পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশঙ্কৰ মহাভাগৱত

তাসম্বাক দেখি ৰাজা প্ৰীতিক লভিলা।
অৱনতে নিজ অভিমতক পুছিলা॥
জানিলো তোমোৰা পাৰিষদ গোবিন্দৰ।
পৱিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ॥ ৩৬
ভৈলোহোঁ কৃতাৰ্থ পদ ৰেণু পায়া আমি।
জানিলো আজিসে তুষ্ট ভৈলা কৃষ্ণস্বামী॥
যদি নৰ তনু ইটো ক্ষণিক অথিৰ।
যদ্যপি দুৰ্ল্লভ মানো মনুষ্য শৰীৰ॥ ৩৭
তাহাতো দুৰ্ল্লভ মানো ভকতৰ সঙ্গ।
লভিলো দুৰ্ল্লভ লাভ কিনো ভৈল ৰঙ্গ॥
সবাৰো পাৱত পড়ি পুছো প্ৰণিপাতে।
কোন আত্যন্তিক সুখ কহিয়ো আমাতে॥ ৩৮
অসাৰ সংসাৰ আত কিছু নাহি সিদ্ধি।
ভকতৰ সঙ্গ অৰ্দ্ধক্ষণে নৱনিধি॥
কোনবা ৰহস্য ধৰ্ম্ম কহিয়োক তাক।
যাত তুষ্ট হৈয়া কৃষ্ণে দেন্ত আপোনাক॥ ৩৯
তাক জানিবাক যদি যোগ্য হওঁ আমি।
তেবে কহিয়োক বোলো সবাকো প্ৰণামি॥
কোন ভাগৱত ধৰ্ম্ম ভক্ত বুলি কাক।
কোন মায়া কোনবা উপায়ে তৰে তাক॥ ৪০
কাক বুলি ব্ৰহ্ম কৰ্ম্মযোগ কাৰ নাম।
অৱতৰি কেশৱে কৰন্ত কোন কাম॥