ৰাইনা আৰু শিয়াল
ৰাইনা আৰু শিয়াল
(ন-পুৰণি সাধু)
সুৰেন গোস্বামী
আঁক-বাক
rāinā āru shiyāl
A collection of stories in Assamese by Suren Goswami, published by Saumitra Jogee on behalf of AANK-BAAK, House No 3, Bylane No. 5, Natun Saraniya, Gandhibasti, Guwahati-3, Assam, e-mail: aankbaak@gmail.com
website: www.aankbaak.com
'আঁক-বাক'ৰ বিক্ৰী কেন্দ্ৰ : সৰস্বতী মাৰ্কেট, যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী-৭৮১০০১
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, ২০২০
লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত
প্ৰকাশক অথবা স্বত্বাধিকাৰীৰ লিখিত অনুমতি অবিহনে এই গ্ৰন্থৰ কোনো অংশৰে কোনো ৰূপত ব্যৱহাৰ বা প্ৰতিলিপি কৰিব নোৱাৰিব, কোনো যান্ত্ৰিক উপায়েৰে (গ্ৰাফিক, বৈদ্যুতিন অথবা অন্য কোনো মাধ্যম, যেনে— ফটোষ্টেট, টেপ বা পুনৰুদ্ধাৰৰ সুযোগ সম্বলিত তথ্য সঞ্চয় কৰি ৰখাৰ কোনো পদ্ধতি) প্ৰতিলিপি কৰিব নোৱাৰিব, অথবা যিকোনো ডিস্ক, টেপ, পাৰ্ফোৰেটেড মেডিয়া বা কোনো তথ্য সংৰক্ষণৰ যান্ত্ৰিক পদ্ধতিৰে ব্যৱহাৰ কৰিব নোৱাৰিব। এই চৰ্ত উলংঘন কৰিলে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
ISBN : 978-93-85934-97-1
দাম : চল্লিছ টকা
অংগসজ্জা : উপমা বৰদলৈ
প্ৰচ্ছদ ছবি : চুছেন কলিতা
প্ৰচ্ছদ সজ্জা : সুমন দাস
আঁক-বাক, ৩/উপ-পথ নং ৫, নতুন শৰণীয়া, গান্ধীবস্তি, গুৱাহাটী-৩ৰ হৈ সৌমিত্ৰ যোগীৰ দ্বাৰা প্ৰকাশিত আৰু এড'ৰ গ্ৰাফিক্স, আৰ জি বৰুৱা ৰোড, গুৱাহাটী-৭৮১০২৪ত মুদ্ৰিত। লেখকৰ একাষাৰ
ল’ৰা-ছোৱালীয়ে সাধুকথা ভাল পায়। শিক্ষাত সাধুকথাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ১৯৫৫-৫৬ চনত আমি পঞ্চম শ্ৰেণীত থাকোঁতে আমাৰ গাঁৱৰ ভাগতী ডেকা নামৰ বয়সস্থ লোক এজনে আমাৰ গাঁৱৰ ঘৰলৈ আহি দৈনিক সাধুকথা শুনাইছিল। তেখেতক আমি জেঠা বুলি মাতিছিলোঁ। তেখেতে কোৱা সাধুবোৰৰে সাতটা সাধু মই সেই সময়ৰ পঞ্চমমনীয়া ভাষাজ্ঞানেৰে লিখি থৈছিলোঁ। সেই সময়ৰ পৰা সাধুবোৰ সাঁচি ৰাখি ১৯৭৮ চনত মই শিক্ষকতা কৰা সময়ত সাধুবোৰ পুনৰ যোগ-বিয়োগ কৰি ‘সাধুৰ জপা মেলিলো’ নামৰ এখন কিতাপ উলিয়ালোঁ। প্ৰকাশ কৰিছিল শিলপুখুৰীৰ জয়া প্ৰেছে। কম সংখ্যক ছপা কৰা, মাত্ৰ দুটকা দামৰ কিতাপখন কিছুদিনৰ ভিতৰতে শেষ হ'ল। পুনৰ ছপা কৰা নহ’ল। ৰসাল সাধুকেইটাৰ লগত মই নিজাকৈ আৰু কেইটামান নিজে ৰচনা কৰি আৰু এটা উড়িয়া সাধু যোগ কৰি মুঠ বাৰটা সাধুৰ কিতাপখন প্ৰস্তুত কৰা হ’ল। এজন প্ৰকাশকে নি তিনি বছৰমান পেলাই থ’লে। পাছত কিতাপখন ওভোতাই আনিলোঁ। অসমত পুথি প্ৰকাশ কৰাৰ সমস্যা অনেক। নিৰাশ মনে পেলাই থ’লোঁ।
অৱশেষত ২০১৭ চনত ‘আঁক-বাক’ৰ স্বত্বাধিকাৰ সৌমিত্ৰ যোগীক কথাটো কোৱাত তেওঁ প্ৰায় একেষাৰতে মান্তি হ'ল যদিও ততাতৈয়াকৈ তেৱোঁ প্ৰকাশ কৰিব নোৱাৰিলে। যি কি নহওক, যোগীৰ চেষ্টাতেই পুথিখনে বৰ্তমান ‘ৰাইনা আৰু শিয়াল’ নামেৰে পোহৰৰ বাট দেখিলে। আমি সৌমিত্ৰ যোগী আৰু তেওঁৰ কৰ্মীবৃন্দলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
বহুত আশাৰে বাট চায়ো মোৰ পত্নী প্ৰয়াত কমলা গোস্বামীয়ে পুথিখন দেখা নাপালে। ২০১১ চনৰ ২৯ নৱেম্বৰত তেওঁ আকস্মিক ইহলীলা সম্বৰণ কৰিলে। পুথিখন মই তেওঁৰে স্মৃতিত অৰ্পণ কৰিলোঁ।
সুহৃদ পাঠকে, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে পুথিখন আঁকোৱালি ল'লে এই লেখক ধন্য হ'ব।
সুৰেন গোস্বামী
লেখক-সংগ্ৰাহক
সূচীপত্র।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।