সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বুদ্ধিৰ বল

এজনী বুঢ়ীৰ দুজন পুতেক আছিল। বুঢ়ীৰ অৱস্থা অতি বেয়া আছিল বাবে পুতেক দুজনক শিক্ষা-দীক্ষা দিব নোৱাৰি এজন শিক্ষকৰ ওচৰত থ'বলৈ ইচ্ছা কৰিলে। এদিন তাই পুতেক দুজনক লৈ গৈ শিক্ষকৰ ওচৰ পালে আৰু ক'লে – ‘বোপা মই বৰ দুখীয়া তিৰোতা। এই ল'ৰা দুটাক শিক্ষা-দীক্ষা দিবলৈ মোৰ সম্বল নাই। গতিকে ইহঁতক তুমিয়ে ৰাখি ভালদৰে শিকাই-বুজাই মানুহ কৰা। ইয়াৰ বিনিময়ত মই তোমাক কোনো ধন-বিত দিব নোৱাৰোঁ। সেয়েহে সিহঁত মানুহ হ'লে এজনক তুমি ৰাখিবা আৰু আনজনক মোক দিবা।'
 বুঢ়ীৰ অনুৰোধত শিক্ষকে ল'ৰা দুজনক ৰাখিবলৈ মান্তি হ'ল। সিদিনাৰেপৰা দুয়োজনে শিক্ষকৰ ঘৰত থাকি শিক্ষা ল'বলৈ ধৰিলে। শিক্ষকে সিহঁতক তন্ত্ৰ- মন্ত্ৰৰ শিক্ষা দিলে। সৰু ল'ৰাজন আছিল বুদ্ধিত বৰ চোকা। শিক্ষকে যিহকে শিকায় তাকে সি তপৰাই আয়ত্ত কৰি লয়। অলপ দিনৰ ভিতৰতে সি শিক্ষকৰপৰা সকলো তন্ত্ৰ-মন্ত্ৰ শিকি পণ্ডিত হৈ পৰিল। শিক্ষক বৰ সন্তুষ্ট হ'ল। কিন্তু ডাঙৰ ল'ৰাজন সিমান বুধিয়ক নাছিল। তাক লৈ শিক্ষক হায়ৰান হ'ল। তেওঁ ভাবিলে এইজনকে বুঢ়ীক গতাই দি তেওঁ সৰুজনক ৰাখিব। বুধিয়ক সৰু ল'ৰাজনে শিক্ষকৰ এই আঁচনিৰ কথা গম পালে। সি ভাবিলে যে যদি সি মাকৰ লগত নাথাকে, তেন্তে মাক বৰ বিপদত পৰিব। সেয়ে সি এদিন মাকৰ ওচৰলৈ গৈ সকলো কথা ক'লে আৰু মাকক খাটনি ধৰিলে যাতে মাকে তাকহে ৰাখিব বুলি শিক্ষকৰ ওচৰত জোৰ দিয়ে। সেইমতে এদিন বুঢ়ী শিক্ষকৰ ওচৰলৈ আহি ক’লে, 'বোপা, তুমি মোৰ ল'ৰা দুটাক মানুহ কৰিলা৷ গতিকে মই তোমাক ডাঙৰ ল'ৰাটোকে ৰখাৰ বাবে অনুৰোধ কৰিলোঁ। সৰু ল'ৰাটোকে মই লৈ যাওঁ।' শিক্ষকে ক'লে, ‘নহয় আইতা। ডাঙৰটোকে তুমি নিয়া। সি তোমাক সকলো কামতে সহায় কৰিব পাৰিব। সৰু ল'ৰাটোৱে ঘৰুৱা কাম- বন কৰিব পৰা হোৱা নাই।'

১১