পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৯৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নৱসিদ্ধ সংবাদ পুত্ৰৰ স্নেহত কৰিলা পবিত্ৰ | তোমাৰ মন শৰীৰ॥৪১৪ পৰম ভকত | মহামুনি আমি নপাইলো যিটো প্ৰসাদ। তোৰ। দুই পাইল। সিটো প্ৰসাদক | তোমাৰ আৰৰ বিষাদ। যাহাৰ চৰণ | ৰেণুকে নপান্ত আৰাধিয়া ব্ৰহ্মা হৰে। হেন জগতৰ | প্ৰভু পুত্ৰ হুয়া আছন্ত তোমাৰ ঘৰে॥৪১৫ সিটো ঈশ্বৰক সাক্ষাতে দেখা সাৱটা কতো স্নেহত। শয়ন ভোজন। একে লগে কৰা থাকা একে আসনত। কতো পুত্ৰ বুলি ধৰি শিৰ শুঙি | আনন্দত থাকা চাই। দ্ৰৰ হোৱে মন | জুড়ায় নয়ন | হোৱে পুলকিত কায়॥৪১৬ জগত ঈশ্বৰে। | পিতৃ মাতৃ বুলি | কৰন্ত অতি আলাপ। জন্ম নাহি আৰ। | তৰিলা সংসাৰ | ভেলাহা মহা নিষ্পাপ। শিশুপাল শাশ্ব। | পৌণ্ডক পুতনা | কেশী কংশ দৈত্য চয়। মহা বৈৰ ভাৱে চিন্তন্তে চিন্তন্তে দেখে মনে কৃষ্ণময় ১৪১৭