পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
নৱসিদ্ধ সংবাদ

শুনি আবিৰ্হোত্ৰ সিদ্ধে দিলন্ত সিদ্ধান্ত।
শুনা সিটো কথা চিত্ত কৰি উপশান্ত॥
পৰম গহন অতি ইটো বেদ বাণী।
যাক শুনি মোহ দূৰ হোৱে মহাজ্ঞানী॥২০৬
বেদে যাক বিহিয়াছে তাকে বুলি কৰ্ম্ম।
বেদে যাক নিষেধিলে সেহিতো অকৰ্ম্ম॥
বিহিত নাচৰি হয় বিকৰ্ম্ম পাতেক।
এহি তিনিবিধ কৈলো তোমাত প্ৰত্যেক॥২০৭
বিকৰ্ম্ম অকৰ্ম্ম কৰ্ম্ম এহিটো ত্ৰিতয়।
বেদৰেসে মত জানা লৌকিক নহয়॥
যাক বেদ বোলে সিটো ঈশ্বৰ সাক্ষাত।
যিটো ঈশ্বৰত হন্তে হৈয়া আছে জাত॥২০৮
ইহাৰ অৰ্থত মোহ হোৱে মহাজ্ঞানী।
বেদৰ তত্ত্বক পাইব আন কোন প্ৰাণী॥
কৰ্ম্মযোগ জিজ্ঞাসি আছিল সিসৱত।
বালক সময়ে তাক বুজিবা কিমত॥২০৯
পৰম দুষ্কৰ কৰ্ম্ম যোগ আতিশয়৷
তুমিয়ো তৈসানি শিশু ইক্ষ্বাকু তনয়॥
এহি ভাবি নকহিলা সিকথা তোমাত।
সেহি কৰ্ম্ম যোগ আবে কহিবো সাক্ষাত॥২১০
যিমত গহন কৰ্ম্ম শুনা পৰিছেদ।
শিক্ষা দেই মূঢ়ক পৰোক্ষ বাদে বেদ॥