পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নৱসিদ্ধ সংবাদ

শ্ৰৱণ কীৰ্ত্তনে যাৰ সিজে পুণ্যগণ।
সুমৰাইলা মোক আজি হেন নাৰায়ণ॥ ১৯
কিনো উপকাৰ কৰিলাহা মহাশয়।
জানিলো ভৈলেক মোৰ মহা ভাগ্যোদয়॥
যিটো কথা মোহোত পুছিলা মহামতি।
আৰ ইতিহাস এক শুনিয়ো সম্প্ৰতি॥ ২০
নৱসিদ্ধ সমে নিমি ৰাজাৰ সংবাদ।
শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ॥
শুনা সেহি কথা তুমি স্থিৰ কৰি মন।
ভাগৱত ধৰ্ম্মৰ আছয় নিৰূপণ॥ ২১
স্বায়ম্ভুৱ সুত প্ৰিয়ব্ৰত মহাশয়।
আছিল অগ্নিধ্ৰ নামে তাহান তনয়॥
অগ্নিধ্ৰৰ পুত্ৰ ভৈলা নাভি নৰপতি।
নাভিৰ তনয় ভৈলা ঋষভ সুমতি॥ ২২
বাসুদেৱ অংশে আসি ভৈলা অৱতাৰ।
কৰিলা লোকত মোক্ষ ধৰ্ম্মৰ প্ৰচাৰ॥
তান্ত হন্তে উপজিল পুত্ৰ এক শত।
শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত॥ ২৩
যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ।
দেখয় বিষয় সুখ বিষ্ঠাৰ সদৃশ॥
তৰুণ কালতে মাধৱক মনে ধৰি।
এক মনে তপোবনে আৰাধিলা হৰি॥ ২৪