পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
শ্ৰীশঙ্কৰ মহাভাগৱত

স্বৰ্গ সুখ আদি লোভ লগাই প্ৰথমত।
প্ৰবৰ্ত্তান্ত অজ্ঞানীক সকাম কৰ্ম্মত॥২১১
ভুঞ্জিবো বিশিষ্ট ভোগ লভিয়া স্বৰ্গক।
হেনয় কামনা কৰি অৰ্চ্চে ঈশ্বৰক॥
বাঢ়ে প্ৰতি বেদৰ শুনিয়া ফলশ্ৰুতি।
পাছে সেহি কৰ্ম্মে তাৰ সাধিবে মুকুতি॥২১২
যেন পিতৃ শিশুক লাড়ুৰ লোভ দিয়ে।
তাক পাইবো বুলি শিশু ঔষধক পিয়ে॥
পাছে খণ্ড লাড়ুৱে গৰ্ভৰো ৰোগ হবে।
সেহি মতে অজ্ঞানী বেদৰ শিক্ষা ধৰে॥২১৩
পাছে বেদে বোলে এৰা ইসব কামনা।
নিষ্কামে কৰিবা এক কৃষ্ণত অৰ্পণা॥
সেহি কৰ্ম্মে কৰাই বিষয়ত বিৰকতি।
উপজাইবে মাধৱত গৰম ভকতি॥২১৪
পৰম অজ্ঞানী হয় যিটো দুষ্ট চিত্ত।
ইসৱ নকৰে কৰ্ম্ম বেদৰ বিহিত॥
যাইবে সিটো বিকৰ্ম্ম পাপত অধোগতি।
মৰি মৰি উপজিবে যাতনাক প্ৰতি॥২১৫
হেন জানি নিয়মিব আপনাৰ চিত্ত।
কৰিব সাত্ত্বিক কৰ্ম্ম বেদৰ বিহিত॥
ছাৰিয়া কামনা কৰি অৰ্পণা ঈশ্বৰে।
পাইবেক পৰম সিদ্ধি তেবে সিটো নৰে॥২১৬