পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ত নৰসিদ্ধ সংবাদ অৰ্জুন উভঞ্জে লৱনুক ভুঞ্জে | গোপীৰ বঢ়াই উৎসুক। যতেক অসুৰ কৰে মসীমূৰ অৰিষ্ট অঘ ধেনুক। দুষ্ট সৰ্প কালী হ্ৰদৰ নিকালি | বন বহি কৰে পান। কত লীলা কৰি গগাবৰ্ধন ধৰি | গোকুলক কৰে ত্ৰাণ॥১৬৫ দশন উভাৰি | কুবলয় মাৰি কতো পশি বঙ্গশালা। কান্ধে হস্তী দান্ত | লোকক দেখান্ত | যেন গোপালৰ লীলা। মই কৃষ্ণ বুলি | ধৰিয়া আম্ফ লি | আছাড়ি মাৰয় মাল। ঘণ্টাক লাড়িয়া | ভূমিত পাৰিয়া কৰে কংস ৰায়ৰ কাল। ১৬৬ মাৰিলা বৈৰক দেখায়া লোকক কতে নাচে নানা ছন্দে। প্ৰেমে হুয়া মত্ত কৃষ্ণ লীলা যত আপুনি কৰে আনন্দে। হে কৃষ্ণ প্ৰাণ কৰা পৰিত্ৰাণ বোলে কতো সচকিতে।