পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৬ শ্ৰীশঙ্কৰ মহাভাগৱত কেশৱ সেৱায়ে যাৰ ধৌত ভৈল চিত্ত। হোৱে তাত তেবে আসি ঈশ্বৰ বিদিত॥২০০ কৃষ্ণক সাক্ষাতে দেখি হৈবে মোহ হীন। আপোক নেদেখিব ঈশ্বৰত ভিন্ন। বেঢ়িছে পটলে যেন যাহাৰ নেত্ৰক। সিটো জনে নেদেখে আগতে আদিত্যক॥২০১ গুছাইলেক ঔষধে চক্ষুৰ যেবে মল। সি যেন সাক্ষাতে দেখে সূৰ্যৰ মণ্ডল। সেহিমতে কৃষ্ণ কথা শ্ৰৱণ কীৰ্ত্তনে। গুণৰ কৰ্মৰ মল ত্যজে তাৰ মনে॥২০২ নিৰ্মল মনত হোৱে আত্ম পৰিচয়। তেবেসে কৃষ্ণত দৃঢ়ভক্তি উপজয়। কৰ্ম্ম যোগতেসে হোৱে ভক্তিৰ উদয়। হেনয় মনত ৰাজা কৰিবা নিশ্চয়॥২০৩ পুনৰপি পুছ কৰিয়া যোৰহাত। কৈয়ো সিদ্ধ সব কৰ্ম্মযোগক আমাত। যাক জানি নৰে কৰে কৰ্ম্মৰ নিহাৰ। উপজে পৰম জ্ঞান নিস্তৰে সংসাৰ॥২৪ ইক্ষাকু-পিতৃৰ আমি সমীপত তথা। ব্ৰহ্মপুত্ৰ সবত পুছিলো ইটো কথা। নিদিলা সিদ্ধান্ত কিয় সনক সনন্দে। কহিয়ো কাৰণ শুনো পৰম আনন্দে॥২০৫