পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৮
শ্ৰীশঙ্কৰ মহাভাগৱত

যতেক জগত দেখা মায়াৰ নিৰ্ম্মাণ।
চিনাইলো মায়াক ৰাজা দেখা বিদ্যমান॥
ইহাক শুনিয়া নিমি ভৈলা মহা ভয়।
তম্ভিয়া আছয় মনে মিলিল সংশয়॥১২৫
সদয় হৃদয় দেখি ভৈলা সিদ্ধ গণে।
ৰাজাক সম্বোধি বোলে মধুৰ বচনে॥
আউৰ কিবা শুনিবাক ইচ্ছা আছে মনে।
পুছিয়ো নৃপতি তুমি আমাত এখনে॥১২৬
ৰাজায়ো জানিলা সিদ্ধ সদয় আমাত।
পুছিলন্ত কথা পাছে কৰি প্ৰণিপাত॥
শুনা সিদ্ধ সব কহোঁ কৰিয়া বিনয়।
শুনিয়া মায়াৰ কথা ভৈলো মহা ভয়॥১২৭
বিষয়ৰ বিকল নুগুছে কদাচিত।
ৰাত্ৰি দিনে গৃহ কুটুম্বত মাত্ৰ চিত্ত॥
সিসবো যিমতে মহা সুখে তৰে মায়া।
কহিয়ো উপায় সেহি যদি থাকে দয়া॥১২৮
যদ্যপি প্ৰথমে পাইলা তাৰণ উপায়।
তথাপি পুছন্ত পুনু পুনু নিমিৰায়॥
আনো বা উপায় আছে মায়াৰ তাৰক।
তাক জানিবাক লাগি বোলন্ত সিদ্ধক॥ ১২৯
অনেক প্ৰৱন্ধে সিদ্ধে মনে গুণি চাইলা।
ভকতি বিনাই অন্য উপায় নাপাইলা॥