পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
নৱসিদ্ধ সংবাদ

চাহিবাক নপাৰিয়া নমাই আছে মাথ।
বোলন্ত সবাকো মাতি পাছে জগন্নাথ॥ ২৭১
শুনা অপেশ্বৰা হেৰা মাৰুত মদন।
নিয়া আসম্বাৰ বাছি দিলো একজন॥
শুনিয়া মদনে বোলে নলাগে নলাগে।
থাকিবৰো যোগ্য নোহো তাসম্বাৰ আগে॥ ২৭২
দিয়োক বিদায় মিছা নপাতা জঞ্জাল।
পিন্ধাইবাক চাহ বানৰক হাৰ মাল॥
বুলিলন্ত হৰি কতোবেলি চাহি আছি।
আপোনাৰ সদৃশ জনকে নিয়া বাছি॥ ২৭৩
শুনিয়া মদনে বোলে নিৰেখি নিৰেখি।
ইহাৰ সমান ৰূপ জনেকো নেদেখি॥
হাঁসিয়া বোলন্ত আত নাহিকে দূষণ।
নিয়োক জনেক হৌক স্বৰ্গৰ ভূষণ॥ ২৭৪
এহি হৌক বুলি ফৌজে সমে কামদেৱ।
কৰিলা সপতে পড়ি কেশৱক সেৱ॥
উৰ্ব্বশী নামত নাৰী অতি ৰূপৱতী।
তাঙ্ক আগ কৰি সৱে গৈলা অম্ৰাৱতী॥ ২৭৫
আছন্ত বাসৱ বসি সুধৰ্ম্মা সভাত।
দশ-দিক-পাল দেৱ সব অসংখ্যাত॥
সবাকে শুনায়া বোলে ইন্দ্ৰক প্ৰণামি।
আজি মহা ভাগ্যেসে নিস্তৰি আইলো আমি॥ ২৭৬