এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
শ্ৰীশঙ্কৰ মহাভাগৱত
মায়ায়ে উপায়ে প্ৰাণী স্ৰজিলা অশেষ।
তাতে অন্তৰ্য্যামী ৰূপে ভৈলন্ত প্ৰবেশ॥
বিভঞ্জিয়া আপোনাক প্ৰভু নাৰায়ণ।
স্ৰজিলা ইন্দ্ৰিয় যত ভূত প্ৰাণ মন॥১০৯
ইন্দ্ৰিয়ৰ সঙ্গে জীৱে ভুঞ্জে বিষয়ক।
আত্মা বুলি মানে মায়াময় শৰীৰক।
ধৰে মহা মোহে আতি হোৱে জ্ঞান শূন্য।
সকামে অনেক কৰ্ম্ম কৰে পাপ পুণ্য॥১১০
সেহি কৰ্ম্ম ফল ভুঞ্জি ভ্ৰমে সংসাৰত।
নাহি অন্ত জীৱৰ যাতনা দুখ যত॥
মিছা মায়াময়ত উপজে মৰে জীৱ।
এহি লীলা আতে প্ৰীতি হোন্ত সদাশিৱ॥
যাৱে সৃষ্টি থাকে মহা নিমিলে প্ৰলয়।
জনম মৰণ তাৱে নেৰাই মৃত্যু ভয়॥১১১
পশুপক্ষী বৃক্ষ কীট পতঙ্গ যোনিত।
উপজি যাতনা আদি ভুঞ্জে বিপৰীত॥
বহু অমঙ্গলপ্ৰদ হেন কৰ্ম্ম গতি।
পায়া নৰে সংসাৰত ভ্ৰমে বিসঙ্গতি॥ ১১২
নিতান্ত অবশ হুয়া প্ৰলয় যাৱত।
জন্ম-মৃত্যু ৰূপ দুখ ভুঞ্জে নানা মত॥
কাল ৰূপী কৃষ্ণ যিটো জগত আধাৰ।
কৰন্ত লীলায়ে পাছে সৃষ্টিক সংহাৰ॥১১৩