সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সত্যৰ ধন অসত্যৰ ছন

এসময়ত এজন ৰজা আছিল। তেওঁ বৰ দয়ালু আৰু দানী আছিল। ৰজাৰ মানত ধনী, দুখীয়া, উচ্চ-নীচ সকলো সমান। কাকো অন্যায় নকৰে, দোষীক সমানে শাস্তি দিয়ে। সেইকাৰণে প্ৰজাই তেওঁক বৰ শ্ৰদ্ধা কৰে।
 ৰজাৰ ওচৰত ভিক্ষা কৰিলে কাকো বিমুখ নকৰে। সেইকাৰণে দেশৰ নানান ঠাইৰপৰা ভিক্ষাৰী আহি ৰজাৰ ওচৰত ভিক্ষা মাগে। ৰজাই কিন্তু নিজ হাতেৰে ভিক্ষা নিদি এখন কাগজত কিমান পৰিমাণৰ ভিক্ষা দিব লাগে, সেই কথা লিখি ভিক্ষাৰীজনক ধনভঁৰালীৰ ওচৰলৈ পঠিয়াই দিয়ে। তেনেকৈয়ে ভিক্ষা লৈ ভিক্ষাৰীয়ে ৰজাক আশীৰ্বাদ দি গুচি যায়।
 এদিন এজন ছালছিগা ভিকহুৰ কাণত ৰজাৰ এই মহানতাৰ কথা পৰিল। সিও এদিন গৈ ৰজাৰ ওচৰত ভিক্ষা মগাৰ মন কৰিলে। কিন্তু তাৰ সমস্যা হ’ল সি আশীৰ্বাদ দিব নাজানে। সেইকাৰণে সি এজন মানুহক সুধিলে কেনেকৈ আশীৰ্বাদ দিব লাগে। মানুহজনে তাক উপলুঙা কৰি ক’লে— ‘আশীৰ্বাদ দিব খোজ যদি ক’বি, মহাৰাজ সত্যৰ ধন অসত্যৰ ছন’।
 ভিক্ষাৰীজনে সেইটোকে আশীৰ্বাদ বুলি ভাবি ৰজাৰ ওচৰলৈ গৈ ভিক্ষা মাগিলে আৰু ক'লে— ‘মহাৰাজ সত্যৰ ধন অসত্যৰ ছন।'
 ৰজাই শুনি আচৰিত হ'ল। ই এটা নতুন কথা। তেওঁ অলপ সময় ভাবি এটুকুৰা কাগজত অন্য ভিক্ষাৰীক দিয়াতকৈও বেছিকৈ ধন লিখি ধনভঁৰালীলৈ পঠিয়ালে। ধনভঁৰালীৰপৰা ধন লৈ সি মহা আনন্দেৰে গ'ল। গৈ থাকোঁতে বাটতে দুজন মানুহে তাক সুধিলে যে ৰজাই তাক কিমান ধন দিলে। ভিক্ষাৰীজন, আছিল একেবাৰে হোজা। সি কোনো লুক-ঢাক নকৰাকৈ আচল কথা কৈ দিলে। সিহঁতে শুনি অবাক হ'ল যে ইমান ধনতো ৰজাই আগতে কোনো ভিক্ষাৰীক দিয়া শুনা নাই। দুয়োজনৰে বৰ হিংসা লাগিল যদিও মনৰ কথা মনতে লুকুৱাই ভিক্ষাৰীজনক পিছদিনাও ভিক্ষা মাগিবলৈ পৰামৰ্শ দিলে।

২০