সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিৰ্ধাৰণ কৰা হ'ল। আৰম্ভ হ'ল এফালৰপৰা গছ-গছনি কাটি তহিলং কৰাৰ কাম। হাবি কাটি কাটি মানুহবোৰ এখন গভীৰ অৰণ্যৰ কাষ পালে। তাতেই আছিল বাঘিনীৰ বাসস্থান। তাই মানুহৰ হুলস্থুল পাই লগে লগে পোৱালিকেইটাক আঁতৰ কৰি নি দূৰৰ জোপোহাৰ মাজত লুকুৱাই থ'লে। তাৰ পাছত সন্তৰ্পণে বহাৰ ভংগীমাত আগ ঠেং দুখনেৰে চুঁচৰি জোপোহাৰ আঁৰে আঁৰে আগবাঢ়িল। প্ৰতিশোধৰ দাবানল তাইৰ চকুত জ্বলি উঠিল। মানুহবোৰ আগবাঢ়ি তাইৰ বাসস্থানৰ কাষ পাওঁতেই একেজাঁপে আহি ধৰিলে এজনক। বাঘিনীৰ মূৰ্তি দেখি বাকীবোৰে হাত দা-কুঠাৰ থিতাতে দলিয়াই ‘খালে ঔ, খালে ঔ কৈ মাৰিলে ওভতনি দৌৰ।

 থৰহৰি কম্পমান হৈ গাঁও পাই প্ৰত্যেকে নিজকে চাবলৈ ধৰিলে নিজে জীৱিত আছে নে বাঘে খালে। অলপ পাছতে হৰকান্তই সৰ্ব শৰীৰত তেজৰ ডোঙা লৈ কোনোমতে চুঁচৰি-বাগৰি আহি সেইখিনি পালে। সি খবৰ দিলে যে বুদু বায়নক বাঘে খালে। তাক বচাবলৈ যাওঁতে বাঘে তাকো আক্ৰমণ কৰি এনে দশা কৰিলে। সি কোনোমতেহে প্ৰাণটো বচাই সেইখিনি পালে।

 ইতিমধ্যে মেকুৰীটোৱেও জংঘলৰপৰা আহি ঘৰৰ এচুকত ৰৈ থাকি মানুহবোৰৰ গঢ়-গতি চাই আছিল। সি মনতে ভাবিলে ‘হৰকান্ত কাই! অলপ গাখীৰ খোৱা, ভজা মাছৰ কাঁইট কেইডালমানো চোবোৱা, গাত বল পালে জংঘলৰ মাটি দখল কৰিব পাৰিবা।'

৫৯