এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
শ্ৰীশঙ্কৰ মহাভাগৱত
তিনি মূৰ্ত্তি ধৰি প্ৰজাক সততে
কৰা সৃষ্টি স্থিতি লয়॥২৪১
তেহেস্তে পুৰুষ অৱতাৰ তান
কৰিলো কৰ্ম্ম বিদিত।
শুনা নিমি আৰু নৰ-নাৰায়ণ
অৱতাৰ বিপৰীত॥
দক্ষৰ দুহিতা মূৰ্ত্তি নামে তেহোঁ
ভৈল ভাৰ্য্যা ধৰ্ম্মৰ।
তান্তে জাত ভৈলা অৱতাৰ হুই
নাৰায়ণ আৰো নৰ॥২৪২
যিটো কৰ্ম্মে কৰে কৰ্ম্মক নিৰ্ম্মূল
কৰে আত্ম-পৰিচয়।
নাৰদ প্ৰমুখ্যে মুনিত তাহাক
কহিলন্ত কৃপাময়॥
বদৰিকাশ্ৰমে আছম্ভ অদ্যাপি
পৰম তপ আচৰি।
যাৰ পাদ পদ্ম অৰ্চ্চন্ত আজিয়ো
অনেক ঋষি সাদৰি॥২৪৩
তপৰ প্ৰভাৱে প্ৰকাশে শৰীৰ
সম্যকে সূৰ্য্য সঙ্কাশ।
হেন দেখি পাছে ইন্দ্ৰৰ মনত
মিলিল পৰম ত্ৰাস॥