এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
শ্ৰীশঙ্কৰ মহাভাগৱত
দম্ভ অহঙ্কাৰ কৰিয়া মৰিয়া
পাইলেক পৰম গতি।
যিটো স্নেহ ভাৱে ভজে মাধৱক
কি কৈবো তাক সম্প্ৰতি॥
জানিবাহা কৃষ্ণ পৰম ঈশ্বৰ
এন্তে সনাতন হৰি।
মায়ায়ে মনুষ্য স্বভাৱ দেখান্ত
ঐশ্বৰ্য্যক ছন্ন কৰি। ৪১৮
তাহান চৰণ সেৱাতেসে জানা
সাধে সবে মহা সিদ্ধি।
কহিলো কৃষ্ণত দুনাই দুয়ো প্ৰাণী
নকৰিবা পুত্ৰ বুদ্ধি॥
যত মহা দৈত্য ৰাজা হুয়া ঐত
পৃথিবীৰ ভৈল ভাৰ।
তাহাক বধিতে ভৈল ভগৱন্ত
দৈৱকীত অৱতাৰ॥ ৪১৯
নিজ গুণ যশে জগত জুৰায়
আসি বৈকুণ্ঠৰ হন্তে।
ইহাৰ শ্ৰৱণ কীৰ্ত্তন কৰিয়া
তৰিবে সুখে মহন্তে॥
এতেক বুলিয়া নাৰদ লৰিলা
হাতে দিব্য বীণা বায়া।
হৃদয়ত কৃষ্ণ ৰূপ ধৰি সুখে
মুখে হৰি গুণ গায়া॥ ৪২০
শুনি বসুদৱ- দৈৱকী বিস্ময়ে
এড়িলা মোহ মনত।