পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শ্ৰীশঙ্কৰ মহাভাগৱত নুপূজে ভক্তক মান্য নকৰে প্ৰাণীক। একে প্ৰতিমাত মাত্ৰ আৰাধে হৰিক। সেহি জন জানিবাহা প্ৰাকৃত ভকত। আৰু হৈয়াছে তেহে ভক্তিৰ পথত। ৮২ অনুক্ৰমে উত্তম হৈবেক সিয়ো জন। একোমতে নোহে জানা নিন্দাৰ ভাজন। ত্ৰিবিধ ভকত এহি কহিলো নৃপতি। তাসৰ চিহ্ন আৰু শুনিও সম্প্ৰতি॥ ৮৩ শুনা সাৱধানে আৱে ইক্ষাকু নন্দন। কহেঁ। আৰু মহাভাগৱতৰ লক্ষণ। কৃষ্ণকেসে চিন্তে যিটো নবাঞ্চে বিষয়। দেখন্ত বিষ্ণুৰ মায়া জগত নিশ্চয়॥ ৮৪ নকৰে আক্ৰোশ দ্বেষ নাহিকে মনত। সেহি জন জানিবা উত্তম ভাগৱত। জন্ম মৃত্যু ক্ষুধা তৃষ্ণা ভয় পৰিশ্ৰম। দেহ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়ৰ ধৰ্ম। ৮৫ ইসব সংসাৰ ধৰ্ম জানয় সাক্ষাত। নোহে বিমোহিত চিত্ত কদাচিতে তাত। ঈশ্বৰৰ ধ্যান মাত্ৰ কন্ত সতত। জানিবা নৃপতি সিটো উত্তম ভকত। ৮৬ একে মাধৱতে মাত্ৰ কৰিলে আশ্ৰয়। কাম্য কৰ্ম্ম বাসনাক তেজিলে হৃদয়।