এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
শ্ৰীশঙ্কৰ মহাভাগৱত
কৃপা কৰা হে হৰি বোলো চৰণত ধৰি
বন্ধু আৰ জানো যাহা এৰি॥
হৰিষে আকুল ভাৱ কতোহো সিহৰে গাৱ
গাৱে গোবিন্দৰ গুণ গীত।
কতো ফুৰে ঝুমি ঝুমি কৈত যাইবা কৃষ্ণ তুমি
পাইলো পাইলো বুলি কৰে নৃত্য॥ ৬৫
কৃষ্ণগ্ৰাহে যেন ধৰে সংসাৰক নুসুমৰে
নথাকে চেতন শৰীৰত।
চিত্তে নেৰে চক্ৰপাণি বোলে অলৌকিক বাণী
হৰি ৰসে হুয়া মহা মত্ত॥
বৈষ্ণৱ বোলোক মোক কপটী দাম্ভিক লোক
হেন ভাৱ দেখায়া লোকত।
নুহিকে তাহাৰ মত যিটো মহাভাগৱত
তাঙ্ক পাইলে তৰে ত্ৰিজগত॥ ৬৬
হোৱে সিয়ো কৃষ্ণ প্ৰাণ মিলে তাত মহাজ্ঞান
সমস্ততে দেখে গোবিন্দক।
আকাশ পৃথিবী জল জ্যোতিবায়ু ৰসাতল
নদী নদ চৌদিশ চটক॥
যত লতা তৰু তৃণ কাহাকো নেদেখে ভিন্ন
হৰিৰ শৰীৰ বুলি মানে।
সবাকো প্ৰণাম কৰে সৰ্ব্বক্ষণে নাম স্মৰে
কৃষ্ণ বিনে আনক নজানে॥ ৬৭