পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশঙ্কৰ মহাভাগৱত

তিনিজন্মে পাইলা তেহোঁ ভগৱন্ত গতি।
আৰু নৱ জন ভৈল নৱ বৰ্ষপতি॥
একাধিক আশী জন ভৈল দ্বিজপ্ৰায়।
থাকিল লোকত কৰ্ম্মকাণ্ড প্ৰবৰ্ত্তায়॥ ২৫
ভৈলা মহাসিদ্ধ তত্ত্বজ্ঞানী নৱজন।
ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ॥
সবে দিগম্বৰ আত্ম-বিদ্যা বিশাৰদ।
তাসম্বাৰ নাম শুনা হুয়া নিশবদ॥ ২৬
কবি হবি আন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ।
অপৰ পিপ্ পলায়ণ আবিৰ্হোত্ৰ শুদ্ধ॥
দ্ৰুমিল চমস কৰভাজন নৱম।
এহি নৱ সিদ্ধ হৰিভকত পৰম॥ ২৭
ইটো স্থূল সূক্ষ্ম ৰূপ বিশ্ব চৰাচৰ।
সবে নাৰায়ণময় দেখে নিৰন্তৰ॥
কিন্তু আপোনাত হন্তে নোহে ব্যতিৰেক।
দেখিয়া ভ্ৰমন্ত সবে জগত যতেক॥ ২৮
সুৰ সিদ্ধ সাধ্য যক্ষ গন্ধৰ্ব্ব কিন্নৰ।
নৰ নাগ শঙ্কৰ চাৰণ বিদ্যাধৰ॥
সৰ্ব্বদা ভ্ৰমিয়া ফুৰে তাসম্বাৰ পুৰে।
গমন কৰন্ত নিত্য গোলোক নগৰে॥ ২৯
কাহাতো কিঞ্চিত মনে নাহি আশকতি।
আকাশে সঞ্চৰে সবে অবাধিত গতি॥