এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
শ্ৰীশঙ্কৰ মহাভাগৱত
অখণ্ড মণ্ডল পতি যেন ৰাজাগণ।
পৰস্পৰে দ্বন্দ কৰি তেজয় জীৱন॥
অন্তকৰ শঙ্কায়ে ব্ৰহ্মাৰো সুখ নাই।
সামান্যৰ কোন্ লেখা শুনা নিমি-ৰায়॥১৩৬
হেন জানি চাহে যিটো উত্তম কল্যাণ।
প্ৰথমে কৰিব সিটো গুৰুক সম্মান॥
জানন্ত শাস্ত্ৰৰ তত্ত্ব কৃষ্ণৰ ভকত।
সেহি গুৰু উপদেশ দিবাক শকত॥১৩৭
যদ্যপি ভকত হোন্ত নোহন্ত পণ্ডিত।
শিষ্যৰ সংশয় সিটো নপাৰে খণ্ডিত॥
শাস্ত্ৰক জানন্ত যদি নুহিকা ভকত।
তান উপদেশে বোধ নোপজে শিষ্যত॥১৩৮
বিশিষ্ট গুৰুক অকপটে সেৱা কৰি।
মানিবে গুৰুসে আত্মা দেৱ মহাহৰি॥
হেনয় বিনয় কৰি গুৰুৰ চৰণে।
ভাগৱত ধৰ্ম্মক শিখিবে এক মনে॥১৩৯
যি ধৰ্ম্মত তুষ্ট হুয়া প্ৰভু ভগবান।
নিজ ভকতত আপোনাকে দেন্ত দান॥
নেৰন্ত ক্ষণেক যাক দেৱ দামোদৰ।
কাছতে থাকন্ত যেন বলি প্ৰহ্লাদৰ॥ ১৪০
প্ৰথমতে লৈবেক উত্তম সাধু সঙ্গ।
কৰিবেক আন বিষয়ত মনো ভঙ্গ॥