পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
শ্ৰীশঙ্কৰ মহাভাগৱত

যত প্ৰাণী সবে সংসাৰত ভ্ৰমি মৰে।
নাহি মহালাভ তাৰ কীৰ্ত্তনত পৰে॥
কীৰ্ত্তনতে তৰে ইটো দুৰ্ঘোৰ সংসাৰ।
কীৰ্ত্তনতে সাধে সিটো গতি আপোনাৰ॥ ৩৯১
সত্য ত্ৰেতা দ্বাপৰৰ প্ৰজা বাঞ্ছে নিতে।
কৈসানি আমাৰ জন্ম হৈবেক কলিতে॥
কলিত অনেক হৈব হৰি পৰায়ণ।
তৰিবে সংসাৰ সুখে কৰিয়া কীৰ্ত্তন॥ ৩৯২
আনো থানে কিছু মাত্ৰ হৈবেক ভকত।
ভজিবে প্ৰচুৰ প্ৰজা দ্ৰাবিড় দেশত॥
কৃষ্ণৰ চৰণে ধৰি সুদৃঢ় বিশ্বাসে।
কৰি কৃষ্ণ কীৰ্ত্তন তৰিব অপ্ৰয়াসে॥ ৩৯৩
তাম্ৰপৰ্ণী কৃতমালা নদী পয়স্বিনী।
কাবেৰী প্ৰতিচী মহানদী পয়োভিনী॥
যি দেশত থাকে তাৰ ভুঞ্জে যিটো জল।
সমস্তে ভকত হৈবে হৃদয় নিৰ্ম্মল॥ ৩৯৪
দেৱ ঋষি ভূত পিতৃ পোষ্য এসম্বাৰ।
উপজিলে লোকত পাঞ্চৰো লাগে ধাৰ॥
এতেকে কিঙ্কৰ ঋণী ভকতি বিহীন।
পঞ্চ যজ্ঞ কৰিয়া পাঞ্চৰো শুজে ঋণ॥ ৩৯৫
সৰ্ব্বভাৱে মুকুন্দত যি লৈল শৰণ।
নোহে ঋণী কিঙ্কৰ পাঞ্চৰো সিটো জন॥