সমললৈ যাওক

পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
নৱসিদ্ধ সংবাদ

ইহাত ত্ৰেতাৰ লোকে সাধে মহা সিদ্ধি
দ্বাপৰ যুগৰ আবে শুনা যেন বিধি॥ ৩৭৪
দ্বাপৰে ঈশ্বৰ মূৰ্ত্তি অতি অনুপাম।
অতসী কুসুম সম সুকুমাৰ শ্যাম॥
শ্ৰীবৎস কৌস্তুভ হেম হাড় উৰঃস্থলে।
পদ্ম চক্ৰ চিহ্ন জ্বলে চাৰু কৰ তলে॥ ৩৭৫
মহাৰাজ বিভুতি সমস্ত অঙ্গে আছে।
দণ্ড ছত্ৰ চামৰে যোগাৱে আগে পাছে॥
প্ৰকাশ কৰয় চাৰি অস্ত্ৰ চাৰি পূজা।
বেদ তন্ত্ৰ মন্ত্ৰে সিকালতো কৰে পূজা॥ ৩৭৬
ঈশ্বৰক জানো বুলি যত মহাজন।
শুনা যেন মতে কৰে শ্ৰৱণ কীৰ্ত্তন॥
নমো বাসুদেৱ নমো নমো সঙ্কৰ্ষণ।
প্ৰদ্যুম্ন পুৰুষ অনিৰূদ্ধ ভগবান॥ ৩৭৭
সৰ্ব্বভূত আত্মা নমো নমো মহাত্মন।
বিশ্ব বিশ্বেশ্বৰ নমো ঋষি নাৰায়ণ॥

এহি বাহ্ৰ নামে দ্বাপৰত স্তুতি কৰে।
শুনা তন্ত্ৰ-বিধিক কলিৰ আত পৰে॥ ৩৭৮
কলিত প্ৰধান জানা কৃষ্ণ অৱতাৰ।
বেদতো অধিক তন্ত্ৰ মন্ত্ৰ হোৱে ছাৰ॥
কলিত কৃষ্ণৰ মূৰ্ত্তি দেখন্তে নিৰ্ম্মল।
যেন ইন্দ্ৰনীল ৰত্ন পৰম উজ্জ্বল॥ ৩৭৯