পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
শ্ৰশঙ্কৰ মহাভাগৱত

পৰম ভকতে যাক নিতে কৰে ৰতি।
সেহি ভাগৱত ধৰ্ম্ম জানিবা নৃপতি॥
কৰে যিটো ভাগৱত ধৰ্ম্মক আশ্ৰয়।
কদাচিতো তাৰ আৰ নাহি পাপ ভয়॥ ৪৭
কৰ্ম্ম নকৰিয়ো যে সমস্তে পুণ্য ফল।
আপুনি উপজে দেখা ভকতিৰ বল॥
আন ধৰ্ম্মে মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ বহু হয়।
ভাগৱত ধৰ্ম্মে নাহি সিসৱ সংশয়। ৪৮
শুনিয়োক ভাগৱত ধৰ্ম্ম আছে যত।
কৰিবো বেকত আজি তোমাৰ আগত॥
শুনা সভাসদ পদ কৰিয়া প্ৰৱন্ধ।
নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ॥ ৪৯
ঘোৰ কলি যুগে ইসে তৰণ উপায়।
নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনায়॥
কৈত পৰে নৰতনু তাৰ নাহি স্থিতি।
অদ্যাপি নুপুজে যম যাতনাৰ ভীতি। ৫০
যায় আজি কালি কৰি আয়ু নিৰন্তৰে।
কৃষ্ণৰ চৰণে লৈয়ো শৰণ সত্বৰে॥
আছন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে।
নজানে পামৰ সবে বিষয় বিকলে॥ ৫১
পৰম সুহৃদ নিজ আত্মা মহা হৰি।
অধোগতি যায় লোক তাঙ্ক অনাদৰি॥