পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
নৱসিদ্ধ সংবাদ

যিটো মহা ভক্তৰ কৃষ্ণেসে আত্মা প্ৰাণ।
ধৰ্মিষ্ঠতো অধিক কৰিবে বহু মান॥ ১৫১
দেৱতত তীৰ্থতো কৰি ভকতেসে পূজ্য।
যাহাৰ কৃপাত পায় মুকুতি সাযুজ্য॥
আক যদি দুষ্কৰ দেখিয়ো মহাৰথ।
সুলভতো সুলভ শুনিয়ো যিটো পথ। ১৫২
শুনা সভাসদ জন্ম নকৰিয়ো বৃথা।
কৃষ্ণ কথা অমৃতক পীয়োক সৰ্ব্বথা॥
যিটো জনে পায় কৃষ্ণ কথাৰ মধুৰ।
তাহাৰ সংসাৰ তাপচয় হোৱে দূৰ॥ ১৫৩
বিষয় বিষত তাৰ গুছে অনুৰাগ।
নকৰন্তো মহা মহা পুণ্যে নেৰে লাগ॥
মোক্ষতো অধিক সুখ মিলয় মনত।
কি কহিবো ইটো হৰি নামৰ মহত॥ ১৫৪
মিছাতে কৰাহা আলে জালে আয়ু ক্ষেপ।
মৰিবাক লাগি কাল আছয় সংক্ষেপ॥
আজি কালি কৰন্তে অন্তক চাপে পাশ।
চিন্তামণি জন্ম ইটো ব্যৰ্থে হোৱে নাশ॥ ১৫৫
কৈত কেতিক্ষণে মিলে দুৰ্ঘোৰ মৰণ।
ঝান্টে কৃষ্ণ চৰণত পশিয়ো শৰণ॥
পৰলোক সাম্ফল বান্ধৱ হৰি নাম।
কৃষ্ণৰ কিঙ্কৰে কহে বোলা ৰাম ৰাম॥ ১৫৬