পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
নৱসিদ্ধ সংবাদ

বিৰকতি ভকতি ঈশ্বৰ মহাজ্ঞান।
উপজে ভকতে পাৰে আপুনি প্ৰমাণ॥ ৭৬
হোৱে চিত্ত শান্ত গুছে বিষয় ব্যাকুল।
কদাচিতো নেৰে আৰ কৃষ্ণ পদ মূল॥
বেদ শিৰোৰত্নে কহে ইহাক সম্প্ৰতি।
কৈলো ভাগৱত ধৰ্ম্ম তোমাত নৃপতি॥ ৭৭
হেন শুনি নিমি দুনাই দিলন্ত উত্তৰ।
কহিয়ো লক্ষণ আৱে মহা-ভকতৰ॥
ভকতৰ কোন ধৰ্ম্ম কিবা প্ৰবৰ্ত্তন।
কোনবা স্বভাৱে ভক্তে কি বোলে বচন॥ ৭৮
জানিবাক চাওঁ চিহ্ন মহা-ভকতৰ।
শুনি হৰিসিদ্ধে দিলা তাহাৰ উত্তৰ॥
হৰিক মনত স্মৰি বোলন্ত ৰাজাক।
ভকতৰ যি ধৰ্ম্ম শুনা কহোঁ তাক॥ ৭৯
ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক।
প্ৰাণী সমস্ততো দেখে ঈশ্বৰ মূৰ্ত্তিক॥
সমস্তে ঐশ্বৰ্য্য ব্যাপি আছে জগতত।
হেন যিটো দেখে সিটো মহাভাগৱত॥ ৮০

একান্তে কৰয় প্ৰেম যিটো ঈশ্বৰত।
মৈত্ৰতা আচৰে হৰি ভকত সবত॥
অজ্ঞক কৰুণা ক্ষমা কৰে বিপক্ষত।
সেহি জন জানিবা মধ্যম ভাগৱত॥ ৮১