায়া তাক।
এহি দেহ মোৰ,  বোলে অজ্ঞানত,
 পাসৰে নিজ আত্মাক॥ ৫৫
হোৱে জ্ঞান শূন্য, কোন পাপ পুণ্য
 কৰিতে নপাৰে সাৰ।
বিষয় ব্যাকুল, সম্যকে বাতুল,
 নুগুছে যাতনা তাৰ॥
যাহাৰ মায়াত, এতেক অনৰ্থ
 ভজোক হেন মুৰাৰি।
এক চিত্ত হুয়া, কৃষ্ণত কৰিব,
 ভকতি অব্যভিচাৰী। ৫৬
যাত বুদ্ধি আছে, একোৱে নবাঞ্চে,
 এক কৃষ্ণু মাত্ৰ জানে।

[ ১৫ ]

উপদেশ দাতা,  যিটো গুৰু থাকে,
 তাঙ্কে হৰি বুলি মানে॥
যিটো ভকতক,  মায়া এৰি আসে,
 প্ৰমাণ পাৱে মনত।
চাৰে আন কাম,  নেড়ে গুণনাম,
 উপজে ৰতি কৃষ্ণত॥ ৫৭
হেনবা বুলিবা  বিষয়ী লোকৰ,
 আছে দম্ভ অহঙ্কাৰ।
সিসবৰ কেনে,  হৈবেক কৃষ্ণত,
 ভকতি অব্যভিচাৰ॥
নেৰাই মৃত্যু ভয়, হেনবা সংশয়
 কৰিবা তুমি নৃপতি।
শুনিয়ো মহন্ত, ইহাৰ সিদ্ধান্ত
 তোমাত কহোঁ সম্প্ৰতি॥ ৫৮
যতেক বিষয়, সবে মায়াময়,
 মনেসে কৰে প্ৰকাশ।
পুত্ৰ দাৰা ধন, সবেও সপোন,
 ক্ষণেকতে হোৱে নাশ॥
হেন জানি যিটো,  মনক নিয়মি
 কৃষ্ণত ভকতি কৰে।
সেহি মহাশয়, এৰাই মৃত্যু ভয়,
 সুখে সংসাৰক তৰে॥৫৯

[ ১৬ ]

পাছে নৃপবৰ, পৰম দুষ্কৰ,
 শুনিলা কৰ্ম্ম ভকতি।
যোগীৰো দুৰ্গম, মনক নিয়ম,
 কৰিবে কাৰ শকতি॥
মাথা চপৰাই, গুণে নিমিৰায়,
 নপাই সংসাৰ পাৰ।
হাসি কবি সিদ্ধে, বোলন্ত নৃপতি,
 চিন্তা কৰা পৰিহাৰ॥ ৬০
কৃষ্ণত নিশ্চয় কৰিয়ো হৃদয়
 যেবে বাক্য শুনা মোৰ।
সুদৃঢ় বিশ্বাসে অতি অপ্ৰয়াসে
 তৰিবা সংসাৰ ঘোৰ।
ভকতি সুলভ দেৱৰো দুৰ্ল্লভ
 যোগীয়ো নজানে যাক।
পৰম সুগম পথ যিটো অতি
 বেকত কৰিবো তাক॥ ৬১

ছবি

অনাদৰি আনধৰ্ম্ম মাধৱৰ জন্ম কৰ্ম্ম
 শুনিবেক মহন্তৰ মুখে।
জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম
 লাজ এৰি গাইবে মহা সুখে॥

[ ১৭ ]

 
লভিয়া মনুষ্য দেহা  আনত এৰিয়া স্পৃহা
 বোলে বন্ধু কৃষ্ণক যি জনে।
এতেকে বান্ধৱ হৰি  তাঙ্ক মোৰ বুলি ধৰি
 ৰক্ষা কৰি ফুৰা সৰ্ব্বক্ষণে॥ ৬২
এহিমতে যিটো নৰে  সদায়ে নামক স্মৰে
 তাৰ আসি মিলে মহা ভাগ।
নিজ প্ৰিয়ত্তম ৰাম  সুমৰন্তে তান নাম
 উপজে পৰম অনুৰাগ॥
সৰ্ব্ব অঙ্গ পুলকিত হোৱে আতি দ্ৰৱ চিত্ত
 ধাবে নীৰ নেত্ৰৰ নিগৰে।
প্ৰেমে ঘৰ্ম্ম যায় জ্বলি  হা প্ৰাণ কৃষ্ণ বুলি
 পৃথিবীত পৰিয়া বাগৰে॥ ৬৩
কতো থাকে মনে ধৰি  ভকতৰ বশ্য হৰি
 জানি হেন মনত আকলি।
বুজিয়া কৃষ্ণৰ চিত্ত  হুয়া অতি কৃত্য কৃত্য
 কতো হাসি তোলে খল খলি॥
কতো প্ৰেম ৰসে ভুলি  মোৰ প্ৰাণকৃষ্ণ বুলি
 পৰম আনন্দে গলে বান্ধে।
এত কাল ব্যৰ্থে নিলো  মাধৱক নজানিলো
 কতো শোকে গেৰি পাৰি কান্দে॥ ৬৪
কতো উঠি তাৱক্ষণে পৰম আনন্দ মনে
 কৃষ্ণ কৃষ্ণ বুলি পাৰে গেৰি।

[ ১৮ ]

কৃপা কৰা হে হৰি  বোলো চৰণত ধৰি
 বন্ধু আৰ জানো যাহা এৰি॥
হৰিষে আকুল ভাৱ কতোহো সিহৰে গাৱ
 গাৱে গোবিন্দৰ গুণ গীত।
কতো ফুৰে ঝুমি ঝুমি  কৈত যাইবা কৃষ্ণ তুমি
 পাইলো পাইলো বুলি কৰে নৃত্য॥ ৬৫
কৃষ্ণগ্ৰাহে যেন ধৰে  সংসাৰক নুসুমৰে
 নথাকে চেতন শৰীৰত।
চিত্তে নেৰে চক্ৰপাণি  বোলে অলৌকিক বাণী
 হৰি ৰসে হুয়া মহা মত্ত॥
বৈষ্ণৱ বোলোক মোক  কপটী দাম্ভিক লোক
 হেন ভাৱ দেখায়া লোকত।
নুহিকে তাহাৰ মত  যিটো মহাভাগৱত
 তাঙ্ক পাইলে তৰে ত্ৰিজগত॥ ৬৬
হোৱে সিয়ো কৃষ্ণ প্ৰাণ  মিলে তাত মহাজ্ঞান
 সমস্ততে দেখে গোবিন্দক।
আকাশ পৃথিবী জল  জ্যোতিবায়ু ৰসাতল
 নদী নদ চৌদিশ চটক॥
যত লতা তৰু তৃণ  কাহাকো নেদেখে ভিন্ন
 হৰিৰ শৰীৰ বুলি মানে।
সবাকো প্ৰণাম কৰে  সৰ্ব্বক্ষণে নাম স্মৰে
 কৃষ্ণ বিনে আনক নজানে॥ ৬৭

[ ১৯ ]

শুনা সভাসদ লোক কলিত সদ্গতি হৌক
 কৃষ্ণৰ কথাত দিয়া চিত্ত।
পৰম অমৃত ৰস  মাধৱৰ নাম যশ
 জানা ইসে পৰলোক বিত্ত॥
পুত্ৰ দাৰা গৃহ বাস  মিছা আত অভিলাষ
 সবে সপোনৰ নিধি প্ৰায়।
যত দেখা ধন ধান  যাইবে যেতিক্ষণে প্ৰাণ
 সঙ্গে এক ৰতিও নযায়॥ ৬৮
শৰীৰো থাকিবে পৰি  একলেসে যাইবা লৰি
 বিষম যাতনা যম ঘৰে।
গুণি চোৱা স্থিৰ মতি  কৃষ্ণ বিনে নাই গতি
 লৈয়ো তান্ত শৰণ সত্বৰে।
যাৰ নাম শুনি ডৰি  কাম্পে মৃত্যু থৰ থৰি
 সুখে দুখে ধৰা তান নাম!
অদ্যাপি নুগুণা মনে  কৃষ্ণৰ কিঙ্কৰে ভণে
 নিৰন্তৰে বোলা ৰাম ৰাম॥৬৯

——

পদ

কবি নিগদতি শুনা নিমি মহাশয়।
হেনবা কৰিবা ৰাজা মনত সংশয়॥
যিটো মহা যোগী সদা সমাধিত ৰতি।
কোটি জন্মে নুহি তাৰ সপ্ৰেম ভকতি॥৭০

[ ২০ ]

মোক্ষতো অধিক তাক কহে বেদগণে।
একে জন্মে হৈব কেনে নামৰ কীৰ্ত্তনে॥
ইটো শঙ্কা মনত নানিবা কদাচিত।
শুনিয়োক নামৰ মহিমা বিপৰীত॥ ৭১
ইটো হৰি নাম ধৰ্ম্ম মহা গুহ্যত্তম।
ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম॥
ভজে মাধৱক নাম স্মৰে সৰ্ব্বক্ষণ।
একেবাৰে সিজে তাৰ তিনি প্ৰয়োজন॥ ৭২
প্ৰথমে উপজে প্ৰেম লক্ষণ ভকতি।
গৃহ শৰীৰতো পাছে মিলে বিৰকতি॥
প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্ত্তি স্ফূৰ্ত্তি হয়।
একেকালে মিলে আসি সম্পদ ত্ৰিতয়॥ ৭৩
আতিশয় ক্ষুধাত ভুঞ্জন্তে যেন মতে।
সিজে তিনি প্ৰয়োজন প্ৰত্যেক গ্ৰাসতে॥
হোৱে তুষ্ট দেহ পুষ্ট ক্ষুধা গুছি যায়।
প্ৰেম ভকতিৰ ৰাজা শুনা অভিপ্ৰায়॥ ৭৪
অল্প ভকতিত হোৱে প্ৰেম অতি পুষ্ট।
কিঞ্চিৎ ভোজনে যেন কিছুমান তুষ্ট॥
উপজে পৰম প্ৰেম একান্ত ভজনে।
মিলে মহা তুষ্ট যেন প্ৰচুৰ ভোজনে॥ ৭৫
প্ৰেম ভাৱে এহি মতে একান্তে ভজন্তে।
পৰম প্ৰসাদ পাৱে মাধৱত হন্তে॥

[ ২১ ]

বিৰকতি ভকতি ঈশ্বৰ মহাজ্ঞান।
উপজে ভকতে পাৰে আপুনি প্ৰমাণ॥ ৭৬
হোৱে চিত্ত শান্ত গুছে বিষয় ব্যাকুল।
কদাচিতো নেৰে আৰ কৃষ্ণ পদ মূল॥
বেদ শিৰোৰত্নে কহে ইহাক সম্প্ৰতি।
কৈলো ভাগৱত ধৰ্ম্ম তোমাত নৃপতি॥ ৭৭
হেন শুনি নিমি দুনাই দিলন্ত উত্তৰ।
কহিয়ো লক্ষণ আৱে মহা-ভকতৰ॥
ভকতৰ কোন ধৰ্ম্ম কিবা প্ৰবৰ্ত্তন।
কোনবা স্বভাৱে ভক্তে কি বোলে বচন॥ ৭৮
জানিবাক চাওঁ চিহ্ন মহা-ভকতৰ।
শুনি হৰিসিদ্ধে দিলা তাহাৰ উত্তৰ॥
হৰিক মনত স্মৰি বোলন্ত ৰাজাক।
ভকতৰ যি ধৰ্ম্ম শুনা কহোঁ তাক॥ ৭৯
ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক।
প্ৰাণী সমস্ততো দেখে ঈশ্বৰ মূৰ্ত্তিক॥
সমস্তে ঐশ্বৰ্য্য ব্যাপি আছে জগতত।
হেন যিটো দেখে সিটো মহাভাগৱত॥ ৮০

একান্তে কৰয় প্ৰেম যিটো ঈশ্বৰত।
মৈত্ৰতা আচৰে হৰি ভকত সবত॥
অজ্ঞক কৰুণা ক্ষমা কৰে বিপক্ষত।
সেহি জন জানিবা মধ্যম ভাগৱত॥ ৮১

[ ২২ ]

নুপূজে ভক্তক মান্য নকৰে প্ৰাণীক।
একে প্ৰতিমাত মাত্ৰ আৰাধে হৰিক॥
সেহি জন জানিবাহা প্ৰাকৃত ভকত
আৰু হৈয়াছে তেহোঁ ভক্তিৰ পথত। ৮২
অনুক্ৰমে উত্তম হৈবেক সিয়ো জন।
একোমতে নোহে জানা নিন্দাৰ ভাজন॥
ত্ৰিবিধ ভকত এহি কহিলো নৃপতি।
তাসম্বাৰ চিহ্ন আৰু শুনিও সম্প্ৰতি॥ ৮৩
শুনা সাৱধানে আৱে ইক্ষ্বাকু নন্দন।
কহোঁ আৰু মহাভাগৱতৰ লক্ষণ॥
কৃষ্ণকেসে চিন্তে যিটো নবাঞ্চে বিষয়।
দেখন্ত বিষ্ণুৰ মায়া জগত নিশ্চয়॥ ৮৪
নকৰে আক্ৰোশ দ্বেষ নাহিকে মনত।
সেহি জন জানিবা উত্তম ভাগৱত
জন্ম মৃত্যু ক্ষুধা তৃষ্ণা ভয় পৰিশ্ৰম।
দেহ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়ৰ ধৰ্ম্ম॥ ৮৫
ইসব সংসাৰ ধৰ্ম্ম জানয় সাক্ষাত।
নোহে বিমোহিত চিত্ত কদাচিতো তাত॥
ঈশ্বৰৰ ধ্যান মাত্ৰ কন্ত সতত।
জানিবা নৃপতি সিটো উত্তম ভকত॥ ৮৬
একে মাধৱতে মাত্ৰ কৰিলে আশ্ৰয়।
কাম্য কৰ্ম্ম বাসনাক তেজিলে হৃদয়॥

[ ২৩ ]

হৰিৰ চৰণ মনে নচাৰে সতত।
সেহি জন জানিবা উত্তম ভাগৱত॥ ৮৭
কাম্য কৰ্ম্ম দ্বেষ মোহ হৰিষ ৰহিত।
হৈয়া ফুৰে নিতন্তে কৃষ্ণত দিয়া চিত্ত॥
হৰিকথা ত্যজিয়া আনন্দে নেদে মন।
কৈলো ভকতৰ ৰাজা যেন প্ৰবৰ্ত্তন। ৮৮
জন্ম কৰ্ম্ম বৰ্ণাশ্ৰম কুল আদি যত।
উত্তম বুলিয়া গৰ্ব্ব নোপজে দেহত॥
অভিমান শূন্য হৈয়া হৰিক ভজয়।
হৰিৰ পৰম প্ৰিয় সেহি জন হয়॥ ৮৯
কহিলো নৃপতি যেন ভক্তৰ লক্ষণ।
তাসম্বাৰ স্বভাৱ শুনিয়ো এহি ক্ষণ॥
নকৰে আপোন পৰ-বুদ্ধি ধন বিত্তে।
সমস্তৰে একে আত্ম জানে যিটো চিত্তে॥ ৯০
সকলো লোকত সম শান্ত নিৰুপম।
চিনিবা নৃপতি সিটো ভকত উত্তম॥
এক নিমিষাৰ্দ্ধো যদি এৰে হৰি-পদ॥
এতেকতে মিলে আসি ত্ৰৈলোক্য সম্পদ॥৯১
তথাপি ক্ষণাৰ্দ্ধো নেৰে কৃষ্ণৰ চৰণ।
সেহি মহা সাৰ জানি কৰন্ত স্মৰণ॥
ত্ৰৈলোক্য ঈশ্বৰ সবো মহা নম্ৰভাৱে।
চিন্তে মাত্ৰ হৰিপদ আজিও নপাৱে॥ ৯২

[ ২৪ ]

এতেকে জানিছে তুচ্ছ ত্ৰৈলোক্য সম্পত্তি।
এহি বুলি নেৰে কৃষ্ণ চৰণে ভকতি॥
জানিবাহা সিটো মহা প্ৰধান ভকত।
হেনবা কৰিবা শঙ্কা নৃপতি মনত॥ ৯৩
যিটো হৰি পদক বিচাৰে দেৱ-গণ।
জানিবাহা তথাপিতো নপাৱে দৰ্শন॥
হেন কৃষ্ণ চৰণক নেৰে অনুক্ষণ।
বৈষ্ণৱৰ অগ্ৰগণ্য জানিবা সিজন॥ ৯৪
বিষয়ৰ সন্তাপ কামে চালাইবেক মন।
কিমতে নেৰিবে সিটো কৃষ্ণৰ চৰণ॥ ৯৫
হেনয় সংশয় যদি কৰা নৰপতি।
ইহাৰ উত্তৰ আৱে শুনিয়ো সম্প্ৰতি॥
হৰি পদ সেৱা সুখ মনে মিলে যাৰ।
বিষয়ৰ তাপ যত নথাকয় তাৰ॥
কৃষ্ণ-পাদ-পদ্মাৰ অৰুণ নখপান্তি।
যাৰ মনে চোৱে তাৰ সুশীতল কান্তি॥ ৯৬
যেন হিম পৰি জুৰায় তাহাৰ হৃদয়।
আৰ কি হৈবেক আসি সন্তাপ উদয়॥
যেন চন্দ্ৰ উদয়ে সূৰ্য্যৰ গুছে তাপ।
ভক্তৰ নোহয় তেন বিষয় সন্তাপ॥ ৯৭
শুনা ৰাজা যেন আবে তাসম্বাৰ বাক।
বিষয় আলাপ পাপ জানি চাৰে তাক॥

[ ২৫ ]

লৈয়া মহা সাধু সঙ্গ সদা শুদ্ধভাৱে।
সুখে দুখে মুখে মাত্ৰ হৰি নাম গাৱে॥ ৯৮
যতেক লক্ষণ কৈলো মহা ভকতৰ।
সবাতো অধিক যিটো জন সাৰতৰ॥
যাত পৰে নাহি মহা ভকত প্ৰধান।
তান কথা কহোঁ শুনা হুয়া সাৱধান॥ ৯৯
চাৰিয়ো বেদৰ তত্ত্ব অৰ্থ যিটো জানে।
মাধৱক বান্ধৱ বুলিয়া যিটো মানে॥
কৃষ্ণ-পাদ পদ্মক বান্ধিলে প্ৰেম জৰী।
আপুনি নেৰন্ত তাৰ হৃদয়ক হৰি॥১০০
অকস্মাতো সিটো নাম লৈলে মাত্ৰ আসি।
এতেকে হৰন্ত তাৰ মহা পাপ ৰাশি॥
তান্তে উপজাইলা প্ৰেম জানি কৃপাময়।
আৰ কি এৰিতে পাৰে তাহান হৃদয়॥ ১০১
নেৰে তান ভকতেসে হৰিক প্ৰৱন্ধি।
হেৰিয়ো নেৰন্ত তাঙ্ক প্ৰেমে হুয়া বন্দী॥
এতেকে যতেক কৈলো ভকত প্ৰধান।
জানা ৰাজা কেহো নহে ইহান সমান॥ ১০২
উত্তমতো উত্তম সেহিসে ভাগৱত।
উপজিল প্ৰেম যাৰ হৰি স্মৰণত॥
এহি কহি হবি-সিদ্ধ মৌন হুয়া আছে।
দেখি প্ৰণিপাতে ৰাজা পুছিলন্ত পাছে॥১০৩

[ ২৬ ]

পৰম ঈশ্বৰ কৃষ্ণ জগতৰ স্বামী।
তাহান মায়াক জানিবাক চাওঁ আমি॥
ব্ৰহ্মাদিকো মোহে যিটো সিটো কোন মায়া॥
কহিয়োক সিদ্ধ সৱ যদি থাকে দয়া॥১০৪
হেনবা বুলিবা যিটো কহিলোঁ ভকতি।
তাকে জানি ভৈলা তুমি কৃতাৰ্থ সম্প্ৰতি॥
নলাগে জানিবে আৰ বিস্তৰ তোমাৰ।
শুনিয়োক সিদ্ধ সব সিদ্ধান্ত ইহাৰ॥১০৫
কৰে সংসাৰৰ তাপে আমাক দগধ।
কৃষ্ণ কথা অমৃতেসে ইহাৰ ঔষধ॥
আজিসে জীয়াইলা মোক বচন অমৃতে।
যতেক শুনোহো তভো তৃপ্তি নাহি চিত্তে॥১০৬

অন্তৰিক্ষৰ ভগবদ্ মায়া বৰ্ণনা

হেন শুনি বুলিলন্ত অন্তৰিক্ষ সিদ্ধ।
শুনা ৰাজা যিটো মায়া জগত প্ৰসিদ্ধ॥
প্ৰত্যেকে দেখাইবে তাক কাহাৰ শকতি।
মায়াৰ কাৰ্য্যক কহো শুনিয়ো নৃপতি॥ ১০৭
অনাদি পুৰুষ কৃষ্ণ জগত কাৰণ।
স্ৰজিলা মায়াক সঙ্গে লৈয়া ভূতগণ॥
জীৱৰ বিষয় সুখ নিমিত্তে ঈশ্বৰ।
পঞ্চ-ভূতে স্ৰজিলা বিবিধ কলেৱৰ॥১০৮

[ ২৭ ]

মায়ায়ে উপায়ে প্ৰাণী স্ৰজিলা অশেষ।
তাতে অন্তৰ্য্যামী ৰূপে ভৈলন্ত প্ৰবেশ॥
বিভঞ্জিয়া আপোনাক প্ৰভু নাৰায়ণ।
স্ৰজিলা ইন্দ্ৰিয় যত ভূত প্ৰাণ মন॥১০৯
ইন্দ্ৰিয়ৰ সঙ্গে জীৱে ভুঞ্জে বিষয়ক।
আত্মা বুলি মানে মায়াময় শৰীৰক।
ধৰে মহা মোহে আতি হোৱে জ্ঞান শূন্য।
সকামে অনেক কৰ্ম্ম কৰে পাপ পুণ্য॥১১০
সেহি কৰ্ম্ম ফল ভুঞ্জি ভ্ৰমে সংসাৰত।
নাহি অন্ত জীৱৰ যাতনা দুখ যত॥
মিছা মায়াময়ত উপজে মৰে জীৱ।
এহি লীলা আতে প্ৰীতি হোন্ত সদাশিৱ॥
যাৱে সৃষ্টি থাকে মহা নিমিলে প্ৰলয়।
জনম মৰণ তাৱে নেৰাই মৃত্যু ভয়॥১১১
পশুপক্ষী বৃক্ষ কীট পতঙ্গ যোনিত।
উপজি যাতনা আদি ভুঞ্জে বিপৰীত॥
বহু অমঙ্গলপ্ৰদ হেন কৰ্ম্ম গতি।
পায়া নৰে সংসাৰত ভ্ৰমে বিসঙ্গতি॥ ১১২
নিতান্ত অবশ হুয়া প্ৰলয় যাৱত।
জন্ম-মৃত্যু ৰূপ দুখ ভুঞ্জে নানা মত॥
কাল ৰূপী কৃষ্ণ যিটো জগত আধাৰ।
কৰন্ত লীলায়ে পাছে সৃষ্টিক সংহাৰ॥১১৩

[ ২৮ ]

মায়াৰ যাতেক কাৰ্য্য কাৰণ সমস্ত।
দুনাই আনি মায়াত কৰান্ত সবে অস্ত॥
হৈবে অনাবৃষ্টি পাছে শতেক বৎসৰ।
মিলে মহা মৰণ লোকৰ নিৰন্তৰ॥১১৪
ত্ৰৈলোক্যক তাপ দিবে সকলে মাৰ্তণ্ড।
অনন্ত মুখৰ বহ্নি বজাইবে প্ৰচণ্ড।
পাতালৰ পৰা দহি আসে উপৰক।
লগত সহায় হৈবে বায়ু সম্বৰ্ত্তক॥১১৫
অগনিৰ শিখায়ে দহিবে দিশ দশ।
মেঘে বৃষ্টি কৰিবেক পাছে শতবৰ্ষ।
পৰে জলধাৰা হস্তী-শুণ্ডৰ সমান।
প্ৰলয়ৰ জলে কৰে জগত নিৰ্য্যাণ॥১১৬
নথাকয় প্ৰাণী আৰ ব্ৰহ্মাণ্ড ভিতৰ।
কৃষ্ণৰ কটাক্ষে নষ্ট হোৱে চৰাচৰ॥
স্থূল দেহ ভগ্ন হৈলে যত জীৱ ৰাশি॥
পুনৰপি লীন হোৱে প্ৰকৃতিত আসি॥১১৭
যিটো ব্ৰহ্ম মাধৱৰ ভকতি বিহীন।
তেহোঁ হোৱে আসি পুনু প্ৰকৃতিত লীন॥
ব্ৰহ্মাৰো মুকুতি নাই নভৈলে ভকতি।
সামান্যৰ কিবা কথা কহিবো নৃপতি॥১১৮
যেন কাষ্ঠ দহিলে অগনি নৰহয়।
সেহিমতে হোৱে সবে প্ৰকৃতিত লয়॥

[ ২৯ ]

শুনা আবে যেন মতে মহাভূত চয়।
অন্যো অন্যো হোৱে গৈয়া কাৰণত লয়॥১১৯
পৃথিবীৰ গন্ধ গুণ হৰিবে অনিল।
তেখনে পৃথিবী গৈয়া হৈবেক সলিল॥
যেবে জলহন্তে বায়ু ৰস হৰি লয়।
সেহি জল অগনিত হোৱে আসি লয়॥ ১২০
অগ্নিৰ ৰূপক পাছে হৰিবেক তম।
তেবে অগ্নি বায়ুত প্ৰবেশে এহি ক্ৰম॥
হৰিবেক গন্ধ গুণ বায়ুৰ গগণে।
গগণত বায়ু যায় পশিব তেখনে॥১২১
আকাশৰ শব্দ গুণ হৰিবেক কাল।
পশে অহঙ্কাৰত আকাশ তত্তকাল॥
মন বুদ্ধি ইন্দ্ৰিয় দেৱতা যত আছে।
সবে অহঙ্কাৰত প্ৰবেশ হৈব পাছে॥১২২
সেহি অহঙ্কাৰ লীন হৈব মহতত।
প্ৰকৃতিত লয় হৈবে আপুনি মহত॥
কহিলো নৃপতি প্ৰলয়ৰ যত ক্ৰম।
এহিতো কৃষ্ণৰ মায়া পৰম দুৰ্গম॥১২৩
ব্ৰহ্মা আদি কৰি কীট পতঙ্গ পৰ্য্যন্ত।
মায়াৰো সবাৰো কৰা সৃষ্টি স্থিতি অন্ত।
কোটি কোটি কল্প মৰে উপজে মায়াত।
হেন জন নাহিকে মায়াৰ এড়াই হাত॥১২৪

[ ৩০ ]

যতেক জগত দেখা মায়াৰ নিৰ্ম্মাণ।
চিনাইলো মায়াক ৰাজা দেখা বিদ্যমান॥
ইহাক শুনিয়া নিমি ভৈলা মহা ভয়।
তম্ভিয়া আছয় মনে মিলিল সংশয়॥১২৫
সদয় হৃদয় দেখি ভৈলা সিদ্ধ গণে।
ৰাজাক সম্বোধি বোলে মধুৰ বচনে॥
আউৰ কিবা শুনিবাক ইচ্ছা আছে মনে।
পুছিয়ো নৃপতি তুমি আমাত এখনে॥১২৬
ৰাজায়ো জানিলা সিদ্ধ সদয় আমাত।
পুছিলন্ত কথা পাছে কৰি প্ৰণিপাত॥
শুনা সিদ্ধ সব কহোঁ কৰিয়া বিনয়।
শুনিয়া মায়াৰ কথা ভৈলো মহা ভয়॥১২৭
বিষয়ৰ বিকল নুগুছে কদাচিত।
ৰাত্ৰি দিনে গৃহ কুটুম্বত মাত্ৰ চিত্ত॥
সিসবো যিমতে মহা সুখে তৰে মায়া।
কহিয়ো উপায় সেহি যদি থাকে দয়া॥১২৮
যদ্যপি প্ৰথমে পাইলা তাৰণ উপায়।
তথাপি পুছন্ত পুনু পুনু নিমিৰায়॥
আনো বা উপায় আছে মায়াৰ তাৰক।
তাক জানিবাক লাগি বোলন্ত সিদ্ধক॥ ১২৯
অনেক প্ৰৱন্ধে সিদ্ধে মনে গুণি চাইলা।
ভকতি বিনাই অন্য উপায় নাপাইলা॥

[ ৩১ ]

অনেক প্ৰকাৰে বঢ়াই চিত্তক একান্ত।
দিলেক ৰাজাক পাছে প্ৰবুদ্ধে সিদ্ধান্ত॥১৩০
মায়াৰ তৰণ নিমি শুনিয়ো সম্প্ৰতি।
ওপজাইবে প্ৰথমে সবাতো বিৰকতি॥
দেখি শুনি মানে ইটো জগত যতেক।
মায়াৰ ৰচনা জানা সমস্তে ততেক॥১৩১
দুখ দূৰ যাইবে সুখ হৈবে বুলি মনে।
কৰ্ম্মক আৰম্ভ কৰে মহামূঢ় জনে॥
দুখসে মিলাৱে সুখ নাহিকে কিঞ্চিত।
দেখিব কৰ্ম্মৰ ফল হেন বিপৰীত॥১৩২
আপোনাৰ মৃত্যু বুলি মানিবেক ধন।
নানা পীড়া মিলে আসি ইহাৰ কাৰণ॥
পুত্ৰ পত্নী পশু গৃহ সমস্তে চঞ্চল।
কোন প্ৰীতি সাধিবেক ইসবে বিফল॥১৩৩
যদি বোলা ধন হন্তে ধৰ্ম্ম উপজয়।
সেহি ধন হন্তে স্বৰ্গ সুখক পাৱয়॥
শুনিয়ো স্বৰ্গত আছে যত যত সুখ।
সমস্তে বিনাশী সদা পাৱে মাত্ৰ দুখ॥১৩৪
আপোনাৰ সমান পৰৰ দেখি শ্ৰীক।
কৰি নিন্দা বাদ তৈতো বিবাদ অধিক॥
অনুদিনে দেখে যিটো পুণ্য যায় ক্ষয়।
মনৰ নুগুছে সদা পতনৰ ভয়॥১৩৫

[ ৩২ ]

অখণ্ড মণ্ডল পতি যেন ৰাজাগণ।
পৰস্পৰে দ্বন্দ কৰি তেজয় জীৱন॥
অন্তকৰ শঙ্কায়ে ব্ৰহ্মাৰো সুখ নাই।
সামান্যৰ কোন্ লেখা শুনা নিমি-ৰায়॥১৩৬
হেন জানি চাহে যিটো উত্তম কল্যাণ।
প্ৰথমে কৰিব সিটো গুৰুক সম্মান॥
জানন্ত শাস্ত্ৰৰ তত্ত্ব কৃষ্ণৰ ভকত।
সেহি গুৰু উপদেশ দিবাক শকত॥১৩৭
যদ্যপি ভকত হোন্ত নোহন্ত পণ্ডিত।
শিষ্যৰ সংশয় সিটো নপাৰে খণ্ডিত॥
শাস্ত্ৰক জানন্ত যদি নুহিকা ভকত।
তান উপদেশে বোধ নোপজে শিষ্যত॥১৩৮
বিশিষ্ট গুৰুক অকপটে সেৱা কৰি।
মানিবে গুৰুসে আত্মা দেৱ মহাহৰি॥
হেনয় বিনয় কৰি গুৰুৰ চৰণে।
ভাগৱত ধৰ্ম্মক শিখিবে এক মনে॥১৩৯
যি ধৰ্ম্মত তুষ্ট হুয়া প্ৰভু ভগবান।
নিজ ভকতত আপোনাকে দেন্ত দান॥
নেৰন্ত ক্ষণেক যাক দেৱ দামোদৰ।
কাছতে থাকন্ত যেন বলি প্ৰহ্লাদৰ॥ ১৪০
প্ৰথমতে লৈবেক উত্তম সাধু সঙ্গ।
কৰিবেক আন বিষয়ত মনো ভঙ্গ॥

[ ৩৩ ]

সমস্তকে ঈশ্বৰত অৰ্পিবেক নিতে।
উত্তমত প্ৰীতি কৰিবেক যথোচিতে॥১৪১
সমানত মৈত্ৰী দয়া কৰিবে হীনত।
এহি সব গুৰুত শিখিবে ভালমত॥
সত্য শৌচ অহিংসা শিখিবে সম দম।
দুখ সুখ শীত উষ্ণ আত হৈব সম॥১৪২
সবাকে সহিবে আৰু হৈবে অকুটিল।
ব্ৰহ্মচৰ্য্য ধৰিবেক হৈবেক সুশীল॥
উপযুক্ত পাত্ৰ বুজি পঢ়িবেক বেদ।
সবাতে দেখিব ঈশ্বৰক অবিচ্ছেদ॥১৪৩*
দেহ গৃহাদিত এৰিবেক অভিমান।
নিৰ্জ্জন স্থানত কৰিবেক অৱস্থান॥
পিন্ধিব আনন্দে চীৰ বাকলি বসন।
যেহি মিলে তাহাতে সন্তুষ্ট হৈব মন॥১৪৪
ভাগৱত শাস্ত্ৰে শ্ৰদ্ধা কৰিব নিতান্ত।
নকৰিব নিন্দা আন শাস্ত্ৰকো একান্ত॥
হৈবে দয়াশীল দয়া কৰিবে লোকক।
অন্তৰ্য্যামীৰূপে জানিবেক ঈশ্বৰক॥১৪৫

[ ৩৪ ]

চিদানন্দ ৰূপে জানিবেক আপোনাক।
নেৰিবে স্বধৰ্ম্ম নুবুলিবে বৃথা বাক॥
মনক কৰিবে দণ্ড প্ৰাণায়াম কৰি।
কৰিবে বাক্যৰ দণ্ড মৌন ভাৱ ধৰি॥ ১৪৬
কৰ্ম্মৰ কৰিবে দণ্ড তেজিয়া যতন।
ইন্দ্ৰিয় দমিব সত্য কহিব বচন॥
এৰিবে সদায় কাম ক্ৰোধ অহঙ্কাৰ।
তেবেসে এড়াইব হাত দুৰ্জ্জয় মায়াৰ॥ ১৪৭
যদি বোলা দুষ্কৰ ইসব মহা কৰ্ম্ম।
শুনিয়ো সুগম তেবে ভাগৱত ধৰ্ম্ম॥
ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম্ম গুণ গণ।
সদায়ে কৰিবে ধ্যান শ্ৰৱণ কীৰ্ত্তন॥ ১৪৮
তান অৰ্থে কৰিবেক যত ধৰ্ম্ম হয়।
যজ্ঞ দান তপ জপ সদাচাৰ ৰয়॥
আপোনাৰ প্ৰিয় গন্ধ পুষ্প আদি যত।
নিবেদিব সমস্তে গোবিন্দ চৰণত॥ ১৪৯
পুত্ৰ পত্নী সবাকো সেৱক কৰি দিব।
আপোন প্ৰাণকো কৃষ্ণ পাৱত অৰ্পিব॥
কৰিব সুহৃদ হৰি ভকত সহিতে।
বৃক্ষ পশু পক্ষীকো অৰ্চ্চিব যথোচিতে॥ ১৫০
তাতো কৰি আদৰিব মনুষ্য জাতিক।
ধৰ্ম্মশীল জনক অৰ্চ্চিব ততোধিক॥

[ ৩৫ ]

যিটো মহা ভক্তৰ কৃষ্ণেসে আত্মা প্ৰাণ।
ধৰ্মিষ্ঠতো অধিক কৰিবে বহু মান॥ ১৫১
দেৱতত তীৰ্থতো কৰি ভকতেসে পূজ্য।
যাহাৰ কৃপাত পায় মুকুতি সাযুজ্য॥
আক যদি দুষ্কৰ দেখিয়ো মহাৰথ।
সুলভতো সুলভ শুনিয়ো যিটো পথ। ১৫২
শুনা সভাসদ জন্ম নকৰিয়ো বৃথা।
কৃষ্ণ কথা অমৃতক পীয়োক সৰ্ব্বথা॥
যিটো জনে পায় কৃষ্ণ কথাৰ মধুৰ।
তাহাৰ সংসাৰ তাপচয় হোৱে দূৰ॥ ১৫৩
বিষয় বিষত তাৰ গুছে অনুৰাগ।
নকৰন্তো মহা মহা পুণ্যে নেৰে লাগ॥
মোক্ষতো অধিক সুখ মিলয় মনত।
কি কহিবো ইটো হৰি নামৰ মহত॥ ১৫৪
মিছাতে কৰাহা আলে জালে আয়ু ক্ষেপ।
মৰিবাক লাগি কাল আছয় সংক্ষেপ॥
আজি কালি কৰন্তে অন্তক চাপে পাশ।
চিন্তামণি জন্ম ইটো ব্যৰ্থে হোৱে নাশ॥ ১৫৫
কৈত কেতিক্ষণে মিলে দুৰ্ঘোৰ মৰণ।
ঝান্টে কৃষ্ণ চৰণত পশিয়ো শৰণ॥
পৰলোক সাম্ফল বান্ধৱ হৰি নাম।
কৃষ্ণৰ কিঙ্কৰে কহে বোলা ৰাম ৰাম॥ ১৫৬

[ ৩৬ ]

দুলড়ি

প্ৰবুদ্ধ বদতি নিমি নৰপতি
 শুনিয়োক মহাৰথ।
তোমাৰ আগত কৰিবো বেকত
 পৰম সুগম পথ॥
কৃষ্ণকেসে আত্মা ঈশ্বৰ বুলিয়া
 ধৰিছে যিটো ভকতে।
তাহাঙ্ক পৰম বান্ধৱ বুলিয়া
 মানিবে মনে সততে॥ ১৫৭
তাহান সহিতে কৰি এক প্ৰীতি
 বসিয়া একত্ৰ সঙ্গে।
কৰিব আলাপ তেজিব সন্তাপ
 গাইব হৰি গুণ ৰঙ্গে॥
মাধৱৰ জন্ম গুণ নাম কৰ্ম
 নেৰিব আক সঘনে।
কতোহো শুনিব কীৰ্ত্তন কৰিব
 স্মৰিব কতোহো মনে॥ ১৫৮
কৃষ্ণৰ চৰিত্ৰ পৰম পবিত্ৰ
 হেনয় মানিয়া মনে।
তাহাকে কথিব তাহাকে মৰ্থিব
 অন্যো অঙ্গে সৰ্ব্বক্ষণে॥

[ ৩৭ ]

এক প্ৰাণ হুয়া  অশ্ৰদ্ধা অসূয়া
 এড়িব কৰ্কশ বাদ।
অন্যো অন্যে ৰতি  অন্যো অন্যে প্ৰীতি
 কৰিব আতি আহ্লাদ॥ ১৫৯
হুয়া তুষ্ট মতি  কৰিব ভকতি
 কহি কথা পৰস্পৰে।
তেবেসে সমস্ত  দুখ হৈব অন্ত
 সুখে সংসাৰক তৰে॥
পাছে একমতি  কৰন্তে ভকতি
 সোলকে মায়াৰ ফান্দ।
শুনিয়ো যিমতে  আপোন মনতে
 মিলয় পৰমানন্দ॥ ১৬০
যাৰ নাম চয়  শুনিল মাত্ৰকে
 হোৱে পাপ ৰাশি নাশ।
হেনয় হৰিক  স্মৰিব স্মৰাব
 কৰিয়া দৃঢ় বিশ্বাস॥
তান্ত মন মজে  এতেকে উপজে
 পৰম প্ৰেম ভকতি।
তনু পুলকিত  হোৱে ৰোমাঞ্চিত
 আনন্দে আকুল অতি॥ ১৬১
শৰীৰ সিহৰে  লোতক নিগৰে
 দ্ৰবে চিত্ত আতিশয়

[ ৩৮ ]

কান্দয় বাগড়ি এতদিন এড়ি
 আছা মোক কৃপাময়॥
হোৱয় স্ফূৰুতি  কৃষ্ণৰ মূৰুতি
 মনত থাকে আকলি।
ছিন্দে মায়া ফান্দ  উপজে আনন্দ
 কতো হাসে খলখলি॥ ১৬২
কতোহো উৎসুকি  হৰি বুলি উকি
 দিয়া গোবিন্দক ডাকে।
কৰো যোৰহাত  হে প্ৰাণ নাথ
 কৰিয়ো কৃপা আমাকে॥
মিলে আসৰিষ  মনত হৰিষ
 কতো উঠে নৃত্য কৰে।
ফুৰে জুমি জুমি  কৈক যাইবা তুমি
 চাম্প দিয়া যেন ধৰে॥১৬৩
চিন্তি চক্ৰপাণি  অলৌকিক বাণী
 বোলে কতো কদাচিত।
কতো প্ৰেম ভাৱে  নাম গুণ গাৱে
 গোবিন্দত দিয়া চিত্ত॥
কৰে কৃষ্ণ লীলা  যিমতে কৰিলা
 পুতনাৰ স্তন পান।
ধৰি চক্ৰবাত  পাড়ায় শিলাত
 বককো কৰে নিৰ্য্যাণ॥১৬৪

[ ৩৯ ]

অৰ্জ্জুন উভঞ্জে লৱনুক ভুঞ্জে
 গোপীৰ বঢ়াই উৎসুক।
যতেক অসুৰ কৰে মসীমূৰ
 অৰিষ্ট অঘ ধেনুক॥
দুষ্ট সৰ্প কালী হ্ৰদৰ নিকালি
 বন বহি কৰে পান।
কতো লীলা কৰি গোবৰ্দ্ধন ধৰি
 গোকুলক কৰে ত্ৰাণ॥১৬৫
দশন উভাৰি কুবলয় মাৰি
 কতো পশি ৰঙ্গশালা।
কান্ধে হস্তী দান্ত লোকক দেখান্ত
 যেন গোপালৰ লীলা॥
মই কৃষ্ণ বুলি ধৰিয়া আম্ফ লি
 আছাড়ি মাৰয় মাল।
ঘণ্টাক লাড়িয়া ভূমিত পাৰিয়া
 কৰে কংস ৰায়ৰ কাল॥১৬৬
মাৰিলা বৈৰক দেখায়া লোকক
 কতো নাচে নানা ছন্দে।
প্ৰেমে হুয়া মত্ত কৃষ্ণ লীলা যত
 আপুনি কৰে আনন্দে॥
হে কৃষ্ণ প্ৰাণ কৰা পৰিত্ৰাণ
 বোলে কতো সচকিতে।

[ ৪০ ]

ভকতি প্ৰভুৰ এতেক মধুৰ
 আবেসে জানিলো চিত্তে॥ ১৬৭
হৰি ৰসে ভুলি কৃষ্ণতে সমূলি
 মজে মন জীৱ প্ৰাণ।
গৃহ শৰীৰকো পাসৰে সবাকো
 নৰহে কাহাঁতো জ্ঞান।
কতোহোঁ মূৰুতি  হোৱয় বিদিত
 জুৰয় নয়ন দুই।
পুলকিত কায়  ঈশ্বৰক পায়
 সুখে থাকে মৌন হুই॥ ১৬৮
আনন্দতে মজে  হৃদয়ত ভজে
 হৰিক মনত স্মৰে।
সিটো ভকতক  দেখিল মাত্ৰকে
 তিনিয়ো জগতে তৰে।
যত গৃহ বাস  বিষয় বিলাস
 দেখে সমস্তকে মিছা।
কৃষ্ণৰ চৰণ  সেৱাতেসে মন
 মুকুতিকো নাই ইচ্ছা॥ ১৬৯
শুনিলা নৃপতি  কৃষ্ণত ভকতি
 কৰন্তে পৰম সুখ।
অপ্ৰয়াসে হয়  নাহি ধন ব্যয়
 নলাগে গাৱত দুখ॥

[ ৪১ ]

নকৰি প্ৰৱন্ধ ছিণ্ডে কৰ্ম্ম বন্ধ।
 পুৰুষে নজানে তাক।
নাৰায়ণ পৰ  হোৱে যিটো নৰ
 সুখতে তৰে মায়াক॥ ১৭০
সংসাৰ তাৰণ  কৃষ্ণৰ চৰণ
 শৰণ পশিয়ো তাত।
কহিলো প্ৰত্যেকে  নৃপতি এতেকে
 এৰাইবা মায়াৰ হাত॥
যেন নিমি ৰায়  পুছিলা উপায়
 কৰিলা তাক প্ৰকাশ।
হেন শুনি ৰাজা  সমজ্যাৰ প্ৰজা
 সবেও পাইলা উল্লাস৷৷ ১৭১

——

[ ৪২ ]

ছবি

শুনা সভাসদ যত বুজিয়া শাস্ত্ৰৰ তত্ত্ব
 সাধু সঙ্গে কৰিয়োক ৰতি।
জনম নকৰা বৃথা মহন্তৰ মুখে কথা
 শুনি কৰা কৃষ্ণত ভকতি॥
ক্ষণে ক্ষণে টুটে আয়ু, কৈত ছুটে প্ৰাণ বায়ু
 ইটো চিন্তা নথাকে মনত।
বন্ধু মাধৱক এড়ি খেলাৱে মায়াৰ খেড়ি
 কিনো মোহে ভৈল বুদ্ধি হত॥ ১৭২
অন্তকে ধৰিলে পৰা, জানিয়া চেতন ধৰা
 ছাড়া ছাৰ বিষয়ৰ ধান্ধা।
কৃষ্ণত দিয়োক চিত্ত মৰণ সম্বল বিত্ত
 হৰিৰ নামক গলে বান্ধা॥
মিছা ইটো লাট-পাট, ভাগিবেক ভৱহাট
 নিবে কালে ক্ষণেকে সংহৰি।
সন্তৰ সঙ্গতি লৈয়া, হৰিপৰায়ণ হৈয়া
 নিৰন্তৰে বোলা হৰি হৰি॥ ১৭৩

[ ৪৩ ]

পদ

পুনৰপি নৃপতি পুছন্ত প্ৰণিপাতে।
কহিয়োক সিদ্ধ সব ইকথা আমাতে॥
বোলা তৰে নাৰায়ণপৰেসে মায়াক।
কোন নাৰায়ণ ৰূপ কহিয়ো আমাক॥ ১৭৪
কোনোবা কৰন্ত কৰ্ম্ম প্ৰভু নাৰায়ণ।
কহিয়োক মোত তান স্বৰূপ লক্ষণ॥
সংসাৰ তাপত মৰো বিষয় বিষাদে।
হেন বা তৰিবে পাৰো তোমাৰ প্ৰসাদে॥ ১৭৫

মহৰ্ষি পিপ্পলায়নৰ নাৰায়ণৰ ৰূপ কথন

শুনিয়া পিপ্ লায়নে দিলন্ত উত্তৰ।
শুনা কহোঁ নাৰায়ণ ৰূপ নৃপবৰ॥
সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ।
যাত পৰে পৰম ঈশ্বৰ নাহি কেৱ॥ ১৭৬
স্বপ্ন জাগৰণ যিটো নিৰ্ভৰ নিদ্ৰাত।
সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাত॥
সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক।
জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক॥ ১৭৭
পৰমাত্মা বুলি তাক কহে মুনিগণ।
তেহেন্তে পৰম তত্ত্ব জানিব ৰাজন॥

[ ৪৪ ]

হৰি হৰ বিধি যাৰ থাকে আজ্ঞা কৰি।
ঈশ্বৰৰৰ ঈশ্বৰ তেহেন্তে মহা হৰি॥ ১৭৮
তাঙ্কে নাৰায়ণ বোলে জানিবা নৃপতি।
তাহানেসে চৰণ সেৱায়ে সাধে গতি॥
প্ৰবৰ্ত্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক।
পৰমাত্মা বোলয় তেখনে মাধৱক॥ ১৭৯
সমাধিত বেকত হোৱস্তে গুছে ভ্ৰম।
তেখনে বোলয় জানা মাধৱক ব্ৰহ্ম॥
কৰন্ত যেখনে ইটো সৃষ্টি স্থিতি অন্ত।
তেখনে বোলয় মাধৱক ভগৱন্ত॥ ১৮০
ব্ৰহ্ম পৰামাত্মা ভগৱন্ত এক তত্ত্ব।
একৰেসে তিনি নাম লক্ষণ ভেদত॥
নপাৱে ইন্দ্ৰিয় সবে যাহাৰ ওচৰ।
যিটো নোহে মন বুদ্ধি বচন গোচৰ॥ ১৮১
যেন ফিৰিঙ্গতিচয় বহ্নিৰ বজাই।
নকৰে প্ৰকাশ সিটো বহ্নিক দুনাই॥
সেহিমতে মন আদি তান্তে হুয়া জাত।
মায়াত থাকিয়া তাঙ্ক নজানে সাক্ষাত॥ ১৮২
বেদেও যাহাক নিৰূপিবে নপিৰয়।
নিষেধৰ শেষ বুলি প্ৰকাৰে কহয়॥
যাত বিনে কাহাৰো নাহিকে একো সিদ্ধি।
যিটো ব্ৰহ্মতত্ত্ব হোৱে সবাৰো অবধি॥ ১৮৩

[ ৪৫ ]

তেন্তে নাৰায়ণ ৰূপ জানিবা নৃপতি।
তাহান চৰণে মাত্ৰ কৰিয়ো ভকতি॥
যদি বোলা ইটো তত্ত্ব কেহো নজানয়।
আছে বুলি কেনমতে কৰিবে প্ৰত্যয়॥ ১৮৪
তাহাৰ উত্তৰ শুনা হুয়া সাৱধান।
আছয় ইহাত ৰাজা অনেক প্ৰমাণ॥
কাৰণ নভৈলে নোহে কাৰ্য্যৰ উদয়।
সিটো সব ব্ৰহ্ম তাক শুনা মহাশয়॥ ১৮৫
সবাৰো কাৰণ হোন্ত প্ৰভু ভগৱান।
কাৰণৰ পৰা সবে কাৰ্য্যৰ বিধান॥
এক হুয়া বহু শক্তি ধৰে কিবা ৰূপে।
তাহাৰ নিদান ৰাজা শুনিয়ো স্বৰূপে॥ ১৮৬
একে ব্ৰহ্ম মাত্ৰ থাকে সৃষ্টিৰ আদিত।
জগত স্বৰূপে পাছে হোৱন্ত বিদিত॥
প্ৰকৃতি মহত অহঙ্কাৰ বুদ্ধি মন।
বহুবিধ বিষয় ইন্দ্ৰিয় দেৱগণ॥১৮৭
সবাৰো স্বৰূপ কৰে ব্ৰহ্মেসে প্ৰকাশ।
সমস্ততে যিটো কৰি আছম্ভ নিবাস॥
তেহেন্তেসে নাৰায়ণ জানিবা নৃপতি।
তাহান চৰণ সেৱা বিনে নাই গতি॥ ১৮৮
নাহি ক্ষয় বৃদ্ধি যিটো জন্ম মৃত্যু হীন॥
সমস্ততে সাক্ষীৰূপে আছা উদাসীন॥

[ ৪৬ ]

যদ্যপি আছন্ত ইটো জগত বিয়াপি।
নোচাৱে দেহৰ দোষে তাহাঙ্ক তথাপি॥১৮৯
জ্ঞান মাত্ৰ ৰূপ নিত্য নিৰঞ্জন কায়।
থাকা সৰ্ব্বকালে সৰ্ব্ব দেহতে সদায়॥
ইন্দ্ৰিয়েসে কৰে তাঙ্ক বিবিধ ভাবনা।
যেন এক প্ৰাণ তাৰ বিবিধ কল্পনা॥১৯০
নাহিকে বিকাৰ যাৰ সদা সুখময়।
তাহাঙ্ক জানিলে পাপ তাপ হোৱে ক্ষয়॥
ভকতৰ পৰম সুহৃদ প্ৰাণ সম।
তাহাঙ্কে বোলয় ব্ৰহ্ম জানা নৃপোত্তম॥১৯১
ইন্দ্ৰিয়ৰ বলে ৰাজা জন্মৰ বিকাৰ।
আত্মাৰ বিকাৰ নাই জানিবাহা সাৰ॥
ইহাৰ দৃষ্টান্ত এক কৰোহো প্ৰকাশ।
তোমাৰ হৈবেক তেবে সংশয় বিনাশ॥১৯২
মনুষ্যাদি চতুৰ্ব্বিধ প্ৰাণীৰ দেহত।
জীৱৰ সহিত প্ৰাণ থাকে অবিৰত॥
দেহৰ আছয় দোষ ব্যভিচাৰ সিদ্ধ।
কতো বাল্য কতো যুবা কত হোৱে বৃদ্ধ॥১৯৩
দেহতে থাকয় প্ৰাণ নাহি ব্যভিচাৰ।
সেহি মতে নাহি ইটো আত্মাৰ বিকাৰ॥
জাগৰণ কালে যিটো নিদ্ৰা উপগতে॥
অহঙ্কাৰ জিনিয়া থাকয় একমতে॥১৯৪

[ ৪৭ ]

হেনবা বুলি যিটো নাৰায়ণ তত্ত্ব।
জানিবা আছন্ত সমস্তৰ হৃদয়ত॥
কেতিক্ষণে কোনমতে হোৱন্ত সাক্ষাত।
কহিবো নৃপতি তাৰ উত্তৰ তোমাত॥ ১৯৫
যেখনে নিৰ্ভৰ নিদ্ৰা হোৱে উপস্থিত।
ইন্দ্ৰিয় সকল অহঙ্কাৰৰ সহিত॥
তেখনে আত্মাত গৈয়া সবে হোৱে লয়।
সেহি কালে আত্মা সাক্ষী স্বৰূপে থাকয়॥১৯৬
জীৱৰ হোৱয় আত্মা মাত্ৰ অনুভৱ।
নথাকয় বিষয় সম্বন্ধ লেশ লৱ॥
আত্মা অনুভৱ যদি ভৈলেক জীৱৰ।
তেবে কিয় সংসাৰক পাৱয় পুনৰ॥১৯৭
তাহাৰ উত্তৰ শুনা হুয়া সাৱধান।
সিকালতো থাকয় অবিদ্যা বিদ্যমান॥
সেহি হেতু ঘটে পুনু সংসাৰ আপদ।
লিঙ্গদেহ ভাঙ্গিলেসে মিলে মোক্ষ পদ॥১৯৮
যদি বোলা লিঙ্গ দেহ ভাগিব কিমত।
তাহান উত্তৰ ৰাজা কহোঁ স্বৰূপত॥
ধনৰ চেষ্টাক যিকালত এৰে মতি।
কেশৱৰ চৰণ সেৱাত বাঢ়ে ৰতি॥১৯৯
তেবে তাৰ হোৱে আসি ভকতি প্ৰবল
পখালে চিত্তৰ তাৰ আছে যত মল॥

[ ৪৮ ]

কেশৱ সেৱায়ে যাৰ ধৌত ভৈল চিত্ত।
হোৱে তাত তেবে আসি ঈশ্বৰ বিদিত॥২০০
কৃষ্ণক সাক্ষাতে দেখি হৈবে মোহ হীন।
আপোনাক নেদেখিব ঈশ্বৰত ভিন্ন॥
বেঢ়িছে পটলে যেন যাহাৰ নেত্ৰক।
সিটো জনে নেদেখে আগতে আদিত্যক॥২০১
গুছাইলেক ঔষধে চক্ষুৰ যেবে মল।
সি যেন সাক্ষাতে দেখে সূৰ্য্যৰ মণ্ডল॥
সেহিমতে কৃষ্ণ কথা শ্ৰৱণ কীৰ্ত্তনে।
গুণৰ কৰ্ম্মৰ মল ত্যজে তাৰ মনে॥২০২
নিৰ্ম্মল মনত হোৱে আত্ম পৰিচয়।
তেবেসে কৃষ্ণত দৃঢ়ভক্তি উপজয়॥
কৰ্ম্ম যোগতেসে হোৱে ভক্তিৰ উদয়।
হেনয় মনত ৰাজা কৰিবা নিশ্চয়॥২০৩
পুনৰপি পুছন্ত কৰিয়া যোৰহাত৷
কৈয়ো সিদ্ধ সব কৰ্ম্মযোগক আমাত॥
যাক জানি নৰে কৰে কৰ্ম্মৰ নিহাৰ।
উপজে পৰম জ্ঞান নিস্তৰে সংসাৰ॥২০৪
ইক্ষ্বাকু-পিতৃৰ আমি সমীপত তথা।
ব্ৰহ্মপুত্ৰ সবত পুছিলো ইটো কথা॥
নিদিলা সিদ্ধান্ত কিয় সনক সনন্দে।
কহিয়ো কাৰণ শুনো পৰম আনন্দে॥২০৫

[ ৪৯ ]

শুনি আবিৰ্হোত্ৰ সিদ্ধে দিলন্ত সিদ্ধান্ত।
শুনা সিটো কথা চিত্ত কৰি উপশান্ত॥
পৰম গহন অতি ইটো বেদ বাণী।
যাক শুনি মোহ দূৰ হোৱে মহাজ্ঞানী॥২০৬
বেদে যাক বিহিয়াছে তাকে বুলি কৰ্ম্ম।
বেদে যাক নিষেধিলে সেহিতো অকৰ্ম্ম॥
বিহিত নাচৰি হয় বিকৰ্ম্ম পাতেক।
এহি তিনিবিধ কৈলো তোমাত প্ৰত্যেক॥২০৭
বিকৰ্ম্ম অকৰ্ম্ম কৰ্ম্ম এহিটো ত্ৰিতয়।
বেদৰেসে মত জানা লৌকিক নহয়॥
যাক বেদ বোলে সিটো ঈশ্বৰ সাক্ষাত।
যিটো ঈশ্বৰত হন্তে হৈয়া আছে জাত॥২০৮
ইহাৰ অৰ্থত মোহ হোৱে মহাজ্ঞানী।
বেদৰ তত্ত্বক পাইব আন কোন প্ৰাণী॥
কৰ্ম্মযোগ জিজ্ঞাসি আছিল সিসৱত।
বালক সময়ে তাক বুজিবা কিমত॥২০৯
পৰম দুষ্কৰ কৰ্ম্ম যোগ আতিশয়৷
তুমিয়ো তৈসানি শিশু ইক্ষ্বাকু তনয়॥
এহি ভাবি নকহিলা সিকথা তোমাত।
সেহি কৰ্ম্ম যোগ আবে কহিবো সাক্ষাত॥২১০
যিমত গহন কৰ্ম্ম শুনা পৰিছেদ।
শিক্ষা দেই মূঢ়ক পৰোক্ষ বাদে বেদ॥

[ ৫০ ]

স্বৰ্গ সুখ আদি লোভ লগাই প্ৰথমত।
প্ৰবৰ্ত্তান্ত অজ্ঞানীক সকাম কৰ্ম্মত॥২১১
ভুঞ্জিবো বিশিষ্ট ভোগ লভিয়া স্বৰ্গক।
হেনয় কামনা কৰি অৰ্চ্চে ঈশ্বৰক॥
বাঢ়ে প্ৰতি বেদৰ শুনিয়া ফলশ্ৰুতি।
পাছে সেহি কৰ্ম্মে তাৰ সাধিবে মুকুতি॥২১২
যেন পিতৃ শিশুক লাড়ুৰ লোভ দিয়ে।
তাক পাইবো বুলি শিশু ঔষধক পিয়ে॥
পাছে খণ্ড লাড়ুৱে গৰ্ভৰো ৰোগ হবে।
সেহি মতে অজ্ঞানী বেদৰ শিক্ষা ধৰে॥২১৩
পাছে বেদে বোলে এৰা ইসব কামনা।
নিষ্কামে কৰিবা এক কৃষ্ণত অৰ্পণা॥
সেহি কৰ্ম্মে কৰাই বিষয়ত বিৰকতি।
উপজাইবে মাধৱত গৰম ভকতি॥২১৪
পৰম অজ্ঞানী হয় যিটো দুষ্ট চিত্ত।
ইসৱ নকৰে কৰ্ম্ম বেদৰ বিহিত॥
যাইবে সিটো বিকৰ্ম্ম পাপত অধোগতি।
মৰি মৰি উপজিবে যাতনাক প্ৰতি॥২১৫
হেন জানি নিয়মিব আপনাৰ চিত্ত।
কৰিব সাত্ত্বিক কৰ্ম্ম বেদৰ বিহিত॥
ছাৰিয়া কামনা কৰি অৰ্পণা ঈশ্বৰে।
পাইবেক পৰম সিদ্ধি তেবে সিটো নৰে॥২১৬

[ ৫১ ]

সেহি কৰ্ম্মে কৰে জানা কৰ্ম্ম নিবাৰণ।
ফল-শ্ৰুতি মানে হোৱে ৰুচিৰ কাৰণ॥
বেদ মতে কৰ্ম্ম-যোগ কহিলো নৃপতি।
তন্ত্ৰৰ মতক কহোঁ শুনিয়ো সম্প্ৰতি॥২১৭
আপুনি জীৱৰ যিটো অহঙ্কাৰ বন্ধ।
ছেদিবাক চাহে হেন কৰিয়া প্ৰৱন্ধ॥
ঈশ্বৰ কেশৱ দেৱ ভকতৰ নিধি।
তাহাঙ্কে কৰিবে পূজা যেন তন্ত্ৰবিধি॥ ২১৮
সেৱা কৰি গুৰুৰ পূৰিব মনোৰথ।
গুৰুৱে দেখাইবে তন্ত্ৰ মন্ত্ৰ পূজা পথ॥
যিটো মূৰ্ত্তি আপোনাৰ অভিমত জানি।
হৃদয়ৰ ঈশ্বৰক তাতে থৈব আনি॥২১৯
স্নান কৰি বসিবেক দেৱক সম্মুখে।
ভূত শুদ্ধি প্ৰাণায়াম কৰিবেক সুখে॥
অঙ্গন্যাস কৰান্যাস কৰি বিধিৱত।
দেহ শুদ্ধি কৰিবেক হৈবেক সংযত॥২২০
দিগ্‌ বন্ধন মন্ত্ৰে ৰক্ষা কৰিয়া বন্ধন।
হৰিক পূজিব জানা ইক্ষ্বাকু নন্দন॥
আদিতে কৰিব শুদ্ধি যত দ্ৰব্য চয়।
কীটআদি জন্তু যেন তাত নথাকয়॥২২১
ভূমি শুদ্ধি কৰিবেক মাৰ্জ্জন কৰিয়া।
কৰিব চিত্তৰ শুদ্ধি চঞ্চল এৰিয়া।

[ ৫২ ]

স্নান অনুলেপনে স্বমূৰ্ত্তি শুদ্ধি কৰি।
আসন প্ৰোক্ষণ কৰি বসিব সাদৰি॥২২২
প্ৰতিমাত বা মনতে হৰিক স্থাপিব।
যথা লব্ধ-উপচাৰে তাহাঙ্ক অৰ্চ্চিব॥
পাদ্য অৰ্ঘ্য আচমন আনো উপহাৰ।
যিবা পাৰে মিলাইবে পূজাৰ সম্ভাৰ।২২৩
কৰি ন্যাস যেন বিধি হৃদয় আদিক।
কৰিব হৃদয়ে ধ্যান ঈশ্বৰ মূৰ্ত্তিক॥
পাদ্য আৰ্ঘ্য আচমন মধুপৰ্ক স্নান।
বসন ভূষণ অঙ্গমালা দিব দান॥২২৪
গন্ধে পুষ্পে ধুপে যেন বিধি কহে তন্ত্ৰে।
সাঙ্গোপাঙ্গে কৃষ্ণক পূজিব মূল মন্ত্ৰে॥
কৰ্পূৰ তাম্বুল দিব সুবাসিত জল।
তুলসী পুষ্পৰ মালা নানা বিধ ফল॥২২৫
ঈশ্বৰৰ আছে আৰু পাৰ্ষদ যতেক।
নিজ নিজ মন্ত্ৰে সমস্তকে পূজিবেক॥
অৰ্চ্চিয়া বিনয় ভাৱে পঢ়ি স্তুতি নতি।
কৰিব কৃষ্ণৰ পাছে পূজা সমাপতি॥২২৬
আপোনাকো তেহ্ন মূৰ্ত্তি চিন্তিয়া মনত।
ঘ্ৰাণিয়া নিৰ্ম্মাল্য পাছে পিন্ধিব শিৰত॥
ঈশ্বৰক নিয়া হৃদি পদ্মে দিব ঠাই।
কৰণ্ডিত প্ৰতিমাক থৈবেক দুনাই॥২২৭

[ ৫৩ ]

অগ্নি সূৰ্য্য সলিল অতিথি হৃদয়ত।
ঈশ্বৰ ভাবিয়া পূজা কৰি বিধিৱত॥
এহিমতে মাধৱক পূজিবেক নিতে।
হৈবেক মুকুত সিটো অচিৰ কালতে॥২২৮
আমাত পুছিলা যেন আপুনি নৃপতি।
কৈলো কৰ্ম্ম-যোগ যেন জানিলো সম্প্ৰতি॥
যিটো নিয়মিলে মন তেজি অহঙ্কাৰ।
ইটো কৰ্ম্মযোগত তাৰেসে অধিকাৰ॥১২৯
আবে অভিমত যেন পুছিয়ো আমাত।
শুনি ৰাজা কহিলন্ত কৰি যোৰ হাত॥
অনেক জন্মৰ জানো আছে মহাভাগ।
সিহেতু সুধিবে তোমাসাক পাইলো লাগ॥২৩০
যেন যেন ৰূপে যিটো যিটো কৰ্ম্ম কৰি।
কৰিলা কৰন্ত কৰিবন্ত অৱতৰি॥
শুনিবাক ইচ্ছা আছে শুনায়োক তাকে।
ভৃত্য হেন বুলি মোক যদি দয়া থাকে॥২৩১
শুনি সিদ্ধ দ্ৰুমিলে উত্তৰ দিল পাছে।
ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম্ম যত আছে॥
শত কোটি জন্মে কোনে কহি পাইবে অন্ত;
সহস্ৰ বদনে যদি কহন্ত অনন্ত॥২৩২
নপাইবে গুণৰ তথাপিতো পৰিমিত।
তাক গণিবাক লাগি যিটো দেই চিত্ত॥

[ ৫৪ ]

সিটো মন্দমতি জ্ঞান-শূন্য সমুদায়।
সাগৰক কাঠি দিয়া জুখিবাক চায়॥২৩৩
পৃথিবীৰ ধূলি যিটো গণে কদাচিত।
কৃষ্ণৰ গুণক সিটো নপাৰে গণিত॥
জগত ঈশ্বৰ যিটো অনন্ত মহিমা।
আপুনো নজানে মায়া বৈভৱৰ সীমা॥২৩৪
গণি সংখ্যা কৰিবে শকতি আছে কাত।
তথাপি সংক্ষেপি কিছু কহিবো তোমাত॥
শুনা সাৱধানে কহো কৃষ্ণৰ চৰিত্ৰ।
হৌক মোৰ তনু মন বচন পবিত্ৰ॥২৩৫
কৃষ্ণ কথা শুনা আবে সবে সভাসদে।
গৃহে থাকি খায়া-দায়া পৰম সুখদে॥
নাহি ধন হানি শৰীৰতো কিছু শ্ৰম।
কৰ্ণৰো অমৃত শুনিবাক মনোৰম॥২৩৬
এতেকতে যতেক পাতক হোৱে ক্ষয়।
উপজে পৰম পুণ্য মিলে অভ্যুদয়॥
কৃষ্ণৰ চৰণে মিলে মহা প্ৰেমভাৱ।
কি কহিবো ইটো কৃষ্ণ কথাৰ প্ৰভাৱ॥২৩৭
দুৰ্লভ মনুষ্য দেহা নপাইবা দুনাই।
চিন্তামণি জন্ম হেৰা হাততে হৰাই॥
ইহাক নেদেখা যায় মোহে হুয়া অন্ধ।
ইটোকৃষ্ণ কথামৃত পানত প্ৰৱন্ধ॥২৩৮

[ ৫৫ ]

সংসাৰ ব্যাধিৰ ইসে ঔষধ প্ৰধান।
বিষয় অপথ্য তেজি ঝন্টে কৰা পান॥
আলোচন্তে অন্তকে সাধিবে সবে কাম।
জানিয়া ঘুষিয়ো নিৰন্তৰে ৰাম ৰাম॥২৩৯

⸻⸻

দুলড়ী

পঞ্চ মহাভূতে   প্ৰভু নাৰায়ণ
  নিৰ্ম্মিয়া ব্ৰহ্মাণ্ড কায়।
প্ৰথমে পুৰুষ   অৱতাৰ হুয়া
  পশিলা যাত লীলায়॥
যাহাৰ ইন্দ্ৰিয়ে   জীৱৰ ইন্দ্ৰিয়
  যাৰ জ্ঞানে ভৈলা জ্ঞান।
যাহাৰ নিশ্বাসে   ইন্দ্ৰিয় দেহৰ
  হোৱে চেষ্টা বল প্ৰাণ॥২৪০
যাৰ শৰীৰত   আছে ত্ৰি-ভুবন
  পৃথিবী পাতাল স্বৰ্গ।
যিটো সত্ত্ব আদি   তিনি গুণ এৰে
  কৰে স্থিতি লয় সৰ্গ॥
ৰজো-গুণে ব্ৰহ্মা   সত্ত্ব-গুণে বিষ্ণু
  তমো-গুণে ৰুদ্ৰ হয়।

[ ৫৬ ]

তিনি মূৰ্ত্তি ধৰি   প্ৰজাক সততে
  কৰা সৃষ্টি স্থিতি লয়॥২৪১
তেহেস্তে পুৰুষ   অৱতাৰ তান
  কৰিলো কৰ্ম্ম বিদিত।
শুনা নিমি আৰু   নৰ-নাৰায়ণ
  অৱতাৰ বিপৰীত॥
দক্ষৰ দুহিতা   মূৰ্ত্তি নামে তেহোঁ
  ভৈল ভাৰ্য্যা ধৰ্ম্মৰ।
তান্তে জাত ভৈলা   অৱতাৰ হুই
  নাৰায়ণ আৰো নৰ॥২৪২
যিটো কৰ্ম্মে কৰে   কৰ্ম্মক নিৰ্ম্মূল
  কৰে আত্ম-পৰিচয়।
নাৰদ প্ৰমুখ্যে   মুনিত তাহাক
  কহিলন্ত কৃপাময়॥
বদৰিকাশ্ৰমে   আছম্ভ অদ্যাপি
  পৰম তপ আচৰি।
যাৰ পাদ পদ্ম   অৰ্চ্চন্ত আজিয়ো
  অনেক ঋষি সাদৰি॥২৪৩
তপৰ প্ৰভাৱে   প্ৰকাশে শৰীৰ
  সম্যকে সূৰ্য্য সঙ্কাশ।
হেন দেখি পাছে   ইন্দ্ৰৰ মনত
  মিলিল পৰম ত্ৰাস॥

[ ৫৭ ]

ত্ৰৈলোক্য সম্পদ   লৈবে লাগি ঋষি
  কৰে হেন তপ ঘোৰ।
জানিলো দুৰ্জ্জয়   ঋষিৰ নিদানে
  সৰ্ব্বনাশ হৈবে মোৰ॥২৪৪
কৰিল আদেশ   মদনক চাই
  চলিয়ো তুমি অনঙ্গ।
নৰ-নাৰায়ণ   ঋষিৰ তপস্যা
  সত্ত্বৰে কৰিয়ো ভঙ্গ॥
মলয় পৱন   কোকিল বসন্ত
  আমাক তুমি উদ্ধাৰা।
মদনৰ সঙ্গে   চলিয়ো সত্ত্বৰে
  যত আছা অপেস্বৰা॥২৪৫
ইন্দ্ৰৰ আদেশে   মদন লৰিলা
  লৈয়া নিজ পৰিবাৰ।
যত অপেস্বৰী  লড়িলা প্ৰৱন্ধে
  পিন্ধি দিব্য অলঙ্কাৰ॥
ঋষিৰ সমীপে   পাতিলন্ত নৃত্য
  পৰম ৰঙ্গে অনঙ্গ।
সুললিত গীত   গাৱে বিদ্যাধৰে
  গন্ধৰ্ব্বে ঠুঙ্কে মৃদঙ্গ॥২৪৬
বহে মন্দ বায়ু   বসন্ত মিলিল
 কোকিলৰ কুহু নাদ।

[ ৫৮ ]

পুষ্পৰ সুৰভি   গন্ধে আমোদিত
  মদনে কৰে উন্মাদ॥
অপেস্বৰী সবে   কটাক্ষ নিৰিখ
  ঋষিক কৰে সন্ধান।
নজানি ঈশ্বৰ   ভাৱক মদনে
 প্ৰহাৰে কুসুম বাণ॥২৪৭

⸻⸻

ছবি

দেখিয়া ইন্দ্ৰৰ মায়া   মহাঋষি নাৰায়ণে
  নকৰিলা কটাক্ষো কিঞ্চিত।
থাকিলন্ত ধৈৰ্য্য ধৰি   যেন মহা মেৰুগিৰি
  তপত নিবিড় কৰি চিত্ত॥
দেখি পাছে দেৱ গণ   ভৈলন্ত ব্যাকুল মন
  হিয়াত মিলিল মহাত্ৰাস।
স্থিৰ নোহে হাত ভৰি   কম্পে তনু তৰ তৰি
  ঋষি শাপে হৈবে সৰ্ব্বনাশ॥২৪৮
পাছে প্ৰভু নাৰায়ণ   দেখন্ত দেৱতা গণ
  মৰে যেন ভয়ত সমূলি।
হাসিয়া লগাইলা মাত   নিষেধন্ত তুলি হাত
  নকৰা নকৰা ভয় বুলি॥

[ ৫৯ ]

মদন মাৰুত হেৰা   শুনা সবে অপেস্বৰা
  কৰিয়ো আমাক অনুকূল।
স্বৰ্গহন্তে আইলা সাজি   হুয়োক অতিথি আজি
  আশ্ৰমৰ ভুঞ্জা ফল মূল॥২৪৯
সবাকো কৰিয়া দয়া   পৰম নিৰ্ভয় দিয়া
  যেবে হেন বুলিলা আশ্বাস।
মুণ্ডত বুলাইলা হাত   মুখত বজাইলা মাত
  দেৱগণে তেজিলেক ত্ৰাস॥
কৰি পাছে চিত্ত স্থিৰ   লজ্জাভাৱে নমাই শিৰ
  বোলে বাক্য কৰি নমস্কাৰ।
হৃদয়ে নভৈল ক্ষোভ   নকৰিলা স্ত্ৰীক লোভ
  ইটো কোন আশ্চৰ্য্য তোমাৰ॥২৫০
যত মহা জ্ঞান বৃদ্ধ   মুনিগণ সুৰ সিদ্ধ
  তোমাকেসে সেৱে দমাই মাথ।
জিনিলা দুৰ্জ্জয় মায়া   আমাকো কৰিলা দয়া
  কিনো ক্ষমাশীল জগন্নাথ॥
সজ্জনে তোমাক সেৱে   দেখি ইন্দ্ৰ আদি দেৱে
  অনেক বিঘিনি কৰে তাত।
আমাক লঙ্ঘিয়া যাই   বৈকুণ্ঠত লৱে ঠাই
 এহি বুলি মিলাৱে বিঘাত॥২৫১
নভজে তোমাৰ পাৱে   যাৰ পূজা খাইবে পাৱে
  নকৰে বিঘিনি কিছু তাক।

[ ৬০ ]

তোমাৰ মায়ায়ে অন্ধ   নিবিচাৰে ভাল মন্দ
  কি কহিবো দেৱ বিচেষ্টাক॥
ভকতে তোমাত গয়   তিলেকো নকৰে ভয়
  আপুনি ৰক্ষক তুমি হৰি।
নিশ্চয়ে কহিলো সাৰ   ইন্দ্ৰ আদি দেৱতাৰ
  বিঘ্নিৰ মুণ্ডত দেই ভৰি॥২৫২
তোমাত নকৰে ৰতি   তপতেসে কৰে মতি
  শুনা যেন তাহাৰ অৱস্থা।
ক্ষুধা তৃষ্ণা মোহ কাম   অপাৰ সাগৰ সম
  সি সবকে তৰয় সৰ্ব্বথা॥
তথাপিতো মূঢ়মতি   ক্ৰোধে বশ হুয়া আতি
  গো-খোজত যেন মজে পাছে।
তপ ধৰ্ম্ম ব্ৰত কষ্ট   ব্যৰ্থে সবে কৰে নষ্ট :
  তাত পৰে কোন মন্দ আছে॥২৫৩
যেন মাথে ৰোজা লৈয়া   আথা জলে নামে গৈয়া
  উটে বোজা নপাৱে উমান॥
সেহি মতে দান ব্ৰত   জন্মাবধি কৰে যত
  ক্ৰোধে কৰে সবাকো নিৰ্য্যাণ॥
তোমাত বিমুখ যিটো  জীৱন্ততে মৰা সিটো
  আত্মঘাতী পৰম দুৰ্ম্মতি॥
আমি হেৰা নমাই মাথ   প্ৰণামো জগত নাথ
  জন্মে জন্মে তুমি হৈবা গতি॥২৫৪

[ ৬১ ]

দুলড়ী

শুনা সভাসদ   ভাগৱত পদ
  হুয়া আতি নিশবদ। .
পাপ হোৱে ক্ষয়   মিলে মহোদয়
  খণ্ডয় দুখ আপদ॥
আছে পূণ্য যাত   কৃষ্ণৰ কথাত
  সিজনেসে পাতে কাণ।
সূচী যেন তাৰে   শুনিবে নপাৰে
  পাতকী যিটো প্ৰধান॥২৫৫
সেহিসে অসুৰ    সেহিসে পশুৰ
  সদৃশ জীৱন ধৰে।
কৃষ্ণক নভজি    অমৃতক তেজি
  যেন বিষ ভুঞ্জি মৰে॥
আবে বুদ্ধ লোক   যাইবা পৰলোক
  কোন গতি হৈব পাছে।
কৃষ্ণৰ চৰণ    কৰিয়ো স্মৰণ
  যাৱত চেতন আছে॥২৫৬
ছাৰি আন কাম   কৃষ্ণ গুণ নাম
  বুলিয়ো বাক্য প্ৰকাশি।
এতেকে সহায়    হৈব যদুৰায়
  মৰণ শঙ্কটে আসি॥

[ ৬২ ]

পৰম বান্ধৱ    ঈশ্বৰ মাধৱ
   তাঙ্ক নকৰিয়ো হেলা।
তান্তে দিয়া মন   অথিৰ জীৱন
   কৈক যাই কোন বেলা॥২৫৭
বিষয় নিকাৰ   পায়া বাৰম্বাৰ
  তথাপি নছাৰে ধান্ধা।
কৃষ্ণ গুণ যশ    পৰম সৰ্ব্বস
  জানি সবে গলে বান্ধা॥
দুৰ্ঘোৰ সংসাৰ    আত নাহি পাৰ
  স্মৰিয়ো হৰিৰ নাম।
ছাৰিয়া সপন   ধৰিয়ো চেতন
  ডাকি বোলা ৰাম ৰাম॥২৫৮

 

পদ

দ্ৰুমিল বদতি ৰাজা শুনা অনন্তৰ
কামদেৱ আদি যত ইন্দ্ৰ অনুচৰ॥
এহি মতে স্তুতি যেবে কৰন্তে আছয়।
শুনা তাসম্বাৰ যেন মিলিলা বিস্ময়॥২৫৯
গুণন্ত মনত কৃপাময় দেৱ হৰি।
ৰূপৰ দৰ্পত ইটো যত অপেশ্বৰী॥

[ ৬৩ ]

আমাক মোহিবে আইলা এড়ি স্বৰ্গপুৰ।
আজি তাসম্বাৰ ৰূপ দৰ্প কৰো চূৰ ॥২৬০
হেন মনে গুণি পাছে প্ৰভু নাৰায়ণ।
দেখাইলা সাক্ষাতে অসংখ্যাত নাৰীগণ॥
যোড়শ বয়সী নিৰুপমা ৰূপৱতী।
প্ৰত্যেকে দেখিয় যেন লক্ষ্মী মূৰ্ত্তি সতী॥২৬১
কঙ্কণ কেয়ুৰ জ্বলে অঙ্গে হেম-হাৰ।
চিকি-মিকি কৰে ৰত্নময় অলঙ্কাৰ॥
কৰ্ণে ডোলে মণিময় মকৰ কুণ্ডল।
পূৰ্ণ শশী সম জ্বলে বদন মণ্ডল ॥২৬২
সুন্দৰ দেৱাঙ্গ বস্ত্ৰ অঙ্গে পৰিধান।
সমস্তে পদ্মিনী শৰীৰত পদ্ম–ঘ্ৰাণ॥
কটাক্ষে ত্ৰৈলোক্য মোহ ৰূপে নিৰুপমা।
ওচৰো নপাৱে ৰূপে ৰম্ভা তিলোত্তমা॥২৬৩
কৰে সেৱা নাৰায়ণ ঋষিক আৱৰি।
বিঞ্চে কতো ধৱল চামৰ কৰে ধৰি॥
অনুৰাগে কামিনী কুৰালে কতো কেশ।
আগত যোগাৱে কতো বিবিধ সন্দেশ॥২৬৪
কতো গন্ধ চন্দন সুন্দৰী ঘসে গায়ে।
কৰ্পৰ তাম্বুল কতো যুৱতী যোগাৱে॥
আগত লগাৱে ধূপ সুৰভি সুবাস।
কৰাৱে সুন্দৰী কতো দিব্য পুষ্প লাস ॥২৬৫

[ ৬৪ ]

আছে কতো ৰমণী ৰমণ প্ৰেমে মজি।
আছন্ত ঈশ্বৰ কাৰ গাৱত আৱজি॥
নিৰেখন্ত নয়নে বয়নে অল্প হাঁস।
কৰন্তে আছন্ত শত্ৰু কোটিৰ বিলাস ॥২৬৬
কতো গজ গতি কৰে লীলা লয় লাস।
কতো পাৱ ঝাণ্টে মাতে কতো পৰিহাস॥
কতো সুললিত গীত গাৱে তাল ঠুকি।
কতো কতো দিব্য যন্ত্ৰ বজাৱে উৎসুকি॥২৬৭
মধুৰ মৃদঙ্গ বাদ্য বাৱে কতো ৰঙ্গে।
কতোহো কামিনী নাচে মহা অঙ্গে ভঙ্গে।
বাজে ৰুণু-ঝুনু কৰি কেয়ুৰ কঙ্কন।
কাম আদি দেৱৰ দেখিয়া ভোলে মন॥২৬৮
পদ্মৰ সৌৰভ শৰীৰত পায়া ঘ্ৰাণ।
ভৈলা মহা মোহ হৰিলন্ত স্মৃতি-জ্ঞান॥
বিদ্যাধৰী সবো পদ্মিনীক পায়া দেখা।
ভৈলা অতি মোহ পুৰুষৰ কোন লেখা॥২৬৯
পৰম নিঃশ্ৰীক দেখি যত অপেস্বৰা।
পূৰ্ণচন্দ্ৰ উদয়ে নজ্বলে যেন তৰা॥
আদিত্যৰ আগত বাতিৰ জ্যোতি নাই।
ভৈল সবে সেহি মতে মৃতক পৰাই॥২৭০
ৰমণী সৱৰ ৰূপ গুণ শুনি তয়।
শ্ৰীহত ভৈল সৱে দেৱ দেবীচয়॥

[ ৬৫ ]

চাহিবাক নপাৰিয়া নমাই আছে মাথ।
বোলন্ত সবাকো মাতি পাছে জগন্নাথ॥ ২৭১
শুনা অপেশ্বৰা হেৰা মাৰুত মদন।
নিয়া আসম্বাৰ বাছি দিলো একজন॥
শুনিয়া মদনে বোলে নলাগে নলাগে।
থাকিবৰো যোগ্য নোহো তাসম্বাৰ আগে॥ ২৭২
দিয়োক বিদায় মিছা নপাতা জঞ্জাল।
পিন্ধাইবাক চাহ বানৰক হাৰ মাল॥
বুলিলন্ত হৰি কতোবেলি চাহি আছি।
আপোনাৰ সদৃশ জনকে নিয়া বাছি॥ ২৭৩
শুনিয়া মদনে বোলে নিৰেখি নিৰেখি।
ইহাৰ সমান ৰূপ জনেকো নেদেখি॥
হাঁসিয়া বোলন্ত আত নাহিকে দূষণ।
নিয়োক জনেক হৌক স্বৰ্গৰ ভূষণ॥ ২৭৪
এহি হৌক বুলি ফৌজে সমে কামদেৱ।
কৰিলা সপতে পড়ি কেশৱক সেৱ॥
উৰ্ব্বশী নামত নাৰী অতি ৰূপৱতী।
তাঙ্ক আগ কৰি সৱে গৈলা অম্ৰাৱতী॥ ২৭৫
আছন্ত বাসৱ বসি সুধৰ্ম্মা সভাত।
দশ-দিক-পাল দেৱ সব অসংখ্যাত॥
সবাকে শুনায়া বোলে ইন্দ্ৰক প্ৰণামি।
আজি মহা ভাগ্যেসে নিস্তৰি আইলো আমি॥ ২৭৬

[ ৬৬ ]

নাৰায়ণ দেৱৰ মহিমা যত যত।
প্ৰকটি কহিলা সবে ইন্দ্ৰৰ আগত॥
শুনি আতি ত্ৰাস ভৈলা মিলিলা বিস্ময়।
কথাতে কম্পিলা ইন্দ্ৰ দেৱৰ হৃদয়॥ ২৭৭
নাৰায়ণ মহিমা শুনম্ভে ভয় ভীতি।
উৰ্ব্বশীক দেখি ইন্দ্ৰ ভৈলা মহা প্ৰীতি॥

মহৰ্ষি দ্ৰুমিলৰ অৱতাৰ তত্ত্ব কথনডাঙৰ আখৰ

দ্ৰুমিল বদতি ৰাজা শুনিলা সাম্প্ৰত।
নাৰায়ণ দেৱৰ মহিমা যত যত॥ ২৭৮
কহোঁ আবে শুনা আৰো অৱতাৰ কথা।
এহিসে পৰম ধৰ্ম্ম জানিবা সৰ্ব্বথা॥
ব্ৰহ্মাৰ তনয় সবে পুছিলা ব্ৰহ্মাক।
কহিয়োক পিতৃ আত্মতত্ত্ব বুলি কাক॥ ২৭৯
কি কহিবে নজানন্ত ব্ৰহ্মায়ো সম্প্ৰতি।
ভৈলা লাজে অধোমুখ পাছে প্ৰজাপতি॥
হেন দেখি মহাহৰি হংস ৰূপ হুয়া।
উড়িয়া পৰিল সত্য লোকক কম্পায়া॥ ২৮০
যেন শুক্ল পৰ্ব্বতেক প্ৰবেশি তথাত।
কহিলন্ত আত্মতত্ত্ব ব্ৰহ্মাৰ সভাত॥
দত্তাত্ৰেয় নামে হুয়া অত্ৰিৰ তনয়।
জ্ঞান দানে নিস্তাৰিলা অলৰ্ক্ক হৈহয়॥ ২৮১

[ ৬৭ ]

যদু নৃপতিত ইটো আত্মতত্ত্ব কৈলা।
তিনিয়ো ৰাজাৰ কৰ্ম্মবন্ধ ছেদ ভৈলা॥
ব্ৰহ্মাৰ মনত আসি ভৈলা অৱতাৰ।
জগত প্ৰসিদ্ধ সিদ্ধ সনত কুমাৰ॥ ২৮২
কহিলা ঈশ্বৰ জ্ঞান পৃথু নৃপতিত।
পৃথুৰ প্ৰসাদে ভৈল জগত বিদিত॥
ভৈলন্ত ঋষভ নামে নাভিৰ তনয়।
আমাৰ জনক যাক জগতে জানয়॥ ২৮৩
নাৰায়ণ অপুনি লীলায়ে অৱতৰি।
ভূমি পৰ্য্যটিলা জড় যোগচৰ্য্যা ধৰি॥
চাৰিয়ো বেদক দৈত্যে নিলা চুৰি কৰি।
দেখি হৰি হয়গ্ৰীৱ ৰূপে অৱতৰি॥ ২৮৪
দুষ্ট মধু দৈত্যক কৰিল স্কন্ধ ছেদ।
পাতাল পুৰৰ হন্তে উদ্ধাৰিলা বেদ॥
মৎস্যৰূপে অৱতৰি পুৰুষ পুৰাণ
পৃথিবী নৌকাত তোলাই শস্যৰ বিধান॥ ২৮৫
কৰিয়া নিস্তাৰ সিটো সত্যব্ৰত ৰায়।
প্ৰলয় জলত প্ৰভু তাৰিলা লীলায়॥
বৰাহ স্বৰূপে ভৈল ভয়ঙ্কৰ কায়।
মহা মেৰু গিৰি যাৰ খুড়াতে লুকায়॥ ২৮৬
আনিলা ভুমিক তুলি ৰসাতল হন্তে।
হিৰণ্যাক্ষ বীৰক মাৰিলা ছিৰি দন্তে॥

[ ৬৮ ]

ধৰিলন্ত হৰি আৰো কুৰ্ম্ম অৱতাৰ।
জম্বু দ্বীপ সম আতি শৰীৰ বিস্তাৰ॥ ২৮৭
ধৰিলা মন্দৰ গিৰি প্ৰভু পিঠি পাতি।
দেৱাসুৰে অমৃত মথিলা ৰঙ্গে আতি॥
গজেন্দ্ৰক মহা গ্ৰাহে গিলে বলে ধবি।
কৰিলা হৰিক স্তুতি আৰ্ত্তনাদ কৰি॥ ২৮৮
ভকতৰ দুখ দেখি নসহে হৃদয়।
গৰুড়কে এৰি ঝাম্প দিলা কৃপাময়॥
গ্ৰাহে সমে তানি তুলি তৰক মুৰাৰি।
চক্ৰে ছিৰিলন্ত দুই গ্ৰাহৰ কোৱাৰি॥ ২৮৯
গজ শৰীৰতে মোক্ষ দিলা হৃষীকেশ।
চতুৰ্ভুজ ৰূপে ভৈলা বৈকুণ্ঠে প্ৰবেশ॥
বাল্যখিল ঋষি সব অতি অল্প কায়।
পৰি গো-খোজক দেখে সাগৰ পৰাই॥ ২৯০
উটে বুৰে তল যাই গো খোজৰ জলে।
বাসৱে হাঁসিলা আসি মহা কৌতুহলে॥
অঙ্গুষ্ঠ প্ৰমাণ বাল্যখিল মুনিগণ।
যজ্ঞ-কাষ্ঠ আনিবাক প্ৰবেশিলা বন॥ ২৯১
আসন্তে পথত দেখে গো-খোজৰ জল।
পাৰ হৈবে খোজন্তে সমূলে গৈলা তল।
পলাশ পত্ৰৰ শিৰ বোজা মস্তকত।
দেখিয়া হাঁসিলা ইন্দ্ৰ আনন্দে মনত॥ ২৯২

[ ৬৯ ]

উটি বুৰি ফুৰে শ্ৰুতি বুদ্ধি ভৈলা হত।
ত্ৰাহি হৰি বুলি সবে স্মৰন্ত মনত॥
দেখি নাৰায়ণে হুয়া হৰি অৱতাৰ।
কৰিলা সবাকে সেহি আপদে উদ্ধাৰ॥ ২৯৩
বৃত্ৰ বধে বাসৱৰ ব্ৰহ্মবধ ভৈলা।
সেহি ভয়ে স্বৰ্গ এৰি ইন্দ্ৰ পলাই গৈলা॥
অনন্তৰে লৈলা হৰি চৰণে শৰণ।
সেহি সঙ্কটত তাক কৰিলা তাৰণ॥ ২৯৪
এক সময়ত দেব ৰমণী যতেক।
অসুৰৰ গৃহে বন্দী হুয়া আছিলেক॥
কেৱলে অনাথা হুয়া কৰন্ত ক্ৰন্দন।
মুক্ত কৰা জগন্নাথ এ ঘোৰ বন্ধন॥ ২৯৫
এহি বুলি শৰণ পশিলা অকপটে।
কৃপা কৰি তাসম্বাক ৰাখিলা সঙ্কটে॥
দানৱৰ ইন্দ্ৰ ভৈলা হিৰণ্যকশিপু।
পৰম দুৰ্জ্জন জগতৰে মহা ৰিপু॥ ২৯৬
দেৱৰ সৰ্বস্ব সবে হৰি নিলা বলে।
ভাল ভাল স্ত্ৰীক হৰি আনিলা নিস্খলে॥
পলাই নপাৱে পুৰী ভয়ে দেৱ গণ।
ত্ৰাহি হৰি বুলি লৈলা কৃষ্ণত শৰণ॥ ২৯৭
নৰসিংহ স্বৰূপে অভয় দান দিয়া।
নখে বিদাৰিলা হৰি হিৰণ্যৰ হিয়া॥

[ ৭০ ]

প্ৰত্যেক মনুৰ লগে প্ৰভু ভগৱন্ত।
অসুৰক যুদ্ধে মাৰি দেৱক ৰাখন্ত॥ ২৯৮
স্মৰণে খণ্ডয় মহা মহা উতপাত।
ভকত বৎসল দেৱ কেশৱ সাক্ষাত॥
কলা ৰূপে কৃষ্ণদেৱ ধৰি অৱতাৰ।
জগতক পালন কৰন্ত বাৰম্বাৰ॥ ২৯৯
বলি ৰাজা বলে জিনি লৈলা ত্ৰিভুবন।
দেৱতাৰ দুখ দেখি প্ৰভু নাৰায়ণ॥
বামন স্বৰূপে সবে দেৱতাক লাগি।
ভিক্ষা ছলে বলিৰ ত্ৰৈলোক্য লৈলা মাগি॥ ৩০০
অদিতি মাতৃৰ বাক্য কৰি প্ৰতিপাল।
বলিক আনন্দে দিলা সুতল পাতাল॥
স্বৰ্গতো অধিক সিটো বিতোপন পুৰ।
কৃষ্ণৰ প্ৰসাদে তাঙ্ক পাইলেক অসুৰ॥ ৩০১
সুতলত স্থান হৰি দিলন্ত বলিক।
মহা দিব্যপুৰী সিটো স্বৰ্গতো অধিক॥
পৰম ঈশ্বৰ মূৰ্ত্তি কৰে ধৰি গদা।
বলিক সম্মুখ হুয়া থাকন্ত সৰ্ব্বদা॥ ৩০২
জগত জুৰিল কায় বলি মাত্ৰ দেখে।
ফুটিল কটাহ তান চৰণৰ নখে॥
পাদোদকী গঙ্গা কৰে জগত পবিত্ৰ।
কি কহিবো বামনৰ পৰম চৰিত্ৰ॥ ৩০৩

[ ৭১ ]

ভৈলা আসি পৰ্শুৰাম নামে অৱতাৰ।
নিঃক্ষত্ৰী কৰিলা ভূমি তিনি সাত বাৰ॥
বহ্নি যেন কৰিলা দুষ্টৰ কুল দাহ।
বঢ়াইলন্ত মহন্তৰ পৰম উৎসাহ॥ ৩০৪
ভূতকাল অৱতাৰ কহিলো নৃপতি।
বৰ্ত্তমান অৱতাৰ শুনিয়ো সম্প্ৰতি॥
কৰিলা ৰাৱণে জগতকে অপকাৰ।
দেৱতাৰ মধ্যত লাগিল হাঁহাকাৰ॥ ৩০৫
দেখিয়া জন্মিলা ৰাম দশৰথ ঘৰে।
সীতাৰ নিমিত্তে সেতু বান্ধিলা সাগৰে॥
সবংশে ৰাৱণ মাৰি দেৱক তাৰিলা।
অযুত বৎসৰ ৰাজা আনন্দে কৰিলা॥ ৩০৬
আজিও ভুঞ্জন্ত ৰাজা ৰামে অযোধ্যাত।
বৰ্ত্তমান অৱতাৰ কহিলো তোমাত॥
অযোধ্যাৰ প্ৰাণী মানে স্বৰ্গপুৰে নিলা।
অতি অদভুত কীৰ্ত্তি লোকত ৰাখিলা॥ ৩০৭
শুনিয়ো পাচত হৈব যিটো অৱতাৰ।
দৈত্য সব হৈবে পৃথিবীৰ মহা ভাৰ॥
হেন দেখি লগে লৈয়া সহায় অনন্ত।
দৈৱকীত জন্মিব আপুনি ভগৱন্ত॥ ৩০৮
সি কাৰণে লগে লৈয়া দেৱ সঙ্কৰ্ষণ।
যদুকুলে জন্মিবন্ত প্ৰভু নাৰায়ণ।

[ ৭২ ]

কংস ভয় ছলে পাছে গোকুলক যায়।
দেৱৰো দুৰ্ল্লভ কৰ্ম্ম কৰিব তথায়॥ ৩০৯
পূতনা শোষণ তৃণাবৰ্ত্ত বিনাশন।
কেশী কংস চানুৰাদি কৰিব নিধন॥
পিতৃক মাতৃক অতি কৰিব মিনতি।
পাতিবন্ত পাছে উগ্ৰসেনক নৃপতি॥ ৩১০
নৰক পৌণ্ড্ৰক শাল্ব শিশুপাল আদি।
সবাকে নাশিব যত ধৰ্ম্মৰ বিবাদী॥
নিৰ্ম্মিব দ্বাৰকাপুৰী সাগৰৰ জলে।
নিব তৈকে মথুৰাৰ প্ৰজা যোগ বলে॥ ৩১১
যদুবংশ সমে তৈতে বঞ্চিব হৰিষি।
যোড়শ হাজাৰ হৈব কৃষ্ণৰ মহিষী॥
সবাতো হৈবেক জাত দ্বাদশ তনয়।
দেবাসুব মনুষ্যৰ সবাৰো দুৰ্জ্জয়॥ ৩১২
তাসম্বাৰ পুত্ৰ-নাতি হৈবেক অপাৰ।
ভকত জনৰ আবে খণ্ডিব নিকাৰ॥
সমস্ত লোকৰে আবে সাধিব মুকুতি।
ব্ৰহ্মা আদি দেৱগণে কৰিবন্ত স্তুতি॥ ৩১৩
থৈয়া আপোনাৰ যশ পৃথিবীত ভৰি।
বৈকুণ্ঠে চলিব দুনাই বংশক সংহৰি॥
আত অনন্তৰে হৈব বুদ্ধ অৱতাৰ।
অনেক পাষণ্ড শাস্ত্ৰ কৰিব প্ৰচাৰ॥ ৩১৪

[ ৭৩ ]

বেদ পথ এৰি যজ্ঞ কৰিব অসুৰ।
বাদে বিমোহিয়া কৰিবন্ত যজ্ঞ দূৰ॥
অসুৰ স্বভাৱ হৈব মনুষ্য যতেক।
ধৰাইব পাষণ্ড পথ তাহাকো প্ৰত্যেক॥ ৩১৫
মোহ হুয়া ভকতিক কৰিব ধিক্কাৰ।
আনসে কৰিব কৰ্ম্ম হুয়া অনাচাৰ॥
হৰি বিমুখক কৰি ভ্ৰমিব ভূমিত।
নচাহিব লোকে আপোনাৰ হিতাহিত॥ ৩১৬
হৈবেক আকুল ধন নাৰীৰ আক্ৰোশে।
হৰিক হেলিয়া নাশ যাইব এহি দোষে॥
বেদ বিধি বিমুখ হৈবেক দিনে দিনে।
নহৈব ধৰ্ম্মত মতি অধৰ্ম্মত বিনে॥ ৩১৭
ম্লেচ্ছ সব হৈব পৃথিবীৰ অধিকাৰ।
নকৰিব সুখ দুখ বিচাৰ প্ৰজাৰ॥
লোভ মোহে আকুল নচাইব গুণ দোষ।
সদায়ে কৰিব মাত্ৰ ধনত আক্ৰোশ॥ ৩১৮
হৈব দুষ্ট মন্ত্ৰী তাৰ ধৰিব বচন।
ধনৰ নিমিত্তে যেন খাৱে প্ৰজাগণ॥
এৰিবে স্বধৰ্ম্ম বেদ পথ হৈব লোপ।
হেন দেখি ঈশ্বৰৰ হৈব মহা কোপ॥ ৩১৯
কলিৰ শেষত কল্কী ৰূপে অৱতৰি।
দুৰ্জ্জন নৃপতি সব বিনাশিব হৰি॥

[ ৭৪ ]

ঘোড়াত চৰিয়া তীক্ষ্ণতৰ খাণ্ডা ধৰি।
কাটি ছিণ্ডি পাষণ্ডক পেলাইব সংহৰি॥ ৩২০
আশ্বাসিব আনিয়া ভকত যত আছে।
কলিৰ অন্তত সত্য প্ৰবৰ্ত্তাইব পাছে॥
মাধৱৰ জন্ম কৰ্ম্ম কহিলো নৃপতি।
ইহাৰে সে শ্ৰৱণ কীৰ্ত্তনে সাধে গতি॥ ৩২২
আত পৰে মহা ধৰ্ম্ম নাহি নাহি আৰ।
কৰিবা বাক্যত আবে বিশ্বাস আমাৰ॥
নথৈবা মনত ৰাজা সংশয় কিঞ্চিত।
বুলিয়োক আৰে কিবা শুনিক চিত্ত॥ ৩২২
শুনা সামাজিক জন কেশৱব কথা।
বিষয়ৰ অৰ্থে জন্ম নকৰিবা বৃথা॥
কাঁচৰ কাৰণে যেন তেজয় মাণিক।
জানি সাধুজনে যত্নে ভজিয়ো হৰিক॥ ৩২৩
পিতৃ-মাতৃ হৰিসে হৰিসে বন্ধু সাৰ।
হৰিসে সুহৃদ নিজ আতমা সবাৰ॥
ইহ পৰ লোকত হৰিক পাইবা লাগ।
যথা যায় তথা হৰি হন্ত সাতো আগ॥ ৩২৪
হেন বন্ধু মাধৱক অৱহেলি আমি।
কৰিলে আপুনি আপোনাক অধোগামী।
জানি শুনি এতেক তথাপি নপাওঁ সাক্ষী।
দেখিয়ো নেদেখো যেন খাইলো দুই আখি॥ ৩২৫

[ ৭৫ ]

দুৰ্জ্জন মনৰ সঙ্গে ভৈলো সৰ্ব্বনাশ।
নকৰিলো প্ৰাণ প্ৰভু তোমাত বিশ্বাস॥
আপুনি উদ্ধাৰ কৰা কৃপাময় মোক।
বোলা ৰাম ৰাম যত সামাজিক লোক॥ ৩২৬


ছবি

পুনৰপি পুছিলন্ত  নৃপতি প্ৰণতি কৰি
 শুনিয়োক সবে মহামুনি।
হৰিৰ ভকত সবে বিঘ্নিৰ মুণ্ডত ভৰি
 দিয়া ফুৰে কহিলা আপুনি॥
যিটো সবে ইন্দ্ৰিয়ক  জিনিবাক নপাৰয়
 ভোগত অধিক আশকতি।
কৃষ্ণৰ ভকতি হীন  ব্যৰ্থে আয় কৰে ক্ষীণ
 কৈয়ো তাসম্বাৰ কেন গতি॥৩২৭

মহৰ্ষি চমসৰ চতুৰাশ্ৰম কথন

শুনিয়া চমস সিদ্ধে  সম্বুদি সিদ্ধান্ত দেন্ত
 কহোঁ কথা তোমাত সম্প্ৰতি।
হৰিত নাহিকে মতি  নকৰে ভকতি ৰতি
 শুনা যেন তাহাৰ বিপত্তি॥

[ ৭৬ ]

মাধৱেসে নিজ পিতৃ  ঈশ্বৰ পৰম গুৰু
 তাঙ্ক যিটো জনে অনাদৰে।
গুৰু পিতৃ দ্ৰোহ পাপে পাইবে অতি দুৰ্গতিক
 সিটো মহা অধম পামৰে॥ ৩২৮
কৃষ্ণ মুখ হন্তে ভৈলা  সত্ত্বগুণে বিপ্ৰ চয়
 সত্বে ৰজে ক্ষত্ৰিয় বাহুত।
ৰজ তম গুণে বৈশ্য   জন্মিল উৰুৰ পৰা
 পদে শূদ্ৰ তমো গুণে জাত॥
চাৰিয়ো জাতিৰ জানা  সাক্ষাতে জনক হৰি
 তাহাঙ্ক নভজে চিত্ত দিয়া।
অৱজ্ঞা কৰিয়া সিটো যাইবে পাপী অধোগতি
 ভ্ৰষ্ট হৈবে তাৰ কুল ক্ৰিয়া॥ ৩২৯
নজানিসে যিটো জনে  নভজে কৃষ্ণক তাক
 অনুকম্পা কৰা মহাৰথ।
মাতি উপদেশ দিয়া  অজ্ঞানীৰ শুদ্ধ হিয়া
 ধৰিবেক ভকতিৰ পথ॥
কাক বুলি হৰি কথা  হৰিৰ কীৰ্ত্তন কিবা
 যিটো সবে একোৱে নেজানে।
স্ত্ৰী শূদ্ৰ অন্ত্যজাতি তাকে শিক্ষা দিবা মাতি
 ধৰিবে সিসবে অহো প্ৰাণে॥ ৩৩০
যি জন পণ্ডিত হুয়া  ভকতিত নেদে হিয়া
 তাৰ কথা কহোঁ সাৰে সাৰ।

[ ৭৭ ]

নিদিবাহা উপদেশ শুনন্তে পাইবেক ক্লেশ
 নাহিকে চিকিৎসা আৰ তাৰ।
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য বেদমত পায়া আছে
 ভকতিত আছে আধিকাৰ।
বেদ বাদে বিমোহিত কৰ্ম্মতেসে কদাচিত
 সেহি হেতু নাহিকে নিস্তাৰ॥ ৩৩১
কৰিবে নোৱাৰে কৰ্ম্ম জানান্তাতো নুপুছয়
 মূৰ্খ হুয়া বোলাৱে পণ্ডিত।
বেদৰ মধুৰ বাক্য শুনতে উৎসুক মিলে
 কেৱলে কৰ্ম্মত মজে চিত্ত॥
বেদ অভিপ্ৰায় গূঢ় তাহাকো নুবুজে মূঢ়
 আনতো কহৱে চাটু বাক।
কৰ্ম্ম কৰি পাইবো স্বৰ্গ  ভূঞ্জিবো বিবিধ ভোগ
 সেবিবেক অপেশ্বৰী জাক॥ ৩৩২
কাম ক্ৰোধ লোভ মোহ ৰাগ দ্বেষ অহঙ্কাৰ
 অনুদিনে বাঢ়ন্তেসে যায়।
প্ৰাণীৰ বধৰ অৰ্থে কৰে ঘোৰ হিংসা কৰ্ম্ম
 অভিমানী দাম্ভিক সদায়॥
নুহিকয় চিত্তশুদ্ধ কামুক লম্পট আতি
 সৰ্পৰ সদৃশ নেৰে ক্ৰোধ।
হৰি ভকতক দেখি কৰে অতি উপালন্ত
 সিটো মহা পাতকী দুৰ্ব্বোধ॥ ৩৩৩

[ ৭৮ ]

স্ত্ৰী সমে গৃহবাস মৈথুন সুখত আশ
 অন্যো অন্যে বোলে প্ৰিয় বাণী।
আজি পাইলো ইটো ধন, আৰু পাইবো যতমান
 এহি বুলি হাসে দুয়ো প্ৰাণী॥
নজানে দক্ষিণা বিধি পূজাৰো নাহিকে সিদ্ধি
 নজানে প্ৰাণীৰ হিংসা দোষ।
আপুন জীৱিকা অৰ্থে পশুগণ মাৰে ব্যৰ্থে
 তাতে মিলে মনত সন্তোষ॥ ৩৩৪
কুলীন ঐশ্বৰ্য্য ধন দান বিদ্যা ৰূপ বল
 ই সব গৰ্ব্বে অন্ধ মতি।
ঈশ্বৰ সহিতে মহা ভকতক নিন্দা কৰে
 সিটো মহা পাপী খল অতি॥
সমস্তে প্ৰাণীত হৰি আকাশ সদৃশ আছে
 তথাপি নোচোৱে দোষে গুণে।
সেৱিলে অভীষ্ট দেন্ত বেদে হেন কহিছয়
 মন্দ বুদ্ধি ইহাক নুশুনে॥
৩৩৫
স্ত্ৰী মদ্য মাংস সেৱা যি শাস্ত্ৰত কহি আছে
 তাক লৈয়া বাদ কৰি মৰে।
মহামূৰ্খ সিটো সব ঈশ্বৰক নভজিয়া
 পচিবেক নৰক ভিতৰে॥

[ ৭৯ ]

দুলড়ী

নমো নমো কৃষ্ণ চৰণ পঙ্কজ
 হৃদয় পদ্মত ধৰি।
মই মহাদীন মোক উদাসীন
 নকৰিবা প্ৰাণ হৰি॥ ৩৩৬
হে লক্ষ্মীপতি মহা মূঢ় মতি
 মোত পৰে নাহি আন।
তোমাৰ চৰণ তেজি পাপী মন
 ধনকেসে কৰে ধ্যান।
ই জন্মত বাপ  নেৰাইলো সন্তাপ
 ভাৰত বৰিষ পায়া॥
কৈত কাল চোৰে প্ৰাণ নেই মোৰে
 পৰিবে মনুষ্য কায়া॥ ৩৩৭
তেজিয়া সকলে  চলিবো একলে
 দুৰ্ঘোৰ যম কৰণে।
জানিয়া তথাপি নভজো অদ্যাপি
 অভয় তযু চৰণে॥
যতেক পঢ়িয়া  জানিয়া শুনিয়া
 স্থিৰ নোহে মতি মোৰ।
ব্যৰ্থে গৈল জন্ম কৰিছো পৰম
 কতনো পাতক ঘোৰ॥ ৩৩৮

[ ৮০ ]

কলিত সম্প্ৰতি  নভৈল ভকতি
 নপাইলো সাধু সঙ্গতি।
মই দুৰ্ব্বিনয়  জানি কৃপাময়
 আপুনি কৰিয়ো গতি॥
তোমাৰ ভৃত্যৰ  ভৃত্যৰো ভৃত্যৰ
 তানে ভৃত্য ভৈলো আমি।
মোক জগন্নাথ  নকৰা অনাথ
 নেৰিবা বান্ধৱ স্বামী॥ ৩৩৯
নেড়ে মোৰ মুখে যেন সুখে দুখে
 সদায় তোমাৰ নাম।
হে কৃষ্ণ প্ৰাণ দিয়া এহি দান
 ডাকি বোলা ৰাম ৰাম॥

পদ

নিগদতি চমস শুনিয়ে নিমি কথা।
হৰি বিমুখৰ কহোঁ যেনয় অৱস্থা॥ ৩৪০
কৃষ্ণক নভজি মজি মৰে দুষ্ট চিত্ত।
সাঞ্চে মহা যাতনা আপুনি বিপৰীত॥
কৃষ্ণক বিমুখ মানে জানিবা আশয়।
বাঢ়ে লোভ জগতক দেখে ধনময়॥ ৩৪১

[ ৮১ ]

ধৰ্ম্মেসে ধনৰ ফল ইহাক নজানে।
ৰাত্ৰি দিনে সাঞ্চে বিত্ত যত পাৰে মানে॥
নেদে দান দক্ষিণা নাৰাধে মনে হৰি।
পুত্ৰ ভাৰ্য্যা সমে মাত্ৰ ভুঞ্জে পেট ভৰি॥ ৩৪২
মৃত্যুকো নগণে সিটো ভৈল হত বুদ্ধি।
সকাম কৰ্ম্মৰ আবে শুনা যেন বিধি॥
স্ত্ৰী মদ্য মাংসতেসে আকুলিত মতি।
ঈশ্বৰৰ আজ্ঞা আৰ নুশুনে দুৰ্ম্মতি॥ ৩৪৩
দিনে ৰাত্ৰি চিন্তে মনে নানা বিষয়ক।
আগতে নেদেখে মহা ভক্তিৰ পথক॥
আচৰে সমস্ত ধৰ্ম্ম কৰিয়া প্ৰৱন্ধ।
সি সৱত তথাপি জ্ঞানৰ নাই গন্ধ॥ ৩৪৪
জগতৰ মাজে আছে যত প্ৰাণীগণ।
আপোন ইচ্ছায়ে মাংস কৰয় ভোজন॥
কৰে সদা নাৰী সঙ্গ আৰো মদ্য পান।
ইসবৰ নাহি জানা শাস্ত্ৰৰ বিধান॥ ৩৪৫
যদি বোলা ইমত দেখিয়া কোন ঠাই।
তাহাৰ বৃতান্ত কহো শুনা নিমি ৰায়॥
যিটো সৱ জন আছে মায়াত আবৃত।
প্ৰবৃত্তি শাস্ত্ৰক পঢ়ি সদা ব্যগ্ৰ চিত্ত॥ ৩৪৬
তাসম্বাৰো মাজে যাৰ যেন অধিকাৰ।
সেহি মতে কৰিবেক তাক ব্যৱহাৰ॥

[ ৮২ ]

বেদে বোলে সুৰাক কৰিবে মাত্ৰ ঘ্ৰাণ।
কদাচিতো নকৰিবে অমদ্য পান॥ ৩৪৭
নমাৰিবে পশুক এৰিবে মাংস আশা।
দেৱকে উদ্দেশি পশু নকৰিবে হিংসা॥
খাতু সময়ত স্ত্ৰীক কৰিবে আলাপ।
তাত বাজে নাৰী গমনত সিজে পাপ॥ ৩৪৮
ঈশ্বৰৰ আজ্ঞা ইটো যত বেদ বাক।
হৰিত বিমুখ সবে নমানয় তাক॥
বেদক নুবুজি সুৰা পাৰে মানে পীয়ে।
পাৰেমানে পশুমাৰি মাংস খায়া জীৱে॥ ৩৪৯
হুয়া কামাতুৰ একো দোষক নচাই।
কৰে স্ত্ৰীক আলাপ যেখনে বাঞ্ছা যায়॥
এহিতে বিশুদ্ধ ধৰ্ম্ম কেহো নজানয়।
বৃথা হিংসা ৰতি লোভে নৰকে পৰয়॥ ৩৫০
অনুদিনে হৃদয়ত বাঙ্কে পাপ মল।
যত কৰ্ম্ম কৰে মানে সকলে বিফল॥
নাহি দেহ দ্ৰব্য শুদ্ধি মিছা ধৰে প্ৰাণ।
দিনে দিনে বাঢ়ে পাপ পৰ্ব্বত সমান॥ ৩৫১
হৰি বিমুখৰ যেন কহিলো বিপত্তি।
শুনা পৰ লোকত তাহাৰ বিসঙ্গতি॥
ৰাত্ৰি দিনে কৰে মাত্ৰ জীবাক আক্ৰান্তি।
ধৰে বিষ্ণু মায়ায়ে নখণ্ডে ভয়-ভ্ৰান্তি॥ ৩৫২

[ ৮৩ ]

প্ৰবৃত্তিৰ পথত বেদৰ মত নাই।
কৃষ্ণত বিমুখ হুয়া অধোগতি যায়॥
মহা মূঢ় হুয়া বোলে মইসে পণ্ডিত।
বেদে যেন কহিয়াছে তাতে নেদে চিত্ত॥ ৩৫৩
পাইবো মনোৰথ সিদ্ধি মনে হেন মানে।
মোহ হুয়া অনেক পশুক বথে প্ৰাণে॥
পোষে পশু পক্ষী কৰে সিসবে বিশ্বাস।
গুছে ভয় থাকে চাপি গৃহস্থৰ পাশ॥ ৩৫৪
মাতিলে আপুনি খায় হাততে আহাৰ।
তাক যিটো জনে বধে শুনা গতি তাৰ॥
অস্ত্ৰ শস্ত্ৰ ধৰি পশু থাকে বাট চাই।
যেতিক্ষণে সিটো নৰ পৰলোকে যায়॥ ৩৫৫
কাটি ছিণ্ডি বেঢ়ি মোছৰয় কতো খাব।
ডোখৰ ডুখৰি কৰি মাংস খায় গাৰ॥
আত্মা ৰূপে ঈশ্বৰ পৰৰ শৰীৰত।
সৰ্ব্বদা আছন্ত তাক নুগুণে মনত॥ ৩৫৬
পৰক কৰয় দ্বেষ বৃথা দেহ লাগি।
নৰকত পৰে সিটো পৰম অভাগী॥
পুত্ৰ ভাৰ্য্যা দেহ গেহ ধন আদি যত।
স্নেহে বদ্ধ হোৱে ইটো শৱ শৰীৰত॥ ৩৫৭
সাজে ঘৰ বাড়ী কৰি অনেক আয়াস।
অপত্য সুহৃদ ধন বিষয় বিলাস॥

[ ৮৪ ]

অনিচ্ছায়ে সবাকো ক্ষণেকে এৰে দুখে।
পৰে তম নৰকত হৰি পৰাম্মুখে॥ ৩৫৮
মহামূঢ়মতি যাৰ পূৰ্ণ অহঙ্কাৰ।
ভকতক পাইলে সিটো হৈবেক নিস্তাৰ॥
যিটো তত্ত্বজ্ঞানী সদা হৰিকেসে স্মৰে।
সুধিবে নলাগে সিটো আপুনি নিস্তৰে॥ ৩৫
নুহি অতি মূৰ্খ কিছু শাস্ত্ৰ আছে জানি।
ভকতিক নধৰে নুহিকে তত্ত্বজ্ঞানী॥
সিটো মধ্যবৰ্ত্তী সব যাইবে অধোগতি
নেড়ায় কোটি কল্পতো মৰণ উতপতি॥ ৩৬০
মূৰ্খো নোহে জ্ঞানো নাই বাঞ্ছে স্বৰ্গ পথ।
চাৱে মাত্ৰ ধৰ্ম্ম অৰ্থ কাম মনোৰথ॥
নাহি উপশান্তি তাৰ ক্ষণেক হিয়াৰ।
কবে সিটো চিত্ত বিঘাতন আপোনাৰ॥ ৩৬১
অজ্ঞানক জ্ঞান বুলি মানিয়াছে মতি।
সিটো আত্মঘাতকীৰ শুনা যেন গতি॥
আনো আত্মঘাতী সৰ যৈত আছে পৰি।
সেহি অন্ধ নৰকক সিয়ো যায় লড়ি॥ ৩৬২
কতবা বৰিষ ভুঞ্জে নাহিকে নিস্তাৰ।
হৰি বিমুখৰ নাই যাতনাৰ পাৰ॥
শুনিলাহা অভকতে যেন পাৱে গতি।
সমস্তে কহিলো তাক তোমাত সম্প্ৰতি॥ ৩৬৩

[ ৮৫ ]

হেন জানি নিমি তুমি স্থিৰ কৰি মতি।
এক চিত্তে আচৰিয়ো হৰিৰ ভকতি॥
কৃষ্ণৰ চৰণে ধৰা সুদৃঢ় বিশ্বাসে।
তৰিবা সংসাৰ ঘোৰ তেবে অপ্ৰয়াসে॥ ৩৬৪
হেন শুনি প্ৰণিপাতে পুছন্ত নৃপতি।
শুনন্তেয়ো ত্ৰাস হৰি বিমুখৰ গতি॥
ভকতিসে তাৰে আক জানিলো নিশ্চয়।
ছেদিয়োক আৰ মোৰ মনৰ সংশয়॥ ৩৬৫

মহৰ্ষি কৰভাজনৰ ভগবানৰ বিভিন্ন মূৰ্ত্তি আৰু নাম কথন

কোন যুগে কোন মূৰ্ত্তি পূজি সাধে সিদ্ধি।
কোনবা আকাৰ বৰ্ণ কোন পূজা বিধি॥
কোন নাম জপিবেক কহিয়ো একান্ত।
দিলা হেন শুনি কৰভাজনে সিদ্ধান্ত॥৩৬৬
সত্য ত্ৰেতা দ্বাপৰ কলিত দেৱ হৰি।
অৱতাৰ হোন্ত ভিন্ন ভিন্ন ৰূপ ধৰি॥
নানা বৰ্ণ ভৈলা নানা নাম ৰূপ তাৰ।
আছিল পূজাৰ বিধি বিবিধ প্ৰকাৰ॥ ৩৬৭
শুনিয়োক ৰাজা যিবা যুগৰ বিধান।
সত্যে শুক্ল মূৰুতি বাকলি পৰিধান॥
মাথে জটা চাৰি ভুজ অজিন উত্তৰী।
অক্ষমালা দণ্ড কমণ্ডলু আছা ধৰি॥ ৩৬৮

[ ৮৬ ]

মহা ব্ৰহ্মচাৰী বেশ আতি অনুপাম।
সি কালৰ লোক শান্ত নিৰ্ব্বিৰ পৰম॥
পূজা কৰে হৰিক মনত ধৰি ধ্যান।
যিবা নাম জপে তাৰ শুনিয়ো প্ৰমাণ॥ ৩৬৯
হংস পৰমাত্মা ধৰ্ম্ম অব্যক্ত ঈশ্বৰ।
সুপৰ্ণ বৈকুণ্ঠ আৰো নাম যোগেশ্বৰ॥
অনন্ত পুৰুষ এই দশ গুটি নাম।
সত্যত মহন্ত লোকে জপে অবিশ্ৰাম॥ ৩৭০
ত্ৰেতাত ৰাতুল বৰ্ণ দেখন্তে সুবেশ।
যজ্ঞ মূৰ্ত্তি মাথাত পিঙ্গল বৰ্ণ কেশ॥
ত্ৰি-মেখলাধাৰী চাৰি ভুজ বিতোপন।
শ্ৰু শ্ৰুচ আদি চিহ্ন কৰন্ত ধাৰণ॥ ৩৭১
সি কালত লোকসব ধৰ্মিষ্ঠ পৰম।
সবে ব্ৰহ্মবাদী নাহি মায়াৰ বিক্ৰম॥
বেদোক্ত কৰ্ম্মেসে লোক হৰিক পূজয়।
পৰম ঈশ্বৰ তেহে সৰ্ব্ব-দেৱ-ময়॥ ৩৭২
যেন যেন নামে ঈশ্বৰক স্তুতি কৰে।
শুনিয়োক নৰপতি কহো নিৰন্তৰে॥
পৃশ্নিগৰ্ভ সৰ্ব্বদেৱ-ময়-বিষ্ণু-যজ্ঞ।
উৰুক্ৰম উৰুগায় বৃষাকপি সজ্ঞ॥ ৩৭৩
জয়ন্ত সহিতে এই অষ্ট গুটী নাম।
ত্ৰেতা যুগে লোক সবে জপে অনুপাম॥

[ ৮৭ ]

ইহাত ত্ৰেতাৰ লোকে সাধে মহা সিদ্ধি
দ্বাপৰ যুগৰ আবে শুনা যেন বিধি॥ ৩৭৪
দ্বাপৰে ঈশ্বৰ মূৰ্ত্তি অতি অনুপাম।
অতসী কুসুম সম সুকুমাৰ শ্যাম॥
শ্ৰীবৎস কৌস্তুভ হেম হাড় উৰঃস্থলে।
পদ্ম চক্ৰ চিহ্ন জ্বলে চাৰু কৰ তলে॥ ৩৭৫
মহাৰাজ বিভুতি সমস্ত অঙ্গে আছে।
দণ্ড ছত্ৰ চামৰে যোগাৱে আগে পাছে॥
প্ৰকাশ কৰয় চাৰি অস্ত্ৰ চাৰি পূজা।
বেদ তন্ত্ৰ মন্ত্ৰে সিকালতো কৰে পূজা॥ ৩৭৬
ঈশ্বৰক জানো বুলি যত মহাজন।
শুনা যেন মতে কৰে শ্ৰৱণ কীৰ্ত্তন॥
নমো বাসুদেৱ নমো নমো সঙ্কৰ্ষণ।
প্ৰদ্যুম্ন পুৰুষ অনিৰূদ্ধ ভগবান॥ ৩৭৭
সৰ্ব্বভূত আত্মা নমো নমো মহাত্মন।
বিশ্ব বিশ্বেশ্বৰ নমো ঋষি নাৰায়ণ॥

এহি বাহ্ৰ নামে দ্বাপৰত স্তুতি কৰে।
শুনা তন্ত্ৰ-বিধিক কলিৰ আত পৰে॥ ৩৭৮
কলিত প্ৰধান জানা কৃষ্ণ অৱতাৰ।
বেদতো অধিক তন্ত্ৰ মন্ত্ৰ হোৱে ছাৰ॥
কলিত কৃষ্ণৰ মূৰ্ত্তি দেখন্তে নিৰ্ম্মল।
যেন ইন্দ্ৰনীল ৰত্ন পৰম উজ্জ্বল॥ ৩৭৯

[ ৮৮ ]

কনক কেয়ুৰে ৰঞ্জে ভুজ চয় সদা।
ধৰি আছা হাতে শঙ্খ চক্ৰ পদ্ম গদা॥
শ্ৰীবৎস কৌস্তুভ শোভে হাড় হৃদয়ত।
পীতবস্ত্ৰ শোভে যেন বিজুলী মেঘত॥ ৩৮০
কৰ্ণত প্ৰকাশ কৰে মকৰ কুণ্ডল।
তাৰ ৰশ্মি শোভে গণ্ড বদন মণ্ডল॥
সুনন্দ কুমুদ নন্দ পাৰিষদচয়।
দণ্ড ছত্ৰ চামৰে চৌপাশে আৰাধয়॥ ৩৮১
হেন দিব্য মূৰ্ত্তিক পৰম জ্ঞানীগণে।
সদায়ে অৰ্চ্চন্ত গুণ নামৰ কীৰ্ত্তনে॥
নামেসে পৰম ধৰ্ম্ম জানিবা কলিত।
কলিৰ স্তুতিক কহোঁ শুনা একচিত্ত॥ ৩৮২
হে মহাপুৰুষ হে প্ৰণত পালক।
সদা বন্দো তোমাৰেসে পদ পঙ্কজক॥
সদায়ে চিন্তিবে যোগ্য এহিসে চৰণ।
ভকতৰ কৰে ইসে বাঞ্ছিত পূৰণ॥ ৩৮৩
ভৱ পৰাভৱক এহিসে কৰে ক্ষয়।
পৰম পবিত্ৰ ইসে তীৰ্থৰো আলয়॥
মহা সুখ ময় ইটো চৰণ দুখানি।
ব্ৰহ্মা হৰে আকেসে সেৱন্ত সত্য মানি॥ ৩৮৪
ভৃত্য মাত্ৰকৰে যত পীড়াক গুচাৱে।
সংসাৰ সাগৰ তৰি ইসে মহানাৱে॥

[ ৮৯ ]

হ কৃষ্ণ বন্দো হেৰা চৰণ তোমাৰ।
শ্ৰীৰামচন্দ্ৰ ৰূপ ধৰি অৱতাৰ॥ ২৮৫
পিতৃৰ আদেশে ছাড়ি ৰাজ্য অভিলাষ।
পত্নী সীতা সহিতে খপিলা বনবাস॥
আনৰ দুস্ত্যজ যিটো দেৱৰ বাঞ্ছনি।
হেন ৰাজ্য লক্ষ্মীক তেজিলা ৰঘুমণি॥ ৩৮৬
সুবৰ্ণৰ মৃগ দেখি ভাৰ্য্যাৰ বচনে।
গৈলা মায়া হৰিণক খেদি নাৰায়ণে॥
হেনসে ভকত প্ৰিয় প্ৰভু পূৰ্ণকাম।
তোমাৰ চৰণে সদা থাকোক প্ৰণাম॥ ৩৮৭
যুগ অনুৰূপে ৰূপ নাম অনুসৰি।
আৰাধন্ত মহন্ত সকলে মহাহৰি॥
প্ৰৱন্ধেসে সাধে সিদ্ধি যি জন নিপুণ।
শুনিয়ো কলিত আছে যত মহা গুণ॥ ৩৮৮
কলিৰ গুণক মহা জ্ঞানী যিটো জানে।
চাৰি যুগ মাজত কলিক শ্ৰেষ্ঠ মানে॥
কলিত সততে যিটো গুণ নাম গাৱে।
এতেকে সমস্তে সিদ্ধি সিটো জনে পাৱে॥ ৩৮৯
সত্য যুগে ধ্যান কৰি যজ্ঞত ত্ৰেতাত।
যেন ফল পাৱে নৰে দ্বাপৰে পূজাত॥
কলিত কীৰ্ত্তন কৰি পাৱে তেন গতি।
ব্ৰহ্মা আদি দেৱো তাঙ্ক নপান্ত সম্প্ৰতি॥ ৩৯০

[ ৯০ ]

যত প্ৰাণী সবে সংসাৰত ভ্ৰমি মৰে।
নাহি মহালাভ তাৰ কীৰ্ত্তনত পৰে॥
কীৰ্ত্তনতে তৰে ইটো দুৰ্ঘোৰ সংসাৰ।
কীৰ্ত্তনতে সাধে সিটো গতি আপোনাৰ॥ ৩৯১
সত্য ত্ৰেতা দ্বাপৰৰ প্ৰজা বাঞ্ছে নিতে।
কৈসানি আমাৰ জন্ম হৈবেক কলিতে॥
কলিত অনেক হৈব হৰি পৰায়ণ।
তৰিবে সংসাৰ সুখে কৰিয়া কীৰ্ত্তন॥ ৩৯২
আনো থানে কিছু মাত্ৰ হৈবেক ভকত।
ভজিবে প্ৰচুৰ প্ৰজা দ্ৰাবিড় দেশত॥
কৃষ্ণৰ চৰণে ধৰি সুদৃঢ় বিশ্বাসে।
কৰি কৃষ্ণ কীৰ্ত্তন তৰিব অপ্ৰয়াসে॥ ৩৯৩
তাম্ৰপৰ্ণী কৃতমালা নদী পয়স্বিনী।
কাবেৰী প্ৰতিচী মহানদী পয়োভিনী॥
যি দেশত থাকে তাৰ ভুঞ্জে যিটো জল।
সমস্তে ভকত হৈবে হৃদয় নিৰ্ম্মল॥ ৩৯৪
দেৱ ঋষি ভূত পিতৃ পোষ্য এসম্বাৰ।
উপজিলে লোকত পাঞ্চৰো লাগে ধাৰ॥
এতেকে কিঙ্কৰ ঋণী ভকতি বিহীন।
পঞ্চ যজ্ঞ কৰিয়া পাঞ্চৰো শুজে ঋণ॥ ৩৯৫
সৰ্ব্বভাৱে মুকুন্দত যি লৈল শৰণ।
নোহে ঋণী কিঙ্কৰ পাঞ্চৰো সিটো জন॥

[ ৯১ ]

এড়ি আন কৃত্য চিত্ত দিলেক হৰিত।
ভৈল কৃত্য কৃত্য সিটো এতেকে কলিত॥ ৩৯৬
কহিলো বিহিত কৰ্ম্ম-ত্যাগ ভকতৰ।
যদি প্ৰমাদত পাপ কৰে সিটো নৰ॥
তথাপি নলাগে আৰ তাৰ প্ৰায়শ্চিত্ত।
শুনিয়োক নিমি তুমি স্থিৰ কৰি চিত্ত॥ ৩৯৭
এড়িলেক যিটো আন দেৱত ভকতি।
একে মাধৱক মাত্ৰ ভজে দৃঢ় মতি॥
তাহাৰ পাতক যদি সিজে প্ৰমাদত।
নাশ হোৱে সিয়ো ঈশ্বৰৰ প্ৰসাদত॥ ৩৯৮
হৃদয়ত থাকি হৰি ভকত বৎসল।
দূৰ কৰা ভৃত্যৰ যতেক পাপ মল॥
নকৰিবা ভয় পৰ লোকত যমক।
কি কৰিবে যম যাৰ ঈশ্বৰ ৰক্ষক॥ ৩৯৯
হেনবা বুলিবা ঈশ্বৰৰ আজ্ঞা বেদ।
তাহাক লঙ্ঘিলে মাধৱৰ হৈবে খেদ॥
আজ্ঞা ভঙ্গ হৈবে হেন এড়া অসন্তোষ।
প্ৰিয়ত্তম জনৰ নধৰে হৰি দোষ॥ ৪০০
হেনবা বুলিবা পাপ ক্ষয়ৰ নিমিত্ত।
নভজিলে তাৰ পাপ হৰিব কিমত॥
হৃদয়তে আছা হৰি ভকতৰ গতি।
পাপ সংহাৰক তাৰ স্বভাৱে শকতি॥
৪০১

[ ৯২ ]

নথাকে আন্ধাৰ যৈত সূৰ্য্যৰ প্ৰকাশ।
বহ্ণিত পৰিলে যেন তৃণ হোৱে নাশ॥
সেহি মতে পাতক নচাপে সন্নিহিত।
ভৈলা মহাহৰি যাৰ হিয়াত বিদিত॥
৪০২
ভকতৰ হিতকাৰী কলি মহাগুণী।
শুনিলা নৃপতি গুণ কলিৰ আপুনি॥
যতেক পুছিলা মানে কহিলো একান্ত।
দিলো নৱ ভাই নৱ প্ৰশ্নৰ সিদ্ধান্ত॥ ৪০৩
ধৰা ভাগৱত ধৰ্ম্ম সুদৃঢ় বিশ্বাসে।
তৰিবা সংসাৰ তেবে অতি অপ্ৰয়াসে॥
ধন জন বিভব তিলেকে হৈব ছন্ন।
মায়াময় বিষয়ৰ তেজিয়ো যতন॥ ৪০৭
অন্তকৰ ভয়ত ব্ৰহ্মাৰো নাই সুখ॥
হেন জানি হুয়ো ঝাণ্টে কৃষ্ণক সম্মুখ॥
দেখাইয়া ৰাজাক বিৰকতি বহুবিধ।
হৰি স্মৰি তথাতে থাকিলা নৱসিদ্ধ॥ ৪০৫
নমো নমো মোৰ হৃদীশ্বৰ কৃষ্ণদেৱ।
দণ্ডৱতে পৰি কোটি কোটি কৰো সেৱ॥
তোমাৰ পাৱত প্ৰভু পশিয়া শৰণে।
এতেক প্ৰাৰ্থনা কৰো তোমাৰ চৰণে॥ ৪০৬
যৈতে তৈতে হৌক জন্ম মোৰ কৰ্ম্মগতি।
তোমাৰ চৰণে মাত্ৰ নছাড়েক মতি॥

[ ৯৩ ]

ভূতদয়া ধৰ্ম্মে মোক নেৰোক মাধৱ।
তোমাৰ ভৃত্যসে মোৰ পৰম বান্ধৱ॥ ৪০৭
পুত্ৰ দাৰা বিষয়ত হৌক স্নেহ ছেদ।
নুহি যেন সদায়ে তোমাত বুদ্ধি ভেদ॥
পূৰ্ব্বৰ স্বভাৱ মোৰ কৰিয়ো উচ্ছাদ।
তোমাৰ চৰণে মাগো এতেক প্ৰসাদ॥ ৪০৮
পাৱে পৰি কৰো মই কাকুতি প্ৰকটে।
নছাড়িবা নাথ মোক মৰণ শঙ্কটে॥
নজানো ভকতি ৰতি প্ৰণতি তোহ্মাৰ।
মই অনাথক বন্ধু কৰিয়ো উদ্ধাৰ॥ ৪০৯
তুমি মহা কৃপাপয় জগতে বিদিত।
মই মহাপামৰ পশুতো গৰিহিত॥
জানি যেন যুৱাই কৰা বান্ধৱ মাধৱ।
বোলা ৰাম ৰাম কৰা পাপ পৰাভৱ॥৪১০


দুলড়ী

নাৰদ বদতি বসুদেৱ শুনা
 সিদ্ধ সবে যেন কৈলা।
ভাগৱত ধৰ্ম্ম শুনি নিমি ৰাজা
 অতি কৃত্য কৃত্য ভৈলা॥ ৪১১

[ ৯৪ ]

গুৰু পুৰোহিত সহিতে উঠিয়া
 অৰ্চ্চিলা নৱসিদ্ধক।
ভৈলা অন্তৰ্ধ্যান নৱসিদ্ধ তৈতে
 সুমৰি মনে কৃষ্ণক॥
ভাগৱত ধৰ্ম্ম  নিমিয়ো আচৰি
 সুদৃঢ় কৰিয়া মতি।
কৃষ্ণৰ চৰণ কৰিয়া স্মৰণ
 পাইলন্ত পৰম গতি॥ ৪১২
আবে বসুদেৱ শুনিলাহা যেন
 ভাগৱত ধৰ্ম্মচয়।
শ্ৰদ্ধায়ে আচৰি  তুমিয়ো লভিবা
 পৰম গতি নিশ্চয়॥
সুধিলা নিমিত্তে  কহিলো তোমাৰ
 নলাগে এতেক শ্ৰম।
তোমাথেৰ ভাগ্য  কি কহিবো যাৰ
 ঘৰত পৰম ব্ৰহ্ম॥ ৪১৩
তোৰা দুইৰ যশে  জগত যুড়িল
 তোহ্মাৰ চিন্তা কিসক।
আৰো সোধা কথা  পুত্ৰ পায়া আছা
 ঈশ্বৰ মহা হৰিক॥
ভাগৱত ধৰ্ম্মে মন শুদ্ধ কৰে
 জানিবা আন প্ৰাণীৰ।

[ ৯৫ ]

পুত্ৰৰ স্নেহত কৰিলা পবিত্ৰ
 তোমাৰ মন শৰীৰ॥ ৪১৪
পৰম ভকত  মহামুনি আমি
 নপাইলো যিটো প্ৰসাদ।
তোৰা দুই পাইলা সিটো প্ৰসাদক
 তোমাৰ আৰো বিষাদ।
যাহাৰ চৰণ   ৰেণুকো নপান্ত
 আৰাধিয়া ব্ৰহ্মা হৰে।
হেন জগতৰ প্ৰভু পুত্ৰ হুয়া
 আছন্ত তোমাৰ ঘৰে॥ ৪১৫
সিটো ঈশ্বৰক  সাক্ষাতে দেখাহা
 সাৱটা কতো স্নেহত।
শয়ন ভোজন একে লগে কৰা
 থাকা একে আসনত।
কতো পুত্ৰ বুলি ধৰি শিৰ শুঙি
 আনন্দত থাকা চাই।
দ্ৰৱ হোৱে মন  জুড়ায় নয়ন
 হোৱে পুলকিত কায়॥ ৪১৬
জগত ঈশ্বৰে  পিতৃ মাতৃ বুলি
 কৰন্ত অতি আলাপ।
জন্ম নাহি আৰ।  তৰিলা সংসাৰ
 ভৈলাহা মহা নিষ্পাপ।
শিশুপাল শাল্ব পৌণ্ড্ৰক পুতনা
 কেশী কংশ দৈত্য চয়।
মহা বৈৰ ভাৱে চিন্তন্তে চিন্তন্তে
 দেখে মনে কৃষ্ণময়। ৪১৭

[ ৯৬ ]

দম্ভ অহঙ্কাৰ   কৰিয়া মৰিয়া
 পাইলেক পৰম গতি।
যিটো স্নেহ ভাৱে  ভজে মাধৱক
 কি কৈবো তাক সম্প্ৰতি॥
জানিবাহা কৃষ্ণ   পৰম ঈশ্বৰ
 এন্তে সনাতন হৰি।
মায়ায়ে মনুষ্য   স্বভাৱ দেখান্ত
 ঐশ্বৰ্য্যক ছন্ন কৰি। ৪১৮
তাহান চৰণ   সেৱাতেসে জানা
 সাধে সবে মহা সিদ্ধি।
কহিলো কৃষ্ণত  দুনাই দুয়ো প্ৰাণী
 নকৰিবা পুত্ৰ বুদ্ধি॥
যত মহা দৈত্য   ৰাজা হুয়া ঐত
 পৃথিবীৰ ভৈল ভাৰ।
তাহাক বধিতে   ভৈল ভগৱন্ত
 দৈৱকীত অৱতাৰ॥ ৪১৯
নিজ গুণ যশে  জগত জুৰায়
 আসি বৈকুণ্ঠৰ হন্তে।
ইহাৰ শ্ৰৱণ   কীৰ্ত্তন কৰিয়া
 তৰিবে সুখে মহন্তে॥
এতেক বুলিয়া   নাৰদ লৰিলা
 হাতে দিব্য বীণা বায়া।
হৃদয়ত কৃষ্ণ   ৰূপ ধৰি সুখে
 মুখে হৰি গুণ গায়া॥ ৪২০
শুনি বসুদৱ-   দৈৱকী বিস্ময়ে
 এড়িলা মোহ মনত।

[ ৯৭ ]

পুত্ৰ বুদ্ধি গুছি  ভৈলেক কৃষ্ণত
 ঈশ্বৰ জ্ঞান বেকত।
শুক নিদগতি   নৃপতি শুনিলা
 পুণ্য কথা ইতিহাস।
শ্ৰৱণ কীৰ্ত্তন কৰে যিটো আক
 কৰিয়া দৃঢ় বিশ্বাস॥ ৪২১
এহি জনমতে গুছি মন মোহ
 হোৱয় ব্ৰহ্ম আপুনি।
পৰম আশ্চৰ্য্য   ভৈলা পৰীক্ষিত
 সিদ্ধৰ সম্বাদ শুনি॥
শুনা সভাসদ   ভাগৱত পদ
 নিশবদ হুয়া বহি।
নিমি নৱ সিদ্ধ  সংবাদ আন্তাইলা
 শুক মহামুনি কহি॥ ৪২২
ইটো ভাগৱত   সাত দিন শুনি
 পৰীক্ষিতে পাইলা সিদ্ধি।
হেন জানি যত্নে শুনিয়ো মহন্তে
 ইসে ভকতৰ নিধি॥
নমো নমো কৃষ্ণ  পদ-পঙ্কজক
 পাৱে পৰি প্ৰণিপাতে।
মূঢ় হুয়া প্ৰভু   কৰিলো পয়াৰ
 ছাড়িবা দোষ ইহাতে॥ ৪২৩
হৃদয়ে থাকিয়া   যি মোক শিখাইলা
 তাকেসে কহিলো মুখে।
যেন টাটকীয়া   দাৰু পুতলাক
 নচাৱে আপোন সুখে॥

[ ৯৮ ]

হে সদাশিৱ আমি যত জীৱ
 তোমাৰ ইচ্ছায়ে ভ্ৰমো।
জানিলো সম্প্ৰতি  তুমি মোৰ গতি
 হেৰা পাৱে পৰি নমো॥ ৪২৪
তোমাক নভজি   বিষয়ত মতি
 সংসাৰ তাপত মৰো।
কৰা মোক দয়া  দূৰ হোক মায়া
 হেনবা প্ৰভু উদ্ধাৰো॥
তুমিসি মাধৱ   মহা প্ৰিয়ত্তম
 প্ৰাণতো মোৰ অধিক।
মই আখি খাইলো  যেন হৰুৱাইলো
 কাঁচক চাইতে মাণিক॥ ৪২৫
দেৱৰ দুৰ্ল্লভ   লভি নৰ তনু
 ন কৈলো সেৱা তোমাৰ॥
কিনো মই ছাৰ   আপুনাৰ আমি
 আপুনি চিন্তিলো মাৰ॥
মোহোৰ সমান   নাহিকে পামৰ
 পৰম দাৰুণ চিত্ত।
তোমাৰ সমান   নাহি কৃপাময়
 জানি কৰা যথোচিত॥ ৪২৬
তোমাৰ চৰণে   গৈলেহো বিক্ৰয়
 নছাড়িবা মোক জানি।
কৃষ্ণৰ কিঙ্কৰে   কহে নিৰন্তৰে
 বোলা ৰাম ৰাম বাণী॥ ৪২৭

সমাপ্ত