পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নৱসিদ্ধ সংবাদ মদন মাৰুত হেৰা শুনা সবে অপেৰা | কৰিয়ো আমাক অনুকূল। স্বৰ্গহন্তে আইলা সাজি হুয়োক অতিথি আজি . আশ্ৰমৰ ভুঞ্জা ফল মূল। ২৪৯ সবাকো কৰিয়া দয়া পৰম নিৰ্ভয় দিয়া | যেবে হেন বুলি আশ্বাস। মুণ্ডত বুলাইলা হাত মুখত বজাইলা মাত দেৱগণে তেজিলেক ত্ৰাস। কৰি পাছে চিত্ত স্থিৰ লজ্জাভাৱে নমাই শিৰ | বোলে বাক্য কৰি নমস্কাৰ। হৃদয়ে নভৈল ক্ষোভ নকৰিলা স্ত্ৰীক লোভ ইটো কোন আশ্চৰ্য্য তোমাৰ। ২৫০ যত মহা জ্ঞান বৃদ্ধ মুনিগণ সুৰ সিদ্ধ | তোমাকেসে সেৱে দমাই মাথ। জিনিলা দুৰ্জয় মায়া আমাকো কৰিলা দয়া কিনা ক্ষমাশীল জগন্নাথ।। সজ্জনে তোমাক সেৱে দেখি ইন্দ্ৰ আদি দেৱে অনেক বিঘিনি কৰে তাত। আমাক লঙ্য়াি যাই। বৈকুণ্ঠত লৱে ঠাই এহি বুলি মিলাৱে বিঘাত। ২৫১ নভজে তোমাৰ পাৰে যাৰ পূজা খাইবে পাৱে নকৰে বিঘিনি কিছু তাক।