সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাকী থকা হাবিকণতো সিহঁতৰ চকু পৰিছে। আমি আৰু সহ্য নকৰোঁ। সিহঁতকে খেতি-ঘৰ উচন কৰি অঘৰী কৰিহে এৰিম।' হৰিণা এটাই তেতিয়া ক'লে— 'হাতীকাই, তোমাৰ গাত বল আছে, তেনে কৰিব পাৰিবা। কিন্তু আমি কি কৰোঁ? আমাক জংঘলতে সিহঁতে মাৰি খায়। আকৌ গাঁৱলৈ গ'লে জানো আমাক শুদাই এৰিব? আমাৰ ক'তো নিস্তাৰ নাই। গতিকে আমি অন্য ঠাইলৈ যোৱাহে ভাল হ'ব।' তাকে শুনি শিয়াল এটাই ভেঁকাহি মাৰি ক'লে— ‘তই কলৈ যাবি অ’ ফুটুকী? পাহাৰলৈ? তাতো নাপাবি তোৰ স্থান। গোটেইখন সিহঁতে দখল কৰিছে। মই ৰাতি হাঁহ-কুকুৰা বিচাৰি বিচাৰি গোটেই সংসাৰ তহিলং কৰিলোঁ। ক'তো ম‍ই লুকাবলৈকে অলপ বন নাই। এনেস্থলত আন ঠাইত নিৰাপত্তা পাবি?' বনগাহৰি এটাই থিয় হৈ ক'লে— ‘শিয়াল পেহাই কোৱা কথাটো মিছা নহয় তথাপি ইয়াত থকাটো সমীচীন নহয়। মই ভাবিছোঁ, আমি মানুহৰ মাজলৈ গৈ জংঘলী বেশ এৰি যদি সিহঁতৰ ঘৰচীয়া বেশ ধৰোঁ, তেহে কিজানি সকাহ পাম। গাহৰিৰ কথা শুনি নেউল এটাই ধেকধেককৈ হাঁহি তিনি লুটি মাৰিলে। সকলোৱে তাৰ ফালে চালে। নেউলে ক’লে— ‘ঐ বনগাহৰি! তই মানুহৰ ঘৰলৈ গৈ ঘৰচীয়া হ’বি? এতিয়াৰ ঘৰচীয়া গাহৰিবোৰক দেখা পোৱা নাইতো! সেইকাৰণে তোৰ তেলৰ কামোৰ উঠিছে। তহঁতকো সিহঁতে খাব বাপ্পেকে। গৰম লোহা পেটত ভৰাই দি, গোটে গোটে জুইত পুৰি তহঁতৰ মাংস খাব। তেনে অত্যাচাৰত মৰিবলৈ তোৰ তেলে কামুৰিছে হ’বলা!' এইবুলি কৈ সি আকৌ হাঁহিবলৈ ধৰিলে। এনেদৰে যেয়ে যি পাৰে মতামত দিলে যদিও কোনো উপায়ৰ সিদ্ধান্ত নোলাল বাঘিনীয়ে শেষত ক'লে— ‘তহঁতে কি কৰ ভাবি চা। মই কিন্তু পোৱালিকেইটাক লৈ বৰ্তমান ক’লৈকো যাব নোৱাৰোঁ। দেখা যাওক পৰিস্থিতি কি হয়। এইটো ঠিক যে মোৰ পোৱালিৰ কিবা এটা হ'লে ম‍ই কিন্তু দুঠেঙীয়াক ক্ষমা নকৰিম।' হাতীয়ে ক'লে— ‘তহঁতে যি কৰ কৰি থাক। আমি কিন্তু আৰু সহ্য নকৰোঁ। এই জংঘল কাটি খেতি কৰিবতো নিদিওঁৱেই, আনকি সিহঁতক গাঁও-চহৰত থকাৰ মুদাও মাৰিম।' এইবুলি সি বেগাই প্ৰস্থান কৰিলে। সেইদিনাই সন্ধিয়া হাতীটোৱে লগত এজাক হাতী লৈ গাঁৱত সোমাল, মানুহৰ খেতি-বাৰী খাই তহিলং কৰিলে। ঘৰ-দুৱাৰ ভাঙিও ভিতৰত থকা চাউল, দালি, তৰকাৰী-পাচলি আদি খাই গাঁও উচন কৰিলে। গাঁওবাসীৰ মাজত হুৱা-দুৱা লাগিল। হাতী খেদিবলৈ কোনোৱে জুইৰ জোঁৰ লৈ দৌৰিছে, কোনোবাই ফটকা ফুটাইছে, টিন-বৰকাঁহ বজাইছে, চিঞৰ-বাখৰ কৰিছে। পিছে হাতীয়ে সেইবোৰক কেৰেপেই