পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নৱসিদ্ধ সংবাদ

সমস্তকে ঈশ্বৰত অৰ্পিবেক নিতে।
উত্তমত প্ৰীতি কৰিবেক যথোচিতে॥১৪১
সমানত মৈত্ৰী দয়া কৰিবে হীনত।
এহি সব গুৰুত শিখিবে ভালমত॥
সত্য শৌচ অহিংসা শিখিবে সম দম।
দুখ সুখ শীত উষ্ণ আত হৈব সম॥১৪২
সবাকে সহিবে আৰু হৈবে অকুটিল।
ব্ৰহ্মচৰ্য্য ধৰিবেক হৈবেক সুশীল॥
উপযুক্ত পাত্ৰ বুজি পঢ়িবেক বেদ।
সবাতে দেখিব ঈশ্বৰক অবিচ্ছেদ॥১৪৩*
দেহ গৃহাদিত এৰিবেক অভিমান।
নিৰ্জ্জন স্থানত কৰিবেক অৱস্থান॥
পিন্ধিব আনন্দে চীৰ বাকলি বসন।
যেহি মিলে তাহাতে সন্তুষ্ট হৈব মন॥১৪৪
ভাগৱত শাস্ত্ৰে শ্ৰদ্ধা কৰিব নিতান্ত।
নকৰিব নিন্দা আন শাস্ত্ৰকো একান্ত॥
হৈবে দয়াশীল দয়া কৰিবে লোকক।
অন্তৰ্য্যামীৰূপে জানিবেক ঈশ্বৰক॥১৪৫

 * শ্ৰীযুক্ত তীৰ্থনাথ গোস্বামীদেৱৰ প্ৰকাশিত পুথি আৰু সাঁচীপতীয়া পুথিত থকা ১৪৩ পদৰ “উপযুক্ত পাত্ৰ”ৰ ঠাইত বৰপেটাত ছপোৱা পুথিত “জাতি অধিকাৰ” আছে।