পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
শ্ৰীশঙ্কৰ মহাভাগৱত

হৰি হৰ বিধি যাৰ থাকে আজ্ঞা কৰি।
ঈশ্বৰৰৰ ঈশ্বৰ তেহেন্তে মহা হৰি॥ ১৭৮
তাঙ্কে নাৰায়ণ বোলে জানিবা নৃপতি।
তাহানেসে চৰণ সেৱায়ে সাধে গতি॥
প্ৰবৰ্ত্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক।
পৰমাত্মা বোলয় তেখনে মাধৱক॥ ১৭৯
সমাধিত বেকত হোৱস্তে গুছে ভ্ৰম।
তেখনে বোলয় জানা মাধৱক ব্ৰহ্ম॥
কৰন্ত যেখনে ইটো সৃষ্টি স্থিতি অন্ত।
তেখনে বোলয় মাধৱক ভগৱন্ত॥ ১৮০
ব্ৰহ্ম পৰামাত্মা ভগৱন্ত এক তত্ত্ব।
একৰেসে তিনি নাম লক্ষণ ভেদত॥
নপাৱে ইন্দ্ৰিয় সবে যাহাৰ ওচৰ।
যিটো নোহে মন বুদ্ধি বচন গোচৰ॥ ১৮১
যেন ফিৰিঙ্গতিচয় বহ্নিৰ বজাই।
নকৰে প্ৰকাশ সিটো বহ্নিক দুনাই॥
সেহিমতে মন আদি তান্তে হুয়া জাত।
মায়াত থাকিয়া তাঙ্ক নজানে সাক্ষাত॥ ১৮২
বেদেও যাহাক নিৰূপিবে নপিৰয়।
নিষেধৰ শেষ বুলি প্ৰকাৰে কহয়॥
যাত বিনে কাহাৰো নাহিকে একো সিদ্ধি।
যিটো ব্ৰহ্মতত্ত্ব হোৱে সবাৰো অবধি॥ ১৮৩