পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশঙ্কৰ মহাভাগৱত

নৱসিদ্ধ সংবাদ

শ্ৰীকৃষ্ণায় নমঃ

বন্দনা

পদ

জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ।
যাৰ আজ্ঞা পালে প্ৰজাপতি হৰি হৰ।
কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন্ত যাৰ মায়া।
জয় সনাতন নিত্য নিৰঞ্জন কায়া॥১॥
নমো মধুৰিপু ৰাম মোৰ মহাগুৰু।
প্ৰভু ভগৱন্ত ভকতৰ কল্পতৰু।
অতি পাতকীও তৰে যাহাৰ স্মৰণে।
কৰোঁ কোটি নমস্কাৰ কৃষ্ণৰ চৰণে॥২
প্ৰভু পদ পঙ্কজক ধৰি হৃদয়ত।
যেন মতে বুজো টীকা ভাষ্যৰ সন্মত॥


* শ্ৰীমদ্ভাগৱত একাদশ স্কন্ধৰ ২য়, ৩য়, ৪ৰ্থ আৰু ৫ম অধ্যায় শ্ৰীশঙ্কৰদেৱে “নৱসিদ্ধ সংবাদ” নাম দি সুকীয়াকৈ ৰাখিছে; আমিও বেলেগে ছপা কৰিলোঁ কিন্তু “মহাভাগৱতৰ ভিতৰত ৰাখিলোঁ।— সম্পাদক।