পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


| ৪৫ ৪৫

নৱসিদ্ধ সংবাদ

হেবা বুলি যিটো নাৰায়ণ তত্ত্ব। জানিবা আছন্ত সমস্তৰ হৃদয়ত। কেতিক্ষণে কোনমতে হোৱন্ত সাক্ষাত। কহিবো নপতি তাৰ উত্তৰ তোমাত। ১৯৫ যেখনে নিৰ্ভৰ নিদ্ৰা হোৱে উপস্থিত। ইন্দ্ৰিয় সকল অহঙ্কাৰৰ সহিত। তেখনে আত্মত গৈয়া সবে হোৱে লয়। সেহি কালে আত্ম সাক্ষী স্বৰূপে থাকয়॥১৯৬ জীৱৰ হোৱয় আত্মা মাত্ৰ অনুভৱ। নথাকয় বিষয় সম্বন্ধ লেশ লৱ। আত্মা অনুভৱ যদি ভৈলেক জীৱৰ। তেবে কিয় সংসাৰক পায় পুনৰ॥১৯৭ তাহাৰ উত্তৰ শুনা হুয়া সাৱধান। সিকালতত থাকয় অবিদ্যা বিদ্যমান। সেহি হেতু ঘটে পুনু সংসাৰ আপদ। লিঙ্গদেহ ভাঙ্গিলেসে মিলে মোক্ষ পদ॥১৯৮ যদি বোলা লিঙ্গ দেহ ভাগিব কিমত। তাহান উত্তৰ ৰাজা কহে স্বৰূপত। ধনৰ চেষ্টাক যিকালত এৰে মতি। কেশৱৰ চৰণ সেৱাত বাঢ়ে ৰতি। ১৯৯ তেবে তাৰ হোৱে আসি ভকতি প্ৰবল পখালে চিত্তৰ তাৰ আছে যত মল।