এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
নৰসিদ্ধ সংবাদ
লভিয়া মনুষ্য দেহা আনত এৰিয়া স্পৃহা
বোলে বন্ধু কৃষ্ণক যি জনে।
এতেকে বান্ধৱ হৰি তাঙ্ক মোৰ বুলি ধৰি
ৰক্ষা কৰি ফুৰা সৰ্ব্বক্ষণে॥ ৬২
এহিমতে যিটো নৰে সদায়ে নামক স্মৰে
তাৰ আসি মিলে মহা ভাগ।
নিজ প্ৰিয়ত্তম ৰাম সুমৰন্তে তান নাম
উপজে পৰম অনুৰাগ॥
সৰ্ব্ব অঙ্গ পুলকিত হোৱে আতি দ্ৰৱ চিত্ত
ধাবে নীৰ নেত্ৰৰ নিগৰে।
প্ৰেমে ঘৰ্ম্ম যায় জ্বলি হা প্ৰাণ কৃষ্ণ বুলি
পৃথিবীত পৰিয়া বাগৰে॥ ৬৩
কতো থাকে মনে ধৰি ভকতৰ বশ্য হৰি
জানি হেন মনত আকলি।
বুজিয়া কৃষ্ণৰ চিত্ত হুয়া অতি কৃত্য কৃত্য
কতো হাসি তোলে খল খলি॥
কতো প্ৰেম ৰসে ভুলি মোৰ প্ৰাণকৃষ্ণ বুলি
পৰম আনন্দে গলে বান্ধে।
এত কাল ব্যৰ্থে নিলো মাধৱক নজানিলো
কতো শোকে গেৰি পাৰি কান্দে॥ ৬৪
কতো উঠি তাৱক্ষণে পৰম আনন্দ মনে
কৃষ্ণ কৃষ্ণ বুলি পাৰে গেৰি।