পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১২ শ্ৰীশঙ্কৰ মহাভাগৱত গৰ্ব অহঙ্কাৰ | ত্যজি যিটো জনে অচিৰে যদি ভকতি। তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত | বৈকুণ্ঠ যত সম্পত্তি। ৫৪ যদি বোল ৰাজা, অজ্ঞানীৰ ভয় জ্ঞানেসে কৰে অন্তৰ। কি কৰে ভকতি, হেন শঙ্কামতি | ত্যজিয়া শুনা উত্তৰ। ঈশ্বৰ বিমুখ, হোৱে যিটো নৰ, ধৰে বিষ্ণুমায়া তাক। এহি দেহ মোৰ, বোল অজ্ঞানত, পাসৰে নিজ আত্মক। ৫৫ হোৱে জ্ঞান শূন্য, | কোন পাপ পুণ্য | কৰিতে নপাৰে সাৰ। বিষয় ব্যাকুল, সম্যকে বাতুল, নুগুছে যাতনা তাৰ। যাহাৰ মায়াত, | এতেক অনৰ্থ ভজোক হেন মুৰাৰি। এক চিত্ত হুয়া, কৃষ্ণত কৰিব, | ভকতি অব্যভিচাৰী। ৫৬ যাত বুদ্ধি আছে, | একোৱে নবাঞ্চে, | এক কৃষ্ণু মাত্ৰ জানে।