প্ৰতিশোধৰ কল
দত্ত আৰু শইকীয়া নামৰ দুজন বন্ধু আছিল। দুয়োজনৰে ঘৰ ওচৰা-উচৰি। দুয়োজন এনে নলে-গলে লগা বন্ধু যে ডিঙিত ভাত এটা লাগিলেও এজনে আনজনক কয়। নতুন বস্তু পালেই দুয়োটা পৰিয়ালে ভগাই খায়। এদিন দুয়োজন বন্ধু এখন গাঁৱলৈ ফুৰিবলৈ গৈছিল। তাতে তেওঁলোকে এঘৰ মানুহত ভাল জাহাজী কল দেখি তাৰে দুটা পুলি তেওঁলোকেও সঁচ হিচাপে আনিলে। দুয়োজনে দুয়োটা পুলি দুয়োঘৰৰ চৌহদত লগালে।
সময়ত কলগছ ডাঙৰ হৈ উঠিল। পিছে দত্তৰ কলঠোক আগেয়ে মলিয়ালে। কল ডাঙৰ হ'লত কাটিবৰ হ'ল। পকো পকো হওঁতেই দত্তই কলঠোক কাটি আনি ঘৈণীয়েকক ক'লে— ‘হেৰি নহয়, কলৰ ঠোকবোৰ বৰ ডাঙৰ হৈছেহে! বাৰ আখি কল আছে। আমিনো কিমান খাম? শইকীয়াৰ ঘৰতো দুআখি দিয়া ভাল।' ঘৈণীয়েকে ক'লে— ‘এৰা, নিদিলেনো হ'বনে, মই পঠিয়াই দিম দিয়া, তুমি চিন্তা কৰিব নালাগে।"
দত্তনীয়ে হিচাপ কৰি পালে— শইকীয়াৰ ঘৰত চাৰিজন মানুহ— পতি-পত্নী, ল'ৰা এটা আৰু বনকৰা ছোৱালীজনী। নাম মালতী। সন্ধিয়া দত্তৰ ঘৈণীয়েকে তেওঁৰ ঘৰত কাম কৰা ছোৱালীৰ হাতত ঠোকটোৰ পৰা ছিঙি আঠটা কল দি ক’লে— ‘এইকেইটা শইকীয়াৰ ঘৰত দি আহচোন। চাৰিটাহে প্ৰাণী, গাইপতি দুটাকৈ খাব আৰু!' ছোৱালীজনীয়ে সেইমতে কলকেইটা দি আহিল। সন্ধিয়া শইকীয়া ঘৰলৈ অহাৰ পাছত ঘৈণীয়েকে চাহ-বিস্কুটৰ লগতে কল দুটাও শইকীয়াক খাবলৈ দিলে আৰু ক'লে— ‘আজি দত্তনীয়ে কল পঠিয়াইছিল, বাৰীৰে বোলে। কলকেইটা কিন্তু ভালেই হৈছে। আমাৰ ঠোকো মলিয়াইছে হ’লে। কি হয় জানো!' শইকীয়াই কলৰ বাকলি গুচাই একামোৰ খায়েই ক'লে— 'বাঃ, বৰ সোৱাদহে! আমাৰ জোপাও এনেকুৱাই হ'ব আৰু। সঁচটো ভালেই আছিলতো!'
এমাহমান পাছত শইকীয়াৰ কলঠোকো পাৰিবৰ হ'ল। গুৰিৰ ফালে দুই-এটা কল অলপ হালধীয়া বৰণ ধৰাত শইকীয়াই কাটি আনিলে। এই ঠোক কলতো প্ৰায় বাৰ আখি কল আছিল। আখিবোৰ কাটি শইকীয়াই ঘৈণীয়েকক ক’লে— ‘হেৰা,
৪৬