এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
শ্ৰীশঙ্কৰ মহাভাগৱত
মাধৱেসে নিজ পিতৃ ঈশ্বৰ পৰম গুৰু
তাঙ্ক যিটো জনে অনাদৰে।
গুৰু পিতৃ দ্ৰোহ পাপে পাইবে অতি দুৰ্গতিক
সিটো মহা অধম পামৰে॥ ৩২৮
কৃষ্ণ মুখ হন্তে ভৈলা সত্ত্বগুণে বিপ্ৰ চয়
সত্বে ৰজে ক্ষত্ৰিয় বাহুত।
ৰজ তম গুণে বৈশ্য জন্মিল উৰুৰ পৰা
পদে শূদ্ৰ তমো গুণে জাত॥
চাৰিয়ো জাতিৰ জানা সাক্ষাতে জনক হৰি
তাহাঙ্ক নভজে চিত্ত দিয়া।
অৱজ্ঞা কৰিয়া সিটো যাইবে পাপী অধোগতি
ভ্ৰষ্ট হৈবে তাৰ কুল ক্ৰিয়া॥ ৩২৯
নজানিসে যিটো জনে নভজে কৃষ্ণক তাক
অনুকম্পা কৰা মহাৰথ।
মাতি উপদেশ দিয়া অজ্ঞানীৰ শুদ্ধ হিয়া
ধৰিবেক ভকতিৰ পথ॥
কাক বুলি হৰি কথা হৰিৰ কীৰ্ত্তন কিবা
যিটো সবে একোৱে নেজানে।
স্ত্ৰী শূদ্ৰ অন্ত্যজাতি তাকে শিক্ষা দিবা মাতি
ধৰিবে সিসবে অহো প্ৰাণে॥ ৩৩০
যি জন পণ্ডিত হুয়া ভকতিত নেদে হিয়া
তাৰ কথা কহোঁ সাৰে সাৰ।