পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
শ্ৰীশঙ্কৰ মহাভাগৱত

এতেকে জানিছে তুচ্ছ ত্ৰৈলোক্য সম্পত্তি।
এহি বুলি নেৰে কৃষ্ণ চৰণে ভকতি॥
জানিবাহা সিটো মহা প্ৰধান ভকত।
হেনবা কৰিবা শঙ্কা নৃপতি মনত॥ ৯৩
যিটো হৰি পদক বিচাৰে দেৱ-গণ।
জানিবাহা তথাপিতো নপাৱে দৰ্শন॥
হেন কৃষ্ণ চৰণক নেৰে অনুক্ষণ।
বৈষ্ণৱৰ অগ্ৰগণ্য জানিবা সিজন॥ ৯৪
বিষয়ৰ সন্তাপ কামে চালাইবেক মন।
কিমতে নেৰিবে সিটো কৃষ্ণৰ চৰণ॥ ৯৫
হেনয় সংশয় যদি কৰা নৰপতি।
ইহাৰ উত্তৰ আৱে শুনিয়ো সম্প্ৰতি॥
হৰি পদ সেৱা সুখ মনে মিলে যাৰ।
বিষয়ৰ তাপ যত নথাকয় তাৰ॥
কৃষ্ণ-পাদ-পদ্মাৰ অৰুণ নখপান্তি।
যাৰ মনে চোৱে তাৰ সুশীতল কান্তি॥ ৯৬
যেন হিম পৰি জুৰায় তাহাৰ হৃদয়।
আৰ কি হৈবেক আসি সন্তাপ উদয়॥
যেন চন্দ্ৰ উদয়ে সূৰ্য্যৰ গুছে তাপ।
ভক্তৰ নোহয় তেন বিষয় সন্তাপ॥ ৯৭
শুনা ৰাজা যেন আবে তাসম্বাৰ বাক।
বিষয় আলাপ পাপ জানি চাৰে তাক॥